সময় সলনি হৈছে -জয়শ্ৰী হাতীমুৰিয়া

©Admin
0
সেইদিনা 
এখেতৰ লগত বজাৰ গৈছিলো
হঠাৎ আঁতৰৰ পৰা 
তোমাক দেখা পালো।
তুমি কিবা কিনি আছিলা 
তোমাৰ কণমানি
 ইমু জনীৰ লগত ।।
সময় সলনি হৈছে 
মাতিম নামাতিম ভাবি থাকোঁতে 
মোৰ ল'ৰাই তোমাৰ ছোৱালীক
 মাত লগালে ' অই নেমু ' বুলি 
তাইক স্কুলত 
জোকোৱা নাম টো দি 
দৌৰ মাৰি ইমু‌ ওচৰত 
মোক চিনাকি কৰাইছিল 
আৰু তোমাৰ লগতো ,
কি যে সময় এটিয়া
আমি দুয়ো 

 অচিনাকি দৰে ।।
অচিনাকিৰ দৰে
 ল'ৰা ছোৱালী
দুটাৰ মাজত 
আমি দুইও বন্ধুত্বৰ
দৰে এটা পৱিত্ৰ সম্পৰ্কত 
সোমায় পৰিছোঁ ।।
সময় সলনি হৈছে
এতিয়া যে
 তুমি আৰু 
মোৰ মানুহ জনৰ সৈতে
ইমান ভাল বন্ধু ।
ভাবি ভাল লাগে 
তোমালোক দুইটা আৰু মই 
আমি একে লগে
এটা ভাল বন্ধুত্বৰ বান্ধোন
আগুৱাই নিব পাৰিছোঁ ।।

                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)