পকামুৰা পথাৰৰ বাৰেচহৰীয়া আৰু মই -বসন্ত ওজা

©Admin
0
শৈশৱ কৈশোৰৰ পৰাই
শুনি আছিলো মই
    পকামুৰা পথাৰ হেনো
      বাৰেচহৰীয়াৰ স্থলী ।
শুনি থাঁকোতে থাঁকোতে
ঘড়ীয়ে টিক টিক কৰি
         বহু সময় নিলে ঠেলি ।।
এইবাৰ ভাবিলো মনত
গুপ্তকাশীৰ বুকুৰ পৰা
      পকামুৰা পথাৰলৈ যাম ।
বাৰ চহৰৰ পৰা অহা
বাৰখন নাটৰ ভাওনা
      অতি হেঁপাহেৰে চাম ।।
সেই সিদ্ধান্ত লৈয়েই
নিশা বিশ্বনাথ এৰি
    পকামুৰা পথাৰলৈ গ'লো ।
শত শত জনতাৰ
পদধূলা শিৰত লৈ
     মই তাৰ সেৱকী হ'লো ।।
অসমৰ দশোদিশৰ
ভক্তপ্ৰাণ জনগণে
    পকামুৰাত লগালেহি ভীৰ ।
একান্ত ভকতিত
নিমজ্জিত হৈ মোৰ
    নিগৰিল নয়নৰ নীৰ ।।
প্ৰৱেশ দ্বাৰেৰে মঞ্চত
প্ৰৱেশি দেখা পালো
  উঠিছে গায়ন বায়নৰ জোৰা ।
খোল তাল দেৱবাদ্যৰ
শবদেৰে মুখৰিত হ'ল
     প্ৰসিদ্ধ পথাৰ পকামুৰা ।।
এক দুই তিনি কৰি
পঁজাৰ ক্ৰম অনুসৰি
     ৰঙ বৰণৰ ভাৱৰীয়া চাই ।
ভাবিছো পুনৰ আহিম
এই পকামুৰালৈ
     বাৰেচহৰীয়াৰ গীত গায় ।।
ভাৰত আৰু অসমৰ
ইতিহাসৰ পৃষ্ঠাত
      নাই কোনো দলিলৰ লিখা ।
তথাপিতো পকামুৰাত
জামুগুৰিৰ জনতাই
     ৰাখিছে ধৰি কৃষ্টিৰ শিখা ।।
মোৰ কলমৰ কলপেৰে
এই বাৰেচহৰীয়াৰ
   লিখিম সাতোবৰণৰ গান ।
গুপ্তকাশী বিশ্বনাথৰ
বুঢ়ালুইতৰ পাৰত ৰৈ ।
   আয়োজক সমিতিলৈ
     সশ্ৰদ্ধ প্ৰণাম ।।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)