কেনে যোদ্ধা তই? -ফাৰুক হুছেইন

©Admin
0
ভয় পাই পলাই গ'লি,
পৰাজয়ৰ মালা ডিঙিত ল'লি;
কোন স'তে কোৱা বাৰম্বাৰ,
"দেশ মাতৃ কেৱল মাত্ৰ আমাৰ" ;
তোৰ লজ্জা জানো নাই,
কেনে যোদ্ধা তই যাৱ পলাই ?

চুক্তি পত্ৰত স্বাক্ষৰ কৰি,
নিজৰ প্ৰয়োজন সিদ্ধি কৰি;
সন্মূখত ৰণৰ আবাস পাই,
কেনেকৈ নো থাক মুখ ঘূৰাই;
দেশৰ প্ৰতি তোৰ কোনো দায়িত্ব নাই,
কেনে যোদ্ধা তই যাৱ পলাই ?

বিপদ যেতিয়া নাছিল দেশত,
আহিছিলি সৈনিকৰ বেশত;
সুৰক্ষা দিবি বুলি কৰিলি পণ,
বিশ্বাস কৰিলে নীৰিহ জনগণ;
মোটা অঙ্কৰ দৰমহা লই,
কেনে যোদ্ধা যাৱ পলাই তই?

সৈনিক হ'বলৈ তই হ'লি অক্ষম, 
দেশদ্ৰোহীৰ সীমা কৰি অতিক্ৰম ;
নিজকে বচাই বুৰাই দিলি দেশ,
মিৰ্জাফৰ হৈ ক্ষমতা পালি বেছ;
দেশৰ কথা ভাবিবলৈ আহৰিয়ে নাই,
কেনে যোদ্ধা তই যাৱ পলাই ?

         ✍️ফাৰুক হুছেইন
         হাউলী,বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)