হেৰাই চোতালৰ জোনাক
নুফুলে হেঁপাহৰ ফুল
ফুলনি শুৱাই।
অস্থিৰতাত গলিব ধৰে
বেদনাসিক্ত অনুভৱবোৰ
দুখৰ কবিতা হৈ।
বিষাদগ্ৰস্ত হৃদয়
বানাক্ৰান্ত হয়
চকুলোৰে ঢল বোৱাই।
এজাক চেঁচা বৰষুণে
আপোচ বিহীনতাৰে
কলিজা কঁপায়।
মনটো হতাশাগ্ৰস্ত হ'লেই
ওঁঠৰ হাঁহি হেৰাই
হেৰাই মুখৰ ভাষা
হেৰাই জীৱনৰ ছন্দ,তাল,লয়
হৈ পৰে জীৱনটো অভিশপ্ত।
কেতিয়াবা
বৰদৈচিলাই যেন
তচ্ নচ্ কৰে সকলো--!
অস্থিৰতাত হেৰাই বাটৰ ঠিকনা
দুচকুত প্ৰতিফলিত হয়
চাহাৰাৰ বালিচৰৰ তৃষ্ণাতুৰ পথিকৰ
মাথোঁ মৰীচিকা---মাথোঁ মৰীচিকা...।
✍️আয়নাল চৌধুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ