ভালে আছো মই -পম্পী দুৱৰা

©Admin
0
ম'বাইলৰ নেটৱৰ্কৰ দৰে ফুল স্পীডত চলি আছে মোৰ জীৱন,                
এই হাঁহিছো, এই ভাগৰি পৰিছো।       
তাৰ মাজতে কোনোবাই যদি সোধে—কি খবৰ ?      
মুখত এটা হাঁহি পিন্ধি উত্তৰ দিছো, "ভালে আছো মই।"  
এই ভালে আছো টোৰ গভীৰতা খিনি কোনেও নুবুজে ,
 মাথো মই জানো কিমান ভালে আছো। 
কত আশা, সপোনক সমাধিস্থ কৰি 
কেনে এক যন্ত্ৰণাকাতৰ বাস্তৱত লীন হৈ আছো মই জানো। 
তথাপিও আনক দেখুৱাই ওঁঠৰ ফাকত পিন্ধি লৈছো এটা হাঁহি, 
পিন্ধি লৈছো সুখী মানুহৰ মুখা।
 সদায় দিয়াৰ দৰে সকলোকে নিঃসংকোচে উত্তৰ দিছো "মই ভালে আছো"।    
                                   
           ✍️ পম্পী দুৱৰা;নামতি, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)