কাষত বিচাৰিলোঁ তোমাক
তুমি কোন বাটে গ'লা গমকে নাপালোঁ !
স্নিগ্ধ সন্ধ্যা মাতিছিলোঁ তোমাক
তুমি অন্য মনস্ক হৈ ৰ'লা
অচিনাকি ভাবেৰে গুচি গ'লা দূৰলৈ।
স্নিগ্ধ সৌৰভ কোচ ভৰাই লৈছিলোঁ
স্নেহৰ উপহাৰ দিবলৈ
সেই দিনাও কাষত নাপালোঁ তোমাক !
স্নিগ্ধ পুৱা আদৰিবলৈ বাট চাই আছিলোঁ
তুমি ধ্যান মগ্ন হৈ ৰ'লা
এবাৰো উভতি নাচালা মোক ।
আবেগ সামৰি থৈ আহিবা এদিন
স্নিগ্ধ আকাশৰ তলত বহি
হেঁপাহ পলুৱাই জীৱনৰ কাহিনী শুনাম ।
স্নিগ্ধ বতাহ বলিলে মাতিম
আশাৰ স্বপ্ন উজাৰিম
আহিবা নিঃসংগ জীৱন পোহৰাবলৈ ।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ