তুমি কাষত নাথাকিলে -যদুমণি গগৈ

©Admin
0
সময় আগবাঢ়ে দূৰন্ত গতিত
পাহৰি যায় চিন্তা ভাৱনা কৰোঁতে
পিছফালৰ পৰা মাতে কোনোবাই
সবিতাই নিলিখে কবিতা
তুমি কাষত নাথাকিলে - - -

উতনুৱা ফাগুনত পলাশ শিমলু ফুলে
হৃদয় আলোড়িত নহয়
ধুলিয়ৰি বাটত পিছলি
কবিতা পৃষ্ঠা হেৰায়
তুমি কাষত নাথাকিলে- - -

পছোৱা জাকত শুকান পাতবোৰে
চকৰি খেলে
ডালত পক্ষীৰ গান বাজে
সৰাপাতে উচুপি কান্দে
তুমি কাষত নাথাকিলে - - -

শব্দ শেলে বুকু বিন্ধে
ৰুগ্ন কবিতাত নুশুকুৱা ঘা গজে
এতিয়া কি স'তে কবি‌য়ে কবিতা লিখে
তুমি কাষত নাথাকিলে- - - ।

       ✍️যদুমণি গগৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)