বিশিষ্ট সংগীত শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক ড° বীৰেন্দ্ৰ নাথ দত্ত-চিন্ময় ডেকা

©Admin
0
ড° বীৰেন্দ্ৰ নাথ দত্ত এগৰাকী শিক্ষাবিদ, বুদ্ধিজীৱী, লোক কলাৰ গৱেষক তথা লোকসংগীত শিল্পীৰে জনমানসত সকলোৰে আপোন। তেখেতৰ জন্ম হৈছিল ১৯৩৫, চনৰ ০৪ নবেম্বৰ মাহৰ নগাঁও জিলাত। পিতৃ আৰু মাতৃ ক্ৰমে, কল্পনাথ দত্ত আৰু মন্দাকিনী দত্ত। তেখেতে প্ৰাথমিক শিক্ষা গুৱাহাটীৰ চেনিকুঠি প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি গোৱালপাৰা জিলাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। পৰবৰ্তী উচ্চ শিক্ষা লাভৰ বাবে শান্তিনিকেতন বিশ্বভাৰতীৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। (A study of the folk culture of Goalpara District) "গোৱালপাৰা জিলাৰ লোক সংস্কৃতি" বিষয়ত গৱেষণা কৰি পি.এইচ.ডি ডিগ্ৰী লাভ কৰি 'বি বৰুৱা মহাবিদ্যালয়ত শিক্ষা প্ৰদান কৰি বিভিন্ন কলেজত তেখেতে অধ্যাপনা কৰিছিল। পৰৱৰ্তী পাৰ্যায়ত ১৯৯৫, চনত তেজপুৰ বিশ্ববিদ্যালয়ত "ফোৰ্ড ফাউণ্ডেচনৰ অৰ্থ সাহায্যত নৰ্থ-ইষ্টাৰ্ন আৰ্কাইভেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ফৌকল" ৰ (NEACTAF) প্ৰতিষ্ঠা কৰি নৱপ্ৰজন্মৰ গুণগত শিক্ষাৰ ক্ষেত্রত অধিক গুৰুত্ব প্রদান কৰিছিল।
                            অসমীয়া সাহিত্য সংস্কৃতিৰ জগতখনত তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিৰে মহীয়ান কৰি তুলিছে। প্ৰথমখন প্ৰবন্ধ সংকলন 'সংগীতৰ' বিষয়ে, 'অসমীয়া সংগীতৰ ঐতিহ্য' নামৰ কিতাপখন অসম সাহিত্য সভাই ১৯৭৭ চনত লগতে লোক সংস্কৃতি আৰু পৰিৱেশ্য কলাৰ সম্পৰ্কে কেইবাখনো গ্ৰন্থ অনুবাদ কৰিছে। তদুপৰি, তেখেতৰ আন এখন উল্লেখযোগ্য কিতাপ হৈছে "Folkloric Foragings" লগতে অসম প্ৰকাশন পৰিষদে ২০১২, চনৰ মে' মাহত বীৰেন্দ্ৰনাথ দত্ত ৰচিত নিৰ্বাচিত 'ৰচনা' নামৰ কিতাপখন প্ৰকাশ কৰি উলিয়াইছে। 'Cultural Contours of Northeast India' নামৰ এখন গ্ৰন্থ অক্সফৰ্ড ইউনিভার্ছিটিয়ে, প্ৰকাশ কৰি উলিয়াইছে। তেখেতে ২০০৯ চনত "সাহিত্য আৰু শিক্ষা"ৰ ক্ষেত্ৰত ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক পদ্মশ্ৰী সন্মান, ২০১০ চনত জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰিছিল। ড° বীৰেন্দ্ৰনাথ দত্তই ২০০৩ চনত উত্তৰ লখিমপুৰ আৰু ২০০৪ চনৰ হোজাই 'অসম সাহিত্য সভা' অধিৱেশনৰ সভাপতিত্বৰ আশন অলংকৃত কৰিছিল। তেখেতৰ পদাংক অনুসৰণ কৰি আমাৰ দৰে নৱপ্ৰজন্মই সদায় আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ হ'ব লাগিব। 

✍️চিন্ময় ডেকা, জলাহ টংলা ওদালগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)