কুইন অৱ কাট'ৱে -চুমিন্দ্ৰ চৌধুৰী

©Admin
0
"বালিকা  অহম্ বালিকা নৱ যুগ জনিতা অহম্ বালিকা। 
নাহম্বলা দূৰ্বলা আদিশক্তি অহমম্বিকা।।"

    অৰ্থাত মই এজনী বালিকা, আধুনিক যুগৰ বালিকা। মই অবলা তথা দূৰ্বলা নহয়। ময়েই আদিশক্তি, ময়েই অম্বিকা। 
   উগাণ্ডাৰ ৰাজধানী কাম্পালাৰ  দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সমুহে বসবাস কৰা  কাট'ৱে নামৰ অপৰাধ প্ৰৱণ নিষিদ্ধ বস্তি এলেকাত হেৰিয়েট মুটেছি নামৰ এগৰাকী বিধবা মানুহে নিজৰ চাৰিটা শিশুৰ সতে এটা ভঙাচিঙা জুপুৰিত জীৱন যাপন কৰিছিল। ২০০৫ চনত এইডছ ৰোগত আক্ৰান্ত হৈ স্বামী আৰু ডাঙৰ জীয়ৰী জুলিয়েটৰ অকাল মৃত্যুৰ পাছত দুজনী কন্যা নাইট আৰু ফিয়োনাৰ লগতে  এমাডিমা ল'ৰা ব্ৰায়ান আৰু ৰিছাৰ্ডক বুকুত বান্ধি হেৰিয়েটে অতি কষ্টৰে পৰিয়ালটোক পোহপাল দিছিল । আৰ্থিক সংকটত বিধস্ত হৈ পৰা পৰিয়ালটোৰ এবেলা খালে আনবেলালৈ খাবলৈ নুজুৰিছিল ।মুঠৰ ওপৰত স্বামীৰ আকাল মৃত্যুৰ পাছত হেৰিয়েটৰ মুৰত আকাশী স্বৰগ ভাঙি পৰিছিল। তথাপিও হেৰিয়েটে যেন নিয়তিৰ ওচৰত হাৰ মানিব বিচৰা নাছিল। দৃঢ় মনা আৰু পৰিশ্ৰমী  হেৰিয়েটে পৰিয়ালটোৰ পোহপালৰ বাবে নিতৌ পুৱা দোকমোকালিতে এমডিমা ল'ৰা কেইটাক নাইট আৰু ফিয়োনাৰ হাতত গটাই দহ কিলোমিটাৰ মান দূৰৰ এখন  গাঁৱলৈ খোজকাঢ়ি গৈছিল ।  গাঁওখনৰ পৰা বেঙেনা, মাকৈ, ৰঙালাও আৰু আলু আদি পাছলি সংগ্ৰহ কৰি আনি তেওঁ  কাম্পালাৰ বজাৰত বেপাৰ কৰিছিল । ষোড়শী নাইট আছিল চঞ্চল স্বভাৱৰ। মাক নথকাৰ সুযোগ লৈ তাইতকৈ বয়সত যঠেষ্ট সৰু ফিয়োনাৰ হাতত ব্ৰায়ান আৰু ৰিছাৰ্ডক গটাই নিজৰ প্ৰেমিকৰ সতে দিনটো পিতপিতাই ঘুৰি ফুৰিছিল । কেতিয়াবা মাকে নাইটক তাকে লৈ গালি শপনি পাৰিলে তাই কেবাদিনলৈ ঘৰলৈ উভতি নাহিছিল । এফালে জুৰুলা হৈ পৰা আৰ্থিক অৱস্থা আৰু আনফালে ঘৰুৱা অশান্তিৰ বাবে ফিয়োনা আৰু ব্ৰায়ানে স্কুলৰ মুখেই দেখা নাছিল। লাহে লাহে ফিয়োনা আৰু ব্ৰায়ান ডাঙৰ হৈ মাকক কাম্পালাৰ বজাৰত পাছলি আৰু মাকৈ বিক্রী কৰা কামত সহায় কৰিব লৈছিল । 
     সেয়া ২০০৭চন মানৰ কথা হ'ব । ফিয়োনাৰ বয়স তেতিয়া ন'বছৰ আৰু ব্ৰায়ান সাত বছৰৰ ওচৰা ওচৰি  হ'ব। তাই কেইবাদিনৰ পৰা  লক্ষ্য কৰিছিল যে নিতৌ পুৱা একে সময়তে ভায়েক ব্ৰায়ান বজাৰৰ পৰা অন্তৰ্ধান হৈ পৰিছিল । কৌতুহল দমাই ৰাখিব নোৱাৰি ব্ৰায়ান দৰাচলতে ক'লৈ যায় কি কৰে তাৰে সন্ধান ল'বলৈ এদিন ফিয়োনাই তাক অনুসৰণ কৰিছিল।  সেই মুহুৰ্ত্তৰ বাবেই চাগে বিধাতাই অপেক্ষা কৰি আছিল আৰু লিখি দিছিল ফিয়নাৰ কপালত সোণালী ভবিষ্যতৰ ভাগ্য লিপি । যাৰ বলত কাম্পালাৰ অপৰাধপ্ৰৱণ আৰু নিষিদ্ধ বস্তি এলেকা  কাট'ৱেত বসবাস কৰা ফিয়োনা এজনী দৰিদ্ৰগ্ৰস্তা কিশোৰীৰ পৰা কাট'ৱেৰ মহাৰাণীৰ খিতাপ লাভ কৰিব সমৰ্থ হৈছিল । পাছে ফিয়োনাৰ এই জয়যাত্ৰা ইমান সুচল নাছিল । বহু ঘাত প্ৰতিঘাতৰ মাজেৰে নিজৰ  দৃঢ আত্ম বিশ্বাস আৰু প্ৰাপ্তিৰ সংকল্পৰ জৰিয়তে ফিয়োনাই জীৱনত আত্ম প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।
ব্ৰায়ানক অনুসৰণ কৰি সেইদিনাখন তাই উপস্থিত হৈছিল খ্ৰীষ্টান মিছনেৰীৰ এখন ক্রীড়া বিকাশ প্ৰতিষ্ঠানত।  প্ৰতিষ্ঠানটোৰ  মিছনেৰী প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই লেটেৰা পেটেৰা পোছাক পৰিহিতা ফিয়োনাক আথে বেথে খেলা ধূলাৰ আখৰা চলি থকা কোঠাটোলৈ লৈ গৈছিল।  ফিয়োনাৰ গাৰ পৰা ওলাই থকা ভেকেটা ভেকেট গোন্ধত কোঠাটোৰ কেইটামান লৰা-ছোৱালীৱে ফৰিঙ চিটিকাও দিছিল। আন কেইটামানকে আকৌ তাইক বজাৰৰ জাৱৰ খোৱা গাহৰি বুলি তাচ্ছিল্য কৰিছিল । তাইৰ উপস্থিতিত ভায়েক ব্ৰায়ানেও ইতঃস্তত বোধ কৰিছিল।  কিন্ত ফিয়োনাই মুখত যৎকিঞ্চিতো ভাৱালেখ প্ৰকাশ কৰা নাছিল।   সুযোগ পালেই ব্ৰায়ানে কিহৰ তাড়নাত গোপেনে ইয়ালৈ আহে তাৰেই সন্ধানত কোঠাটোৰ চালে বেৰে ফিয়োনাৰ মনটো পিতপিতাই ঘুৰি ফুৰিছিল । তাৰ মাজতে এটা অলপ উদন্ড স্বভাৱৰ ল'ৰাই আকৌ আক্রমণ কৰিব ওলোৱাট তাই তাক ওলোটাই ধৰিছিল । সেইদিনাখন প্ৰথম দৰ্শনতে ক্ৰীড়া প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই ফিয়োনাৰ মাজত অন্তৰ্নিহিত হৈ থকা নিৰ্ভিক ব্যক্তিত্ব আৰু আত্মাভিমানৰ সম্ভেদ পাইছিল । ল'ৰা -ছোৱালী বোৰক নিজৰ নিজৰ আখৰাত ব্যস্ত কৰাই প্ৰশিক্ষক কাটেন্ডেই ফিয়োনাক প্ৰথমতে এগিলাচ গাখীৰ খাবলৈ দি তাত কাটৱেৰ ল'ৰা ছোৱালীবোৰক ডবা খেলৰ প্ৰশিক্ষণ দিয়া হয় বুলি জনাইছিল  । তাই যদি ইচ্ছা কৰে তায়ো খেলিব পাৰিব বুলিও কৈছিল।  সেইয়াই যেন আছিল ফিয়োনা মুটেছি আৰু প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ মাজৰ গুৰু-শিষ্যাৰ মণিকাঞ্চন সংযোগৰ আৰম্ভণি । যাৰ বাবে উগাণ্ডাৰ ক্ৰীড়াজগতৰ ইতিহাসত পাছলৈ এক নতুন অধ্যায়ৰ সূচনা হৈছিল ।
পিছদিনাখন ফিয়োনাই পুৱাতেই উঠি গা মুৰ ধুই সাজপোছাক পৰিপাটি কৈ পিন্ধি ব্ৰায়ানৰ সতে বজাৰত মাকক সহায় কৰি দিবলৈ ওলাই গৈছিল । পাছে সেইদিনাখন বজাৰত কিছু সময় থাকিয়েই দুয়োটাই সুযোগ বুজি এটা সময়ত মাকৰ চকুত ধূলি দি ক্ৰীড়া প্ৰকল্পটোত উপস্থিত  হৈছিল। 
সুদক্ষ ডবা খেলৰ খেলুৱৈ হ'বলৈ  সবল ব্যক্তিত্বৰ আৰু পৰিশ্ৰমী মানুহ এজনৰ এটা যুঁজাৰু মনৰ লগতে উচ্চাকাঙ্ক্ষা, আত্মবিশ্বাস, ধৈৰ্য্য থকাৰ অতি দৰকাৰ ।  
প্ৰথম দিনাই প্ৰশিক্ষক কাটেন্ডেই   এই আটাইবোৰ গুন কম বেছি পৰিমাণে ফিয়োনাৰ মাজত দেখিবলৈ পাইছিল। সেই বাবে ফিয়োনাক ডবা খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰশিক্ষক কাটেন্ডেই কৈছিল ডবা খেল এখন মনস্তাত্ত্বিক খেল । এই খেলখনৰ জৰিয়তে খেলুৱৈ এজনৰ বিভিন্ন লাভালাভ হয় ।মূখ্যতঃ মগজুৰ শ্ৰীবৃদ্ধিত ঘটোৱাৰ লগতে মগজুৰ অব্যৱহৃত অংশসমূহ সক্রিয় কৰি তোলা, স্মৃতিশক্তি তথা প্ৰতিপন্নমতিতা বৃদ্ধি কৰা, মনৰ উদ্যমিতা আৰু সৃষ্টিশীলতা বঢ়োৱাৰ লগতে দূৰদৰ্শিতাৰ সক্ষমতাও বৃদ্ধি কৰে।  তাতোকৈও ডাঙৰ কথাটো হ'ল এই খেলৰ প্ৰতিযোগিতাত জিকি যঠেষ্ট ধনো উপাৰ্জন কৰিব পৰা যাই।  গতিকে এবাৰ যদি তাই কেনেবাকৈ বিশ্ব চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিব পাৰে তেন্তে তাই বহুত টকাও উপাৰ্জন কৰিব পাৰিব। ইচ্ছা কৰিলে তাই নিজৰ অধ্যৱসায়ৰ বলত সহজে সকলো অসাধ্য সাধন কৰিব পাৰিব। প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ কথাখিনি এপাট অমোঘ বানৰ দৰে ফিয়োনাৰ হৃদয় চুই গৈছিল।    সেই অসাধ্য সাধনৰ বাবে নিজৰ সমস্ত শক্তি আৰু সামৰ্থ্যৰে পৰিশ্ৰম কৰাৰ বাবে মনতে দৃঢ সংকল্প লৈছিল । সেই দিনাখনৰ পাছত ফিয়োনা আৰু ব্ৰায়ানেও সুযোগ বুজি মাকৰ চকুত  ধুলি দি নিতৌ ক্রীড়া বিকাশ প্ৰতিষ্ঠানটোলৈ আহিছিল ।
ব্ৰায়ান আৰু ফিয়োনাই নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত অতি কম সময়ৰ ভিতৰত ডবা খেলৰ কৌশলসমূহ নিজৰ আয়ত্বত আনিবলৈ সক্ষম হৈছিল।
ডবা খেলত এজন সৈন্য যদি যিকোনো উপায়ে প্ৰতিপক্ষৰ অন্তিম শাৰীত উপস্থিত হ'বগৈ পাৰে তেতিয়া সেই সাধাৰণ সৈন্যটো ৰাণীৰ দৰে সমপৰ্য্যায়ৰ হৈ পৰে । শক্তিশালী হৈ পৰা সেই বিশেষ সৈন্যটো ৰাণীৰ দৰে যিকোনো দিশত যিকোনো খোজত আগুৱাই  বা পিছুৱাই যাব পাৰে । ডবা খেলৰ এই পৰিঘটনাটোকে কুইনিং বুলি কোৱা হয় ।  ডবা খেলত ৰাণীৰ ভূমিকাটো ফিয়োনাৰ বাবে আতাইতকৈ আকৰ্ষণীয় আছিল । সেই বাবে ডবা খেলৰ আটাইতকৈ কঠিন এই কুইনিং পৰিঘটনা সংঘটিত কৰাত ফিয়োনা সিদ্ধ হস্ত হৈ পৰিছিল। ফিয়োনাৰ লগতে প্ৰকল্পটোৰ আনবোৰ শিশুও ডবা খেলত কৌশলী হৈ উঠাৰ বাবে প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই ২০০৮ চনত বুডুত অনুস্থিত হ'ব লগীয়া উগাণ্ডাৰ চেচ ফেডাৰেচনৰ আন্তঃ বিদ্যালয় চেচ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ হাবিয়াস কৰিছিল। পাছে উগাণ্ডাৰ খেল প্ৰশাসনিক বিষয়া কাট'ৱেৰ বস্তি এলেকাৰ দৰিদ্ৰ লৰা ছোৱালীৱে বুডুৰ কিংচ কলেজৰ দৰে আঢ্যৱন্ত  ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়া এখন আগশাৰীৰ বিদ্যালয়ত আহি ডবা খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব  বুলি জনাই দিছিল।তৰোপৰি তেও জনাই দিছিল যে বস্তি এলেকাৰ পৰা,অহা ল'ৰা ছোৱালীবোৰৰ গাত বেমাৰো লাগি আহিব পাৰে  । বিষয়া জনৰ কথাখিনিয়ে  প্ৰশিক্ষক কাটেন্ডেৰ মনত বৰ দুখ দিছিল। কিন্ত্ত সহজে হাৰ মানিব নোৱাৰা কাটেন্ডেই প্ৰশাসনিক বিষয়াজনক গড়মুৰি  চাৰি হাজাৰ চিলিং কৈ মাচুল আদায় দি টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ সৈমান কৰিছিল ।  
বহু বচৰ আগতেই ডাক্তৰে ফুটবল খেলিবলৈ বাধা কৰা স্বত্তেও প্ৰকল্পটোৰ লৰা ছোৱালীবোৰৰ ভবিষ্যতৰ কথা ভাবি ৰবাৰ্ট কাটেন্ডেই ফুটবল খেল খেলি তাহাঁতৰ বাবে মাচুল জমা কৰিছিল। 
পাছে প্ৰতিযোগিতালৈ মাজতে আৰু কেইটামান দিন বাকী থাকোতেই এটা অথন্তৰ ঘটিছিল। 
  বজাৰখনৰ এজনী পোহাৰীয়ে ফিয়োনা আৰু ব্ৰায়ানে নিতৌ মাকৰ চকুত ধুলি দি  বস্তিটোৰ এচুকত থকা ক্রীড়া প্ৰকল্পটোলৈ  জুৱা খেলিবলৈ যায় বুলি মিছাকৈয়ে লগাই দিছিল ।  সেই প্ৰকল্পটোলৈ ল'ৰা ছোৱালী যোৱাটো সমূলি বিপদাপন্ন নহয় বুলিও সোঁৱৰাই দিছিল।  মাতৃৰ হৃদয় সদায়েই অনন্য।  দাৰিদ্ৰ্যতাৰ বাবে  দুবেলা দুসাঁজ ভালদৰে নিজৰ সন্তানক খুৱাব পিন্ধাব নোৱাৰিব পাৰে।  কিন্ত  আগন্তুক বিপদৰ পৰা এজনী মাকে নিজৰ সন্তানক  যিকোনো পদক্ষেপ ল'ব পাৰে।দৰিদ্ৰগ্ৰস্তা হেৰিয়েটেও এক মুহূৰ্ত্ত পলম নকৰি ক্ৰীড়া প্ৰকল্পটোত উপস্থিত হৈ  প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ কোনো কথাই শুনিব ইচ্ছা নকৰি ফিয়োনা আৰু ব্ৰায়ানক দাবি ধমকি দি ঘৰলৈ উভটাই লৈ আহিছিল । ল'ৰা ছোৱালী দুয়োটাইয়ো সেই দিনাখন সেমেনা সেমেনি কৈ ভগ্ন হৃদয়লৈ ঘৰলৈ উভতি আহিছিল। । ক্ৰীড়া প্ৰকল্পটোলৈ নাযাবলৈ মাকৰ পৰা কাঢ়া নিৰ্দেশ পোৱাৰ পাছত ফিয়োনাৰ দৰিদ্ৰতাৰ বান্ধোনৰপৰা মুক্ত হোৱাৰ সপোন চূড়মাৰ হৈ গৈছিল। ৰবাৰ্ট কাটেন্ডেৰ প্ৰশিক্ষণ আৰু মৰমৰ পৰা বঞ্চিত হৈ দুয়োটা বায়েক ভায়েকৰ ঘৰত মনেই বহা নাছিল।কাটেন্ডেই ল'ৰা ছোৱালী সকলোকে  সম্বোধন কৰি মতা অগ্ৰদূত (Pioneer) শব্দটো শুনিবলৈ দুয়োটা অধীৰ হৈ পৰিছিল । মনৰ ইচ্ছা বাধা দিব নোৱাৰি তাহাঁত দুয়োটাই ঘৰৰ মজিয়াতে চেচবৰ্ড আঁকি পুৰণি বটলৰ সাফৰকে ৰজা, ৰাণী আৰু সৈন্য সাজি ডবা খেলৰ আখৰা কৰিছিল। ৰাতি ম'ম জ্বলাই আখৰা কৰাৰ বাবে মাকৰ পৰাও ধমকি খাব লগীয়া হৈছিল । 
 বিধাতাৰ ইচ্ছাক কোনেও বাধা দিব নোৱাৰে। ইপিনে ক্রীড়া প্ৰকল্পটোত প্ৰশিক্ষক কাটেন্ডেইয়ো মেধাসম্পন্ন ফিয়োনা আৰু ব্ৰায়ানৰ অনুপস্থিতি বাৰুকৈয়েই অনুভৱ কৰিছিল।  লৰা ছোৱালী দুটাৰ সাম্ভাব্য ভবিষ্যত যাতে ক'লিতেই মৰহি নাযাই তাৰ বাবে প্ৰশিক্ষক কাটেন্ডে দৃঢ় সংকল্প লৈ হেৰিয়েটৰ ওচৰ চাপিছিল।  চেচবৰ্ড যে দৰাচলতে ৰজা ৰাণীৰ সমন্বিতে যুঁজৰ আধাৰত খেলা খেল তাক বুজাই দিছিল। লগতে ফিয়োনা আৰু ব্ৰায়ান  দুয়োটাই  পঢ়া শুনা কৰিবলৈয়ো সুবিধা লাভ কৰিব বুলি কৈছিল ।  ডবা খেলৰ খেলুৱৈসকলৰ  সুদূৰপ্ৰসাৰী সাম্ভাব্য ভবিষ্যতৰ কথা বুজাইছিল । ফিয়োনাই বিশ্ব চেম্পিয়ন জিকিব পাৰিলে তেওঁলোকৰ দৰিদ্ৰতাৰো অৱসান ঘটিব বুলি ভাৰষা দিছিল। বহু সময়ৰ বুজনিৰ পাছত হেৰিয়েটে ফিয়োনা আৰু ব্ৰায়ানক তাহাঁতৰ সোণালী ভবিষ্যতৰ কামনা কৰি ক্ৰীড়া প্ৰকল্পটোলৈ ঘুৰাই পঠিয়াবলৈ সন্মত হৈছিল । 
      যথা দিনত প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ড কাট'ৱেৰ দৰিদ্ৰ শিশু পায়োনিয়াৰ কেইটাক লৈ বুডুৰ কিংচ কলেজত উপস্থিত হৈছিল। দেশখনৰ আগশাৰীৰ স্কুল খনৰ মেধা আৰু বয়সত ডাঙৰ প্ৰতিদ্বন্দী সকলক দেখি ৰবাৰ্টৰ পায়োনিয়াৰ কেইটাৰ আত্ম বিশ্বাস ভাঙি পৰিছিল।  তেতিয়া প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই কৈছিল।  এই লৰা-ছোৱালীবোৰে মৰমত ডাঙৰ হোৱা। সিহতৰ অভাৱ আৰু সংঘাতৰ জ্ঞান কম।  গতিকে পৰিশ্ৰমী পায়োনিয়াৰ হঁতৰ আগত চুট বুট পিন্ধা সেই সকল খেলুৱৈ বেচি সময় টিকি থাকিব নোৱাৰিব বুলি উৎসাহ দিছিল। প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ ভৱিষ্যতবাণী অনুসৰি ফিয়োনাই সেই দিনাখন চেম্পিয়নশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছিল।  
বুডুৰ পৰা উভতি অহাৰ পাছতে প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই পত্নী চাৰাহ'ক  ফিয়োনাৰ পঢ়া শুনাৰ দায়িত্ব অৰ্পণ কৰিছিল । কিন্ত দূৰ্ভাগ্যই যেন হেৰিয়েটৰ পৰিয়ালটোৰ পাছ এৰিব বিচৰা নাছিল।  কেইদিন মানৰ পাছত মটৰ চাইকেলৰ দ্বাৰা দূৰ্ঘটনাগ্ৰস্ত হৈ ব্ৰায়ান হাস্পাতালত ভৰ্তি হোৱাৰ সময়তেই  পৰিয়ালটো ভাৰা থকা ঘৰটোৰ মালিকনী জনীয়ে ভাৰা দিব নোৱাৰাৰ বাবে এমাডিমা ল'ৰা ছোৱালী কেইটাৰ সৈতে হেৰিয়েটক খেদি পঠিয়াইছিল । তেতিয়া হেৰিয়েটে উপাই বিহীন হৈ ল'ৰা ছোৱালী কেইটাক লৈ কাট'ৱেৰ এটা পৰিত্যক্ত ভঙা চিঙা গীৰ্জাঘৰত আশ্ৰয় লৈছিল। এই ঘটনাটোৰ পাছত ফিয়োনা আৰু ব্ৰায়ানে ডবা খেলৰ আখৰাৰ বাবে ক্রীড়া প্ৰকল্পটোলৈ যোৱা এক প্ৰকাৰৰ বাদেই দিছিল।  প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই বিচাৰি বিচাৰি গৈ পৰিত্যক্ত গীৰ্জাঘৰত আশ্ৰয় লৈ থকা ফিয়োনাৰ কাষ চাপিছিল।  এটোৰ পাছত সিটো অথন্তৰ ঘটাৰ পাছত  ফিয়োনা হতাশাগ্ৰস্ত হৈ ভাঙি পৰিছিল আৰু পুনৰ ডবা খেল খেলিবলৈ অপৰাগ হৈছিল।  বস্তিত জন্ম পোৱা ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ অলীক সপোন বুলি আক্ষেপ কৰিছিল।  সেই দিনাখন প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই প্ৰথমবাৰৰ বাবে ফিয়োনাৰ আগত প্ৰকাশ কৰিছিল যে তেওঁ দৰাচলতে এজন বস্তি এলেকাত ডাঙৰ দীঘল হোৱা লোক । কন্যা কালতে অবৈধ ভাবে জন্ম হোৱা ৰবাৰ্ট মাতৃৰ অবিহনেই উগাণ্ডাৰ এটা বস্তি এলেকাত আইতাকৰ আশ্ৰয়ত ডাঙৰ দীঘল হৈছিল । ৰবাৰ্টৰ আঠ বছৰ বয়সতে মাতৃৰ মৃত্যু হৈছিল।  তাৰ কিছুবছৰ পাছতে আইতাকৰ মৃত্যুৰ পাছত অনাথ হৈ পৰা ৰবাৰ্টে সংগ্ৰাম কৰি  জীয়াই থাকিবলৈ শিকি পেলাইছিল । প্ৰশিক্ষক ৰবাৰ্ট ফিয়োনাকো হাৰ নামানি জীৱনত সকলো সমস্যাৰ সন্মুখীন হৈ সংগ্ৰাম কৰি যাবলৈ উদ্বুদ্ধ কৰিছিল ।  ৰবাৰ্ট কাটেন্ডেৰ জীৱনৰ আৰঁত লুকাই থকা সংগ্ৰামৰ কাহিনীৰে অনুপ্ৰাণিত হৈ ফিয়োনাই পুনৰ ডবা খেলৰ আখৰাত মনোনিবেশ কৰিছিল।  
২০০৮ ৰ পৰা ২০০৯ চনৰ ভিতৰত ইতিমধ্যেই কেবাখনো টুৰ্ণামেণ্টত জিকি উগাণ্ডাৰ চেচ ফেডাৰেচনৰ বাবে ফিয়োনা এটা পৰিচিত নাম হৈ পৰিছিল। 
২০০৯ চনত ৰবাৰ্ট কাটেন্ডেৰ প্ৰচেষ্টাত অধ্যুষিত বস্তি এলেকাৰ পৰা ফিয়োনা, বেঞ্জামিন আৰু ইভানে চুডানত অনুস্থিত হোৱা আফ্ৰিকা মহাদেশৰ ইন্টাৰনেচনেল চিলড্ৰেনছ চেচ টুৰ্ণামেণ্টত উগাণ্ডাৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল।  সেই টুৰ্ণামেণ্ট খনে ফিয়োনাৰ জীৱন-গাঁথাৰ  সোতেই সলনি কৰি দিছিল।  কঠোৰ প্ৰয়াস আৰু অধ্যৱসায়ৰ বলত কাট'ৱেৰ তিনিজন চুডানৰ টুৰ্ণামেণ্টত জিকি আন্তৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খিতাপ লাভ কৰি উগাণ্ডালৈ উভতি আহিছিল । 
ফিয়োনা, বেঞ্জামিন আৰু ইভানৰ এই অভূতপূৰ্ব সাফল্যই সমগ্ৰ কাট'ৱেৰ লগতে কাম্পালা বাসীকো উৎফুল্লিত কৰিছিল।
উগাণ্ডাৰ টিভি চেনেলত দিয়া সাক্ষাৎকাৰৰ জৰিয়তেই সমগ্ৰ উগাণ্ডা বাসীৰ বাবে ফিয়োনা এজনী প্ৰসিদ্ধ ডবা খেলুৱৈ হিচাপ পৰিচিত হৈ পৰিছিল। 
চুডানৰ পৰা বিজয়ী  হৈ অহাৰ পাছত ফিয়োনাৰ আচাৰ ব্যৱহাৰ আৰু মনোভাৱৰ বহু পৰিবৰ্তন হৈছিল । চুডানৰ পঞ্চ তাৰকাযুক্ত হোটেলত আড়ম্বৰপূৰ্ণ দিন কটাই অহাৰ পাছত তাই কাট'ৱেৰ নিজৰ ভঙা চিঙা ঘৰটোৰ চাৰিবেৰৰ মাজত উকমুকনি অনুভৱ কৰিছিল।  সেই উকমুকনি আৰু দৰিদ্ৰতাৰ পৰা ৰক্ষা পাবলৈ যিকোনো উপায়ে চেচ অলিম্পিয়াদ টুৰ্ণামেণ্টত জিকি পোৱা ধন লাভ কৰিবলৈ ফিয়োনা উন্মাদ হৈ পৰিছিল।  ডবা খেলক বাদে আন কোনো কামতেই তাই মন বহুৱাব পৰা নাছিল । তাইৰ পৰিবৰ্তিত মনোভাৱৰ কথা হেৰিয়েটৰ মুখৰ পৰা জানিব পাৰি প্ৰশিক্ষক কাটেন্ডেৱো চিন্তিত হৈ পৰিছিল। 
ইপিনে ৰাতি পঢ়িবলৈ মমবাতি কনো মাক যোগাৰ কৰি দিব নোৱাৰাৰ বাবে ফিয়োনা হতাশা হৈ পৰিছিল। 
ফিয়োনাৰ পৰিবৰ্তিত স্বভাৱৰ প্ৰতি লক্ষ্য কৰি ব্ৰায়ানে মাকক বুজাইছিল।  ফিয়োনাৰ ভবিষ্যতৰ বাবে আমি সকলোৱেই যথা সম্ভৱ ত্যাগ কৰিব লাগিব। তাইৰ ভবিষ্যত বহুত উজ্জ্বল হ'ব । কনমানি ব্ৰায়ানৰ কথাত সন্মত হৈ
সেইদিনাই হেৰিয়েটে নিজৰ সাঁচতীয়া কাপোৰ এযোৰ বিক্রী কৰি ব্ৰায়ান আৰু ফিয়োনাৰ আখৰাৰ বাবে ম'মৰ পেকট কিনি আনি দিছিল। 

অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত ২০১০  চনত ফিয়োনাই উগাণ্ডাৰ হৈ ৰাছিয়াত অনুস্থিত হোৱা ৩৯তম আন্তঃৰাষ্ট্ৰীয় চেচ অলিম্পিয়াদত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিল ।   অত্যাধিক আত্ম বিশ্বাস আৰু দ্ৰুত সফলতাৰ বাবে অস্থিৰ হৈ পৰা ফিয়োনাই অলিম্পিয়াদ চেম্পিয়নশ্বিপ লাভ কৰিব নোৱাৰি  হতাশা হৈ দেশলৈ উভতিছিল। 
  দেশলৈ উভতি অহাৰ পাছত পৰবৰ্তী  অলিম্পিয়াদৰ বাব প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই  অত্যাধিক আত্ম বিশ্বাস আৰু দ্ৰুত সফলতাৰ কামনা ত্যাগ কৰি যিমান পাৰি নম্ৰতা আৰু ধৈৰ্য্য সহকাৰে চেচবৰ্ডত মনোনিবেশ কৰিবলৈ ফিয়োনাক আখৰা কৰাব ধৰিছিল।  ফলস্বৰূপে পৰবৰ্তী সময়ত বহুকেইখন টুৰ্ণামেণ্টত ফিয়োনাই জয়লাভ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। 
কঠোৰ অধ্যৱসায়ৰ বলত ফিয়োনা পুনৰ ২০১২ চনত ইষ্টানবুলত অনুস্থিত হ'ব লগীয়া ৪০তম অলিম্পিয়াদৰ বাবে বাচনি হৈছিল। কিন্ত সেই সময়তে দুৰ্ভাগ্যবশত ফিয়োনা হতে আশ্ৰয় লৈ থকা জৰাজীৰ্ণ গীৰ্জাঘৰটো বানৰ কবলত ভাঙি চিঙি গৈছিল।  ইফালে অলিম্পিয়াদলৈ দিনো ওচৰ চাপি অহাত প্ৰশিক্ষক কাটেন্ডেই ফিয়োনাক নিজৰ নিজৰ ঘৰতে ৰাখি আখৰা কৰাৰ সুবিধা কৰি দিছিল। 
অৱশেষত সপোন দিঠকত পৰিণত কৰি ফিয়োনাই ইষ্টানবুলত আন্তৰাষ্ট্ৰীয় চেচ অলিম্পিয়াদৰ বিজয় মুকুট পিন্ধি গ্ৰেণ্ড মাষ্টাৰৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল।  লগে লগে খবৰটো বনজুইৰ দৰে সমগ্ৰ আফ্ৰিকা মহাদেশতে বিয়পি পৰিছিল। দেশী বিদেশী বাতৰি কাকত আৰু দূৰদৰ্শনত কাম্পালাৰ অধ্যূষিত বস্তি এলেকা কাট'ৱেৰ সোঁনালী কন্যা ফিয়োনা মুটেছিয়ে চৰ্চা লাভ কৰিছিল । 
 স্বদেশ উগাণ্ডাত ফিয়োনা আৰু খেলুৱৈ গৰাকীৰ সফলতাৰ আঁৰৰ প্ৰকৃত নায়ক প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেক বিপুল আঁদৰণি জনোৱা হৈছিল। দেশী বিদেশী বাতৰি কাকত আৰু দূৰদৰ্শন কেন্দ্ৰৰ সংবাদদাতাৰে কাট'ৱে গিজগিজাই পৰিছিল। 
সেই বছৰতে বিশ্বৰ আগশাৰীৰ ক্রীড়া দূৰদৰ্শন কেন্দ্ৰৰ মাৰ্কিন সংবাদাতা টিম ক্ৰোথাৰে ফিয়োনাৰ জীৱন-গাঁথাৰ পটভূমিত লিখি উলিয়াইছিল ডিজনী কুইন অফ কাট'ৱে নামৰ এখন গ্ৰন্থ। বস্তিত বসবাস কৰি গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা ফিয়োনাৰ জয়যাত্রাৰ বিষয়ে লিখা এই গ্ৰন্থখন বিশ্বৰ সমগ্ৰ পাঠকৰ বাবে সমাদৃত হৈ পৰিছিল । কিতাপখনৰ বিক্রীৰ জৰিয়তেই লাভ কৰিছিল ফিয়োনাই এটা মোটা অংকৰ ধন।  সেই ধনেৰে এই স্বনামধন্য খেলুৱৈ গৰাকীয়ে কাম্পালাত এটা সুন্দৰ ঘৰ কিনি মাকক উপহাৰ দি নিজৰ মনৰ সংকল্প পূৰণ কৰিছিল ।  
এইয়াই আছিল কাট'ৱেৰ ৰাণী হিচাপে খ্যাত হৈ পৰা উগাণ্ডাৰ দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰি বিশ্ব চেচে অলিম্পিয়াদত গ্ৰেন্ড মাষ্টাৰ কিশোৰী ফিয়োনা মুটেছিৰ উদ্বুদ্ধ জীৱন-গাঁথা । 
সকলো মানুহৰ সফলতাৰ আঁৰত তেওঁৰ নিজৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ  উপৰিও আন বহু লোকৰ ত্যাগো জড়িত হৈ থাকে । ফিয়োনা মুটেছিয়ে ডবাখেলত বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰাৰ আৰঁত প্ৰধানকৈ প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডে আৰু মাতৃ হেৰিয়েটৰ অলেখ ত্যাগৰ কথাও স্বীকাৰ কৰিবই লাগিব। প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ দ্বাৰা প্ৰভাৱান্বিত হৈ এই অভূতপূৰ্ব সাফল্যৰ পাছত ফিয়োনা আৰু বেচি অধ্যৱসায়ী আৰু নম্ৰ হৈ পৰিছিল। 

ধন্যবাদ। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)