তেতিয়া আৱেগবোৰো ৰৈ যায়
মোৰ হেঁপাহৰ মোহনাত।
মৰমবোৰ যেতিয়া গীত হৈ
ভাঁহি আহে মোৰ কাষলৈ,
তেতিয়া আৱেগে দিবলৈ আৰম্ভ কৰে
মোৰ ৰামধেনুৰঙী সপোনক নৃত্যৰ আখৰা।
মৰমবোৰ যেতিয়া এযুৰি শান্তিৰ চৰাই হৈ
শুকুলা মেঘৰ আঁৰে আঁৰে ৰচে
প্ৰেম মায়াৰ মধু কুঞ্জবন;
তেতিয়া আৱেগে মৰমৰ সতে
শুকুলা ডাঁৱৰৰ মাজে মাজে
ৰামধেনুৰঙী সপোনৰ ফাঁকে ফাঁকে
লুকা ভাকু খেলি মোৰ মন আকাশত আবিৰ সানে প্ৰেমৰ।।
(হৃদয়ৰ সুখ দুখেৰে পৰিপূৰ্ণ অসংলগ্ন অনুভৱবোৰৰ মালা গাঁথি আপোনালোকৰ বাবে আগবঢ়ালোঁ.... অপৈণত মন এটাৰে সজোৱা এই কাব্য গাঁথনিত দেখা পোৱা ভূল বোৰ যাতে দেখাই দিয়ে তাৰে কামনাৰে.....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ