ভেলেন্টাইন -মানস জান শইকীয়া

©Admin
0
পানীভৰা সাগৰৰ বিশাল গভীৰতাত
মণি-মুকুতাৰ অলেখ সমাহাৰ,
আশাভৰা জীৱনৰ প্ৰতিটো খোজত
তোমাৰ প্ৰীতিভৰা মৰমৰ অলংকাৰ। 
স্মৃতিভৰা দিনৰ দীৰ্ঘ পদূলিত
মোৰ স্বপ্নভৰা সপোনৰ কাৰেং,
ব্যাকুল হৃদয়ৰ দুয়োটি কোণত
তোমাৰ মৰমৰ ফুলে সজা পালেং। 
কি দিম , কি দিম
সদায়ে ভাৱো;
কি দি কৰিম তোমাৰ
অন্তৰ জয়,
মৰম নে আশা
নে স্বপ্ন;
নে প্ৰেম;
নে হৃদয়;
নে সুগন্ধি গোলাপ,
যাৰ গোন্ধেৰে 
সুগন্ধ কৰিব,
তোমাৰ মোৰ প্ৰেমৰ কিতাপ ।
                      
   
◾ মানস জান শইকীয়া
     ৰঙামাটি চেউনী গাওঁ, বাদুলিপাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)