তুমি নাৰী স্ৰোতস্বিনী -অনন্ত কুমাৰ ভূঞা

©Admin
0
তুমি মহিমাময়ী 
হৰিণী নয়নী-নয়নৰ মণি
লুইতৰ পাৰৰ লিহিকা খাগৰি
মুগ্ধ বিমুগ্ধ আপোন বন্ধুত্ব
জীৱন লগৰী- জীৱন যুদ্ধৰ প্ৰথম প্ৰহৰী ।

তুমি চন্দ্ৰমুখী 
তুমি উজ্জ্বল নক্ষত্ৰ 
তুমি চিকমিক বিজুলী
তুমি নিঃশব্দ নিশাৰ নীৰৱ নায়িকা
এক শব্দহীন আশাৰ মধুৰতা  ।

তোমাৰ দুই নয়ন
স্বেত পদ্মৰ কলি যেন লাগে
তোমাৰ চাৱনিত সৰলতা ওপজে
কেশত সুবাস বিয়পে 
তুমি নাৰী চিৰ প্ৰকৃতি বহ্নিমান ফিৰিঙটি
তুমি সহনশীল 
প্ৰাণময়ী চঞ্চলা অনাবিল আনন্দ ।

ওঁ‌ঠত মিচিকীয়া হাঁ‌হি
মৌ মাখি যেন গুণ গুণ শব্দৰে মুখৰিত  
কুলু কুলু শব্দৰে বৈ যোৱা সুঁ‌তি
তুমি কোকিল কণ্ঠী গীতিকাৰ কলাকাৰ 
স্বতন্ত্ৰ তোমাৰ অঙ্গীকাৰ
তুমি শিল্পীপ্ৰাণ
তুমি নাৰী চিৰ প্ৰবাহিত সত্য ধাৰাৰ।

ৰঙা গোলাপৰ পাহি যেন
কমনীয়তা
তেজোদীপ্ত মনৰ গৰাকী 
তুমি নাৰী স্ৰোতস্বিনী তেজস্বিনী
চিন্তা-চেতনাৰ পুলক জগাই তোলা
হাস্যময়ী লাস্যময়ী।

ইমান আলসুৱা , ঠুনুকা মন
পলসুৱা এডৰা পথাৰ
চিৰ সেউজীয়া - চিৰ সত্য স্বৰূপ
বাসনাৰ মূৰ্ত্ত প্ৰতীক
চেতনাৰ প্ৰকাশ 
তুমি নাৰী মন্দাকিনী।

আজন্ম প্ৰেমিকা
দূৰন্ত মনৰ উদ্দীপনা
ক্ষুন্ন মনৰ তীব্ৰ গতিৰ জলতৰঙ্গ
তীক্ষ্ণ বুদ্ধিমতী
তুমি প্ৰজন্ম সৃষ্টিৰ অধিকাৰী
তুমি জননী এই ধৰণীৰ ।

অশ্ৰুধাৰা নিগৰি বৈ যায়
ইমান কোমল হৃদয় 
উচুপি উঠা শোকাকুল প্ৰাণ 
তুমি নৱমল্লিকা 
তুমি ক্ৰোধৰ উৰ্ম্মিমালা 
তুমি লেহুকা নাৰী তিলোত্তমা ।

সৰ্পৰ দৰে ফেট তুলি
বিস্ময় সৃষ্টি কৰা 
নিলাজী বনৰ দৰে জয় পৰি যোৱা
নিমাতী কন্যা তুমি 
তুমি জ্ঞানমালিনী জাগতিক জীৱনৰ ।

প্ৰচণ্ড ক্ষোভৰ গৰাকী 
ডাৱৰ সদৃশ অভিমানী 
আকাশ যেন বিশালতা তোমাৰ
সুকোমল অনুভৱ
মহিমাময়ী তুমি ত্যাগৰ প্ৰতীক।

তুমি বীৰাঙ্গনা 
তুমি অনামিকা 
তুমি খৰস্ৰোতা নদীৰ দৰে
বিস্ময় প্ৰকৃতি তোমাৰ 
পখিলাৰ দৰে ৰঙীন
শুভ্ৰ মনৰ গৰাকী- তুমি যৌৱনা নাৰী  ।

ঈশ্বৰে সপি দিছে অযুত মৰম 
হিয়াই উজাৰে আবেগ 
স্নেহ বিলাসীতাৰ
প্ৰেমময়ী জীৱন তোমাৰ
ভাৱনাৰ সপোন কুঁ‌ৱৰী তুমি
প্ৰেৰণাৰ উৎস জগত জননী।

কবিতাৰ ছন্দত প্ৰকাশিত 
শিলত খোদিত তুমি ভাস্কৰ্য্য
সুহৃদ বন্ধু ইতিহাসৰ পাতত
তুমি মায়াৱিনী গভীৰ নিশাৰ ।

গজ গামিনী তুমি
প্ৰতি খোজত গভীৰতা আছে
আশাৰ প্ৰদীপ জ্বলে 
প্ৰাণোচ্ছল মনৰ গৰাকী
তুমি সৰল প্ৰাণৰ স্বত্বাধিকাৰী।

তুমি নাৰী চিৰ নমস্য
তুমি ইতিহাস ৰচোতা
নতুন ভাৱনাৰে ৰহস্যময়ী
তুমি হাস্যময়ী
তুমি নাৰী - কৰুণাময়ী
তোমাৰ আলিঙ্গনত সঞ্জীৱিত প্ৰাণ ।

 ✍️অনন্ত কুমাৰ ভূঞা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)