মোৰ বুকুতেই লুকাই আছে
ভাল পোৱাৰ সকলো চৰ্ত।
সুখৰ পকনীয়াই উটাব নোৱাৰে
মোৰ অভিমানী মন।
মোৰ বুকুতেই শেষ হয়
এবুকু বেদনা।
মই নাৰী, পৃথিৱীৰ মহাধমনী মই
স্বপ্নাতুৰ নক্ষত্ৰ, জোন আৰু বেলি
মোৰ লগতেই সমন্ধ যুগে যুগে।
মই নাৰী
নদীৰ দৰেই মোৰ যাত্ৰা
ক্লান্তিহীনভাৱে কঢ়িয়াই ফুৰোঁ
তেজৰ পকনীয়া চৰ্মচক্ষৰ আঁৰত।
মইয়েই জননী,
ভূমিস্ত কৰোঁ
উত্তৰাধিকাৰী মানৱ ।
অনন্তকালৰ বাবে সৃষ্টিকাৰিনী মই
সুন্দৰতা কঢ়িয়াই গঢ়িব পাৰোঁ
মানৱীয়তা গুনেৰে
এখন সুন্দৰ সমাজ ।
নদীৰ দৰেই নাৰী
অপ্ৰতিৰোধ্য ,নিৰবধি।
নাৰী জীৱনৰ মাজত লুকাই থকা
পৃথিৱীখনত
বিচৰণ কৰি চাবাচোঁন।
কেতিয়াবা তীব্ৰ ভাৱে যন্ত্ৰণাময়
আকৌ কেতিয়াবা অন্তদশী
আবেদনক্ষম এটি মধুৰ কবিতা।
জীৱনৰ স্বাচ্ছন্দ্য, আত্মপ্ৰত্যয়
প্ৰেম বিষাদ নিসংগতাৰ ছবিখনৰ
কৰুণ গাথা।
এক চৰম বৈপৰীত্য।
তথাপি থমকি নৰয় নাৰী।
আত্মপ্ৰকাশৰ তাগিদাত
আগবাঢ়ি যায়।
পুৰুষৰ প্ৰেম আৰু বন্ধুত্বৰ নিষ্ঠুৰতাৰ
দুৰ্নিবাৰ আক্ৰমণকো নেওচি ।
নাৰী আগবাঢ়ে স্বপিল গতিৰে
নদীৰ দৰেই,
বুকুত শিল বান্ধি,
ইতিহাস গঢ়িবলৈ।
কবিৰ বাবে নদীখন
এটি মিঠা সুমথিৰা বাঁহী।
যি বাঁহীৰ সুৰত নিগৰি আহে
সুৰীয়া সুৰীয়া গানৰ সুৰ।
আৰু নাৰী
কবিৰ বাবে নাৰী হ'ল
এটি ৰ্দূগম নদীৰ সোঁত।
কোহালবিহীন আমৰণ দুখৰ
সকলো কণিকা কঢ়িয়াই
আগবাঢ়ে
অপ্ৰতিদ্বন্দী,নিৰবধি হৈ।
কবিৰ বাবে নদী হ'ল
পৃথিৱীৰ মহাধমনী।
আৰু নাৰী
কবিৰ বাবে নাৰী হ'ল
পৃথিৱীৰ দুখত নামি অহা
তুষাৰ পাত।
কবিৰ বাবে নদীৰ বুকুত
লুকাই থাকে ভালপোৱা
সকলো চৰ্ত।
নদীৰ বুকুৰ পলসুৱাত
ফুলি উঠে নাৰী।
সেয়েহে নাৰী ইমান ধুনীয়া।
কৃষকৰ সপোন হৈ নামী আহে নদী।
পুৰুষৰ সপোন হৈ ফুলি উঠে নাৰী।
তপ্ত সূৰুযৰ হেঙুলী কিৰণত
নাচি উঠে নদী।
প্ৰেমৰ কবিতাত জোনাক সানি
নাচি উঠে নাৰী।
নদী হ'ল, সুৰীয়া বাঁহীৰ সুৰ
নাৰী হ'ল, আবেদনক্ষম
এটি
মধুৰ কবিতা।
নদীৰ বুকুত লুকাই আছে
ভাল পোৱাৰ সকলো চৰ্ত।
আৰু প্ৰিয় নাৰীৰ বুকুত
শেষ হয় নদীৰ মোহনা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ