নাৰীৰ নতুন স্বপ্ন-পংকজ দিহিঙ্গীয়া

©Admin
0
তাই কাইলৈ যাবগৈ!
শেষবাৰৰ বাবে তাই
এটা সপোন দেখিছে,
আৰু সেই সপোন
মাকৰ বৰপেৰাত 
সুমুৱাই থ'লে;
কাইলৈ এইখন ঘৰ
পৰ হৈ যাব,
তাত তাই আকৌ
নতুন সপোন দেখিব।
এইখন ঘৰত আজি তাইৰ
শেষ দিন!
আজি শেষবাৰৰ বাবে
মাকক সাৱটি শুব,
কাইলৈ তাইৰ এখন
নতুন ঘৰ হ'ব।
ফলিয়াওক বা নফলিয়াওক
তাই আকৌ
নতুনকৈ সপোন দেখিব...
আৰু এদিন তাই মাকৰ দৰেই
ভগ্ন স্বপ্নৰ বেশত শুই পঢ়িব।
তাই নিঃশব্দে টোপনি যাব,
বসুমতিয়ে বুকুত সাৱটি লৈ গাব –
"আমাৰে মইনা শুব এ...
বাৰীতে বগৰী ৰুব এ..."
     
✍️পংকজ দিহিঙীয়া
শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)