কবিৰ যন্ত্ৰণা -আব্দুল কাদেৰ মিঞা

©Admin
0
এজন কবিৰ যন্ত্ৰণাৰ বিনিময়ত 
যদি প্ৰেম কিনিব পৰা গ'লহেঁতেন
তেনেহ'লে নিৰ্ভয়ে কিনিলোঁহেঁতেন।
প্ৰেমহীন জীৱন কঙ্গলিনীৰ ভৰপূৰ স্তনৰ দৰে।
মনৰ ভিতৰত মন বান্ধি আগবাঢ়ে বহু পথ।
হওঁক তেওঁ যিকোনো নাৰী
জোৱাৰত আৱদ্ধ চন্দ্ৰ
দুচকু মুদি মইয়ো ভাল পাব পাৰোঁ 
যদি কোনোবাই আগুৱাই আহে !
প্ৰতিশ্ৰুতি দিলোঁ বাধা নিদিওঁ
কোনোবা এদিন গুচি গ'লে ।
অভিমান লৈ জীয়াই থাকিম
সিও যথেষ্ট ভাল।
সুখৰ চকুলোৱে মনে মনে ক'ব 
তেওঁ আহিছিল এদিন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)