প্ৰকৃতি -এহিয়া আহমেদ

©Admin
0
হুকহুকাই কান্দি উঠা 
নয়নভৰা অশ্ৰু
আজি প্ৰকৃতিয়ে কান্দে,

গছ- গছনি কাটি
ভংগ কৰে প্ৰকৃতিৰ বিশুদ্ধ আনন্দ,
পাহাৰ কাটি বনাই অট্টালিকা,
বায়ু প্ৰদূষণে নমাই আনে 
ঘোৰ অমানিশা।
প্লাষ্টিক পলিথিনৰ অবাধ ব্যৱহাৰে
ধ্বংস হৈছে বসুন্ধৰা,
লৌকিক নীতি নিয়মৰ অধীনত আজি
হাৰি যায় মানৱতা।

আহক আমি সকলোৱে
হাতে হাত মিলাই 
ৰক্ষা কৰোঁ প্ৰকৃতি,
অন্যথা, পৃথিৱী 
শীঘ্ৰেই হ'ব মৰুভূমি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)