ভাল দিন ভাল কাম -পবিত্ৰ গায়ন

©Admin
0
ভাল দিনবোৰ 
এনেকৈয়ে আহে ....
যেনেকৈ বিৰিখৰ  কুঁহিপাত
 চ'তৰ শেষত মেলে !
এই ভাল দিনবোৰৰ বাবে 
ধৈৰ্য্য লাগে ,
সাহস লাগে , 
লাগে কঠোৰ পৰিশ্ৰম !
ভাল কামবোৰৰ অংশীদাৰ হ'বলৈও ভাগ্য  লাগে ,
ভাল কামবোৰ কৰিবলৈও 
এটি ভাল মন লাগে ।
এটি ভাল সময় লাগে , 
লাগে এটি ভাল সংগ !
ভাল কামবোৰে মনত
 অনাবিল আনন্দ দিয়ে ,
আকৌ এটি নতুনত্বৰ সন্ধান দিয়ে 
ভাল কামবোৰৰ বাবেই 
পৃথিৱীখন আজিও ভাল হৈ আছে ! 
ভাল হৈ থাকিব !!
                                        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)