বিশ্ব কবিতা দিৱস -ছেলিমা বেগম

©Admin
0
বিশ্ব কবিতা দিৱসৰ দিনা 
বিশ্বৰ সন্মানীয় কবি সকলক 
জনালোঁ মোৰ ফালৰ পৰা শুভেচ্ছা ।
শত কোটি প্ৰণাম জনালোঁ 
মোৰ 
প্ৰিয় কবি গুৰু সকলক ।
কবিতাৰ জয় হক বিশ্বভূমণ্ডলত ৷

কবিসকলৰ মনৰ পৰা নিগৰি 
অহা শব্দবোৰ কলমৰে লিখি
মনৰ ভাৱবোৰ প্ৰকাশ কৰিলেই
কবিতা এটাৰ সৃষ্টি হয় 
চিকুণ ভাষাখিনি সুন্দৰ ৰূপে 
সজাই পৰাই ললেই কবিতাৰ সৃষ্টি ৷

কবিসকলৰ মনত সদায় 
নতুন নতুন শব্দই খুন্দা মাৰে 
আৰু কলমৰে নিগৰি আহে 
নতুন নতুন কবিতাৰ সৃষ্টি হয় 
কবিসকলৰ মনৰ ভিতৰত
কিছুমান শব্দ আবিৰ্ভাৱ হয় ৷

সেই আবিৰ্ভাৱ খিনি কবিতাৰ 
আকাৰে ৰূপ দি সাহিত্য জগতৰ
মাজত প্ৰচাৰ কৰি দিয়াটো আমাৰ 
প্ৰতিজন কবিৰ মনৰ আশা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)