মৰমৰ দীৱাঞ্জলী-নৱজিৎ নাথ

©Admin
0
যাৰ প্ৰতিটো শব্দত  আছে 
জীৱন গঢ়াৰ  এক আশাৰ 
প্ৰাপ্তিৰ অনাবিল আনন্দ।। আৰু 
অনুপ্ৰেৰণাৰ আচ্ছাদনৰ এক বাহক।। 

যাৰ প্ৰতিটো চকুৰ 
মায়াসনা লাজুকী চাৱনীত,
মৌনতাৰ দুটি ওঁঠত 
সদায় জিলিকি থাকে 
 হাঁহিৰ এজাক মধুৰ
 খিলি- খিলনীৰ  মিঠা শিহৰণ।।

যাৰ  প্ৰতিটো তেজৰ 
প্ৰতিটো টোপালে টোপালে
 সদায় নিগৰি আহে বন্ধুত্ব আৰু মৰমৰ
 এজাক নিয়ৰসিক্তৰ বতাহ ।।

প্ৰতিটো মিচিকিয়া হাঁহিয়ে 
প্ৰতিটো খোজৰ স্পন্দনত,
 ফুলৰ মুগ্ধময়  সুবাসত, 
 প্ৰাণৰ আলোকেৰে  উদ্ভাষিত হয় 
আৱেগসনা এজাক মৰমৰবোল।।

বন্ধুত্বৰ অগভীৰ মৰমৰে 
 একতাৰ এডাল এনাজৰী 
 সম্পৰ্কেৰে পলকতে বান্ধি ৰাখিব পৰা
সেই আপোন বান্ধৱী হ'ল "দীৱাঞ্জলী"।।
 
 হৃদয়খন অধিক মধুৰ হওঁক,
আশাৰ স্বপ্নৰে প্ৰাপ্তিৰ নৈ বৈ যাওঁক।
 হৃদয়ৰ হালধীয়া হালধীয়া
সোনাৱালী প্ৰতিটো পৃষ্ঠাবোৰত।
 স্মৃতিৰ প্ৰতিটো মনিকোঠাত 
 সদায় জীপাল হৈ উঠক,
 প্ৰতিটো অনুভৱবোৰৰ  আৰু 
 প্ৰতিটো সুবাসৰ বতৰাবোৰ ।।

◾ নৱজিৎ নাথ ।
ছিপাঝাৰ, দৰং....।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)