আহিল হেঁপাহৰ বʼহাগ-মিন্টু গোৱলা

©Admin
0
ফাগুনী পছোৱা জাকে লঠঙা
কৰি যোৱা গছবোৰত সেউজীয়া
ৰঙ সানিব লৈছে হেঁপাহৰ বʼহাগে,
কুমলীয়া কুঁহি পাতৰ আৰঁত বহি কুলিটি
 জুৰিছে বʼহাগীৰ গীত ।
হেঁপাহৰ বʼহাগী আহিল 
লঠঙা গছ লতাই পিন্ধিছে সেউজীয়া চোলা ।
তগৰ,  কেতেকী ,কপৌফুলে
 বিলালে বʼহাগৰ বতৰা। 
ধোৱাঁচাংৰ ঢোলটি বাজি উঠিল বৰ গছৰ তলত 
নাচনী সাজি- কাচি বʼহাগৰ বিহুক আদৰিছে ।
                     
                   ◾মিন্টু গোৱলা লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)