ফাগুন -নৱজিৎ নাথ

©Admin
0
ফাগুন মানেই, 
এছাতি পছোৱা বতাহৰ 
এক উৰুঙা উৰুঙা মন । 
তল সৰা পাতৰ বিননি আৰু 
 বতাহৰ ৰিনিকি ৰিনিকি সুৰৰ ধ্বনি।।
 
 ফাগুন মানেই ,
 ধুলিয়ৰি বাটৰ উদং পথাৰত; 
এজাক অভিমানী পলাশ ,শিমলু 
আৰু ৰঙাচুৱা মদাৰ ফুলৰ
 নানা বৰনীয়া ৰঙৰ বৰ্নিল মেলা ।।           
   
ফাগুন মানেই,
এখনি সেউজীয়া পথাৰত;
সৰিয়হৰ হালধীয়া হালধীয়া ৰঙৰ 
এখন বিশাল পৃথিৱীৰ মানস পৃষ্ঠা ।।

ফাগুনৰ মানেই,
হেজাৰ জনতাৰ মন প্ৰানত,
  ফাগুনে প্ৰতিবাৰে আনে । 
 দেহত ফাকুৱা ৰঙৰ বোল আৰু 
  মনত প্ৰেমৰ এছাতি 
 উতনুৱা বতাহৰ শিহৰনৰ বতৰা।।

ফাগুনৰ ধুলিয়ৰী বাটক
এজাক বৰষুণে ধুই নিয়ক;
শীতৰ লঠঙা বিৰিখ বোৰ ।
আকৌ এজাক বৰষুণৰ
অপেক্ষা অন্তৰত লৈ আহক, 
বসন্তৰ আগজাননী বতৰা।।

✍️নৱজিৎ নাথ।
ছিপাঝাৰ, দৰং....
যোগাযোগ নং; ৬০০১৬৪৭৫০৩..

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)