অকলশৰীয়া হওঁতে হওঁতে
নিষিদ্ধ জনবহুল পথেৰে
আগুৱাইছো যেন বহু যুগ,
সকলো থাকিও যেন ক'তো কোনো নাই
নাই কোনো সাৰি-শব্দ
মাথোঁ কৰ্ণকুহৰত বাজে
অম্বুধিৰ মৃদু স্ৰোত ...
তুমি কৈছা , এয়া মই কাষতেই আছোঁ!
ভদ্ৰ লোকৰ অতি কথা শুনিব জানো
যিদৰে ৰাজপথৰ টেপটোৰ পৰা
অবিৰত পানী পৰে কাৰণ বিহীন ,
ঠিক মই এনেকুৱাই
প্ৰতিদিন, দিনে নিশাই কোনো সলনি নাই
নাই শান্তি !
পথৰ মাজেৰে লৈ গৈছে এটি মৃত দেহ
দূৰতে তুমি মোক হাত বাউলি মাতিছা
কি কৈছা মই শুনি পোৱা নাই , শুনিব পৰা নাই!
জীয়াই থকাবোৰ কিজানি এনেকুৱাই হয়
হয়তো মৰি যোৱাবোৰো
এনেকুৱাই,অদ্ভুত বলিয়ালি !
চাৰিওফালে মোৰ গুণগুণ,
অজস্ৰ মুখ, হয়তো মুখা!
ভিৰৰ মাজেৰেই চাই পঠিয়াওঁ
শেষ সূৰ্যাস্তৰ দিশে
তাৰ পিছত কেৱল তুমি তুমি গোন্ধোৱা !
দূৰ প্ৰান্তৰ ক'ৰবাৰ পৰা শুনা পাওঁ
তুমি কৈছা----
এনেকৈ কোনোবাই কাৰোবাক ভালপাব পাৰে?
হাঁহি উঠে মোৰ, মনতে কওঁ,
আচলতে মই ভালপোৱাৰ মানে
কোনো দিন বুজি পোৱাই নাই ,
মাথোঁ জানিছো জীয়াই থকা তোমাক লৈয়ে
আৰু, ভালপোৱাটো এক বলিয়ালি !!
✍️মাৰ্জিনা বেগম,বৰপেটা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ