য'ত নিজেই নিজক লৈ ব্যস্ত
কাৰো যেন ক'তো সময় নাই।
চাৰিওফালে মাথোঁ হাহাকাৰ, হাহাকাৰ
মাৰ-পিট, হত্যা,বলাৎকাৰ।
এয়াই চহৰ,
কি যে যন্ত্ৰনা
পুলিচেও নোৱাৰে একো কৰিবলৈ।
আছে চৰকাৰ ,আছে সংগঠন
আছে হেনো মন্ত্ৰী বিধায়ক,
কিন্তু নাই কোনো বিচাৰ
হিংসা অহংকাৰে আৱৰা,
এয়াই গুৱাহাটী মহানগৰ।
⭕ভৱানী কলিতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ