অনন্তলৈ আহ্বান- বসন্ত ওজা

©Admin
0
ঐতিহ্য মণ্ডিত
শোণিত কোঁৱৰৰ
ওপজা ভূমিত
বাৰচহৰীয়াৰ ধুম খুম ।
পকামুৰা পথাৰক
পবিত্ৰ কৰিবলৈ
বৰুণ দেৱতাই
দিছে বৰষুণ ।
অপবিত্ৰ অশুচি হৈ
আছে যদি পৰ্য্যটনস্থান
বৃষ্টিৰ আমোলত 
পৱিত্ৰ হ'ব ।
লক্ষ লক্ষ জনতাই
অষ্টাংগে প্ৰণতি জনাই
ভৰলী পৰীয়াক 
সুখ দিব ।
পঞ্চ বৰিষৰ পৰে
পকামুৰা পথাৰত
বাৰ চহৰীয়া ভাওনাৰ
মহা আয়োজন ।
শুনা হে জগত পতি
অভিলাষ নকৰিবা ক্ষতি
পালনৰ বেলিকাত
বৃষ্টিৰ নাই প্ৰয়োজন ।
ভাওনা বাৰ চহৰীয়া
সৃষ্টি ভৰলীপৰীয়া
জামুুগুৰিহাটৰ জনতাৰ
কৃষ্টিৰ মহাপ্ৰাণ ।
নাহিবা চণ্ডী ৰূপধৰি
দিবা দণ্ড পাৰ কৰি
আমাৰ আশা ভৰসা
নেপেলাবা ম্লান ।
কতনা দিনৰ পৰা
কৰিছো মহা আয়োজন
মহা আড়ম্বৰেৰে
পালন কৰিম বুলি ।
পৱন দেৱতাকো আমি
জনাইছ প্ৰণতি
জনতাৰ আশা কাঢ়ি
নিনিবা সমুলি ।
বিশ্বদৰবাৰত এই
মহান উৎৱক
প্ৰতিস্থা কৰিবৰ বাবে
দিয়া সুমতি ।
বাৰ চহৰীয়া ভাওনাৰ
সমন্বয় ক্ষেত্ৰৰ পৰা
সেৱকী ৰূপত কেশ চিঙি
জনাইছো কাকূতি ।

    ◾বসন্ত ওজা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)