চিকিৎসা সেৱাৰ পৰা হাতী চিকাৰ লৈঃ এজন ডাক্তৰৰ সৈতে এখন্তেক -আব্দুৰ ৰহিম

©Admin
0
মই আগফালৰ বাৰণ্ডাতে বহি কিবা এটা ভাবি আছোঁ ।তেনেতে সন্মুখৰ গেটৰ পৰা আহি মোক মাতি লৈ কলে " কি কৰিছে?" মই ভিতৰলৈ মাতি ভিতৰৰ গ্রিলৰ দৰ্জা খন খুলি ভিতৰলৈ মাতি চফা খনতে মানুহ জনক বহিবলৈ দি সুধিলো - " আপোনাৰ নাম ডাক্তৰ উপানন্দো হাজৰিকা নহয় জানো?" " আপোনাৰ ঘৰৰ নেম প্লেট খন দেখি চিনি পাইছোঁ"। মোৰ পৰিচয় দিলোঁ " আব্দুৰ ৰহিম " বুলি। তেখেতে সুধিলে - " এইটো আপোনাৰ নিজৰ ঘৰ নেকি? ইয়াত থকা বিহাৰী মানুহ ঘৰ ক'লৈ গল? " মই উত্তৰ দিলোঁ " হয় "। সিহঁতক ইয়াৰ পৰা পঠিয়ায় দি যোৱা ১৪ ছেপ্টেম্বৰত ঘৰত সোমাইছো । তেখেতে মূৰ দুপিয়াই ক'লে - মানুহ খিনি কিন্তু ভাল আছিল। মই হয় বুলি মূৰ দুপিয়ালো। তেখেতে মোক কি কৰোঁ, অৰিজিনেল ঘৰ ক'ত আদি  বুলি সোধাত মই ক'লো যে মোৰ অৰিজিনেল  ঘৰ চতিয়া হকাজান গাঁৱত আৰু বিহালি কলেজত চাকৰি কৰোঁ বুলি। মোৰো অৰিজিনেল চতিয়াত।আপুনি আমাৰ দেউতাক চিনি পায় নেকি বাৰু? বীৰেণ মৌজাদাৰ যে? মই হয় বুলি মূৰ দূপিয়ালো।আৰু ক'লো যে তেওঁ আমাৰ নাগশংকৰ মৌজাৰ মৌজাদাৰ আছিল।মই তেখেতৰ দ্বিতীয়গৰাকী পুত্ৰ বুলি কোৱাত হেণ্ড চেক এটা দি একে জেগাৰ বুলি সাৱটি ধৰিলো। মোৰ দেউতাৰ লগত আপোনাৰ দেউতা অৰ্থাৎ বীৰেণ মৌজাদাৰ ৰ ভাল সম্পৰ্ক আছিলে। ময়ো কেইবাবাৰো মাটিৰ খাজনা দিবলৈ কেইবা বাৰো গৈছিলো। এতিয়া আমাৰ মৌজাৰ কাম নাই। এছ দি চি অফিচত কাম চলে।
     " আপুনি কোন হস্পিতেল ৰ  পৰা অৱসৰ গ্ৰহণ কৰিছে? "
     " মই গহপুৰৰ হেলেম্ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিলো। আজি ৪ বছৰ মান হল।" তেখেতে আৰু ক'লে যে তেখেত আয়ুৰ্বেদিক ডাক্তৰ হে এলোপেঠিক নহয়। হলেও এলোপেথিক ঔষধ হে প্ৰেস্কাইব কৰে। তেখেতে ডাক্তৰ পেছা সম্পৰ্কে আৰু চিকিৎসা সেৱাত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে অনেক মুখ ৰুচক কাহিনী কৈ যাব ধৰিলে।আজি কালি কি জানে? যেতিয়া কোনো এজন বেমাৰী ডাক্তৰৰ ওচৰলৈ যায় তেতিয়া সুধিব আপুনি কি কৰে বুলি। তাৰ মানে আপোনাৰ কিমান টকা আছে সেইটোৰ ওপৰত হে নিৰ্ভৰ কৰিব।সকলো বোৰ ব্যৱসায় হৈ পৰিল জানেনে? অৱশ্যে ভাল ডাক্তৰ বুলি কোৱা অনেক অভিজ্ঞ চিকিৎসক আছে। সেয়া এপাচি শাকত এটা জালুক। আজি কালি অসমৰ প্ৰত্যেক খন জিলাতে এখন এখন মেডিকেল কলেজ পতাৰ ব্যৱস্থা কৰিছে। এই কামটো মোৰ বোধেৰে ঠিক হোৱা নাই। আগেয়ে চৰকাৰে প্ৰফেছৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ পিছতহে বিল্ডিং আৰু অন্যান্য যাৱতীয় কাম কৰিব লাগে। 
     মই ক'লো " ভালহে হৈছে ।আমাৰ অসমৰ পৰা শ - হাজাৰৰো ঘৰত বছৰি ডাক্তৰ ওলাব। উন্নত মানদণ্ডৰ চিকিৎসা সেৱা আগ বঢ়াব। মানুহ বোৰ চিকিৎসাৰ বাবে বাহিৰলৈ নাযাব। অসমৰ টকা অসমতে থাকিব।" তেখেতে উত্তৰ দিলে " প্ৰেক্তিকেলি কথাটো তেনেকুৱা নহয় জানেনে? যিবিলাক ডাক্তৰ বুলি ভাবিব সেয়া এটা এটা আৱৰ্জনা হ'ব। আজিৰ যি খিনি ডাক্তৰ আছে সেই খিনিয়েই যি জ্বলা কলা দিছে।? "আকৌ কি জানে যদি কোনো এজন চৰকাৰী হস্পিতেলত চাকৰি  কৰা ডাক্তৰ কিবা এটা ভুল কৰিলে তেন্তে সেইজন গাঁৱলীয়া ডাক্তৰৰ লগে লগে আন ঠাইলৈ বদলি কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰে। সেইটো ভাল কাম জানো চৰকাৰৰ? আঁৰে সাধাৰণ ডাক্তৰ জনক যিটো শাস্তি দিয় তাৰ ঠাইত মেডিকেল কলেজৰ প্ৰফেছৰ এজনৰ ওপৰত কৰ চন লগা লগ তেওঁ কলেজৰ চাকৰি বাদ দি ব্যক্তি গত নাৰ্চিং হোমলৈ গুচি যাব, খেলা খতম। নোৱাৰে জানেনে সেইবিলাকৰ ওপৰত এক্সন ল'ব নোৱাৰে।আৰু কি জানে? আপুনি এজন বেমাৰী লৈ এজন ডাক্তৰৰ ওচৰলৈ যাওক লক্ষণ ধৰিব নোৱাৰাকৈ কৈ দিব যে তেওঁ কম খৰচত বেমাৰী ঠিক কৰি দিব। আজি এটা কালি এটা পৰীক্ষা কৰি অধাই মোধাই কিবা কিবি কৰি অৱশেষত ক'ব ইয়াত নহ'ব বাহিৰত দেখুৱাব লাগিব বুলি। ইফালে আপোনাৰ টকা পইচা খৰচ কৰি গবাহাত কৰিলে। এতিয়া আপুনি কি কৰে কৰক। পৰিল নহয় বিপদত আপুনি?
     মোৰ ক্ষেত্ৰতে কি হ'ল জানে? এবাৰ মোৰ চকু দুটাৰ অসুখ হ'ল। অসুখ মানে বহু দিন ধৰি জাল পৰি চকুৰে জলক তবক দেখো।দূৰৈৰ বস্তু মণিব নোৱৰা হ'লো। Eye specialist এজনৰ ওচৰলৈ গ'লো। ডাক্তৰ জন নতুন। মোৰ পৰিবাৰ ও মোৰ লগতে। ডাক্তৰ জনে ইটো সিটো পৰীক্ষা কৰি মোক ক'লে যে মোৰ চকু দুটা যিমান সোনকালে পাৰি অপাৰেচন কৰিব লাগিব।লগতে ক'লে যে কালি লৈকে কৰাটো ভাল।মোৰ পৰিবাৰকো গুৰুত্ব দিবলৈ ক'লে আৰু পৰিবাৰক জোৰ কৰি কালিলৈকে মোক ইয়ালৈকে( মানে চেম্বাৰতে) লৈ যাবলৈ ক৬লে। মোৰ লাগিল ভয়। নতুন ডাক্তৰ। কি কৰে বা। পৰিবাৰেও মোক জোৰ দিলে। মই ভাবিলো মোৰ চকু দুটা কেনেকৈ কাটে বা। লাগিল ভয়। সিও নেৰেহে নেৰে। তাৰ কথা হ'ল কামটো কৰি সি experience ঘটাব। ইফালে মোৰ চকু যি হয় হওঁক। মই ক'লো হ'ব বাৰু।
      পিছদিনা ৰাতিপুৱাই পৰিবাৰে মোক ডাক্তৰ জনৰ ওচৰলৈ নিবলৈ জোৰ দিলে।মই ক'লো সেইটো ডাক্তৰৰ ওচৰলৈ লৈ যাব খুজিছে নেকি? মই তাৰ ওচৰলৈ যোৱাতকৈ নেপাললৈ যাম জানানে। তাৰ কেইদিমান পিছত মই নেপাললৈ গৈ treatment কৰিলোঁ। চকু চিকিৎসাৰ বাবে নেপালৰ আটাইতকৈ বেছি নাম আছে। বিখ্যাত কাঠমাণ্ডু শ্ৰেষ্ঠ।সেইকাৰণে আপুনি এইজোৰ ছচ্মা পিন্ধি আছে বুলি মই উচ্চ স্বৰ দি হাহিলো। এৰা।তেনেতে মোৰ পৰিবাৰে দুয়োজনৰ মাজত চাহ বিস্কুট দি থৈ গল।
      চাহ খাই খাই কবলৈ ধৰিলে তেখেতৰ চিকিৎসক জীৱনৰ সৰু সুৰা ঘটনাৰ কথা।প্ৰথম প্ৰথম মই চতিয়াত কৰৈয়নি সিপৰীয়া অঞ্চলৰ সিপৰিয়া চাব চেন্টাৰত joined কৰিছো। চতিয়া চেণ্টাৰৰ মহেন্দ্ৰ বৰা ডক্তৰক চিনি পায় নহয়।মই নতুন ডাক্তৰ ।সচৰাচৰ বেমাৰী বোৰ পুৰণা ডাক্তৰৰ ওচৰলৈ যায়। নতুন বোৰৰ ওচৰলৈ নাহে। মোৰো ভৈল তেহনৈ অৱস্থা। মহেন্দ্ৰ দাই এদিন লগ পায় কলে কিহে ডাক্তৰ খবৰ কি? মই বোলো ভাল নহয়। বেমাৰী নাহেই দেখোন মোৰ ওচৰলৈ। আহিব, নিশ্চয় আহিব।মহেন্দ্ৰ দাই কলে।এটা কথা মনত ৰাখিব লাগে। ফিজ যিমান বেছি দিমাণ্ড কৰিব পাৰিবা সিমান ভাল ডাক্তৰ বুলি ভাবিব। মই বাৰু বেমাৰী বোৰক কম তোৰ ওচৰলৈ যাবলৈ। তাৰ পিছত কেইজন মান বচা বচা মানুহ , মাতব্বৰ ক কৈ থলে। তাৰ পিছত দেখিলোঁ মোৰ ওচৰলৈ বেমাৰী আহিবলৈ ধৰিলে। মইও যিমান পাৰি বেছি ফিজ লবলৈ ধৰিয়েই থাকিলো। লাহে লাহে মূৰ্গিটো পাচলিটো পাবলৈ ধৰিল। মোৰো লাভ হ'ল মাতব্বৰ কেইটাইও কমিছন পায়। ঔষধৰ নামত দাইজন, ক্লৰকুইন, পেৰাচিতামল, দেকাডন ইঞ্জেকচন, আৰু পলীক্ৰল জেল আদি দিওঁ জ্বৰে হাগণি আদি সাধাৰণ অসুখত।
      এবাৰ হেলেমোত থাকোঁতে এদিন কি হ'ল জানে? মই কোৱাতাৰত আছোঁ। ওচৰৰ গাঁও খনৰ এজনী মানুহ কান্দি কাটি হিয়ালী জীয়ালি হৈ হুলস্থুল লগাবলৈ ধৰিলে। তেতিয়া আলফাৰ ভৰ পক। মোৰ ভয় হ'ল । আলফাই কিবা কৰিলে নেকি। ছোৱালী এজনী দৌৰি মোৰ ওচৰ পালেহি। মই সুধিলো কি হ'ল । তাই কলে যে তাইৰ মাকে পেটৰ বিষত ছটফটাই আছে। ভয়ে ভয়ে মই গৈ এটা ডেকাদণ পুছ কৰি দিয়াত ক্ষান্ত। আকৌ এদিন কি হ'ল। Helem P. H. C ত থকাৰ সময়ৰ ঘটনা।মোৰ লগতে নতুন ডাক্তৰ এজন আহিল।এম্ বি বি এছ পাছ কৰি আমাৰ হস্পিতেলত joined কৰিছে হে। ওচৰৰ গাঁও এখনৰ এজন পুৰণি গেষ্ট্ৰিক ৰুগী এজন আছিল। বুঢ়া বেমাৰী জন মোৰ চিনাকী। ময়ে চিকিৎসা কৰি থাকোঁ তেখেতক।নাতিনিয়েক জনী আমাৰ কোৱাতাৰলৈ ফোপাই জোপাই দৌৰি আহি মোক কলে যে তেখেত হেনো দাত লাগি বেহুচ হৈ পৰি আছে বিচনাত।ল'ৰা লৰি যাব লাগে। মই উত্তৰ দিলোঁ যে মোৰ বেলেগ ফালে যাব লগীয়া আছে। এখেত যাব চিন্তা কৰিব নালাগে। মই নতুন ডাক্তৰ জনক যাবলৈ কোৱাত ছোৱালী জনীৰ লগত তেখেত গ'ল।ভাল ডাক্তৰ। চোকা মগজুৰ। তেখেতে গৈ প্ৰেচাৰ ,আৰু পালচ পৰীক্ষা কৰি প্ৰথমতে ডাইজিন দুটামান চুপিবলৈ দিলে। তাৰ পাছত পলিক্ৰলজেল বটল এটা জোকাৰী জোকাৰি দুই চামুচ মান খুৱাই বেমাৰীক সুধিবলৈ ধৰিলে। দাত নেৰাইহে নেৰাই। বহুত চেষ্টা কৰি নোৱাৰাত দেকাদোন এটা পূচ কৰিলে। বেমাৰী জনে মুখৰ ভিতৰত কিবা ভোৰ ভোৰাই থাকিবলৈ ধৰিলে। ছোৱালী জনী আকৌ মোৰ ওচৰলৈ দৌৰি আহিল ।মই তাইক গাখীৰ দুগিলাছ গৰম কৰি থবলৈ পৰামৰ্শ দি গৈ আছোঁ তই যা বুলি কলো। অলপ সময়ৰ পিছত মই গৈ পাই দেখিলোঁ ডাক্তৰ জনে ঠিকেই ঔষধ দিছে।গাখীৰ এগিলাছ আনিবলৈ ছোৱালী জনীক কোৱাত ছোৱালী জনীয়ে ক৬লে যে ককাই দাত মুখ মেলা নাই কেনেকৈ খুৱায়। মোৰ মাত শুনি বুঢ়াই সেহাই সেহাই ক'লে হাজৰিকা নেকি ? মই হয় বুলি কোৱাত কলে এইজন কোন ডাক্তৰ? মই উত্তৰ দিলোঁ নতুন ডাক্তৰ বুলি। যি জনৰ ওপৰত তেখেতৰ বিশ্বাস জন্মে তেখেতৰ বেমাৰ outometik ভাল হৈ যায়। মই ক'লো যে বিশ্বাসী ডাক্তৰ এজন দেখিলে তেওঁ সৰু ডক্তৰেই হওঁক লাগে ডাঙৰ বেমাৰো ভাল হৈ যায়। আমাৰ চতিয়া হকাজন গাঁৱৰ ওচৰৰে চেঙামাৰী চাব চেন্টাৰত নাৰায়ণ শৰ্মা নামৰ এজন pharmasist মানে কম্পাউণ্ডৰ আছিল। সেই গহপুৰ কলাবাৰী ফালৰ। এতিয়া তেখেতে বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেল ৰ পৰা ৰিতায়াৰ কৰি চাৰিআলিৰ বাসিন্দা। তেখেত ইমান বিশ্বস্ত আছিল আৰু ইমান অভিজ্ঞ চিকিৎসক আছিল ওচৰৰ ভাল এম বি বি এছ ডাক্তৰ ৰ ওচৰলৈ বেমাৰী নগৈ শৰ্মা দাৰ ওচৰত যায়। আমাৰ ঘৰুৱা ডাক্তৰ আছিল। Pharmasist বোৰ এম বি বি এছ নহয়। সিহঁতে প্ৰথমেই বেছি পাৱাৰৰ ঔষধ দিয়ে । মই বোলোঁ হয় নেকি । আমি কথা বোৰ নাজানো নহয়। মহেন্দ্ৰ বৰা ও ভাল মানুহ। কিন্তু ফিজ বেছি ডিমাণ্ড কৰে। আমাৰ গাঁৱৰ আব্বাছ আলি দাইটিৰ লগত সু সম্পৰ্ক আছিল । তেখেতৰ ভায়েক দিগন্ত বৰা আমাৰ ক্লাছ মেট আছিল। মহেন্দ্ৰ ডাক্তৰ এ মোৰ দাদা আব্দুল মজিদৰ পুৰণি মেলেৰিয়া জ্বৰ কম খৰচত ভাল কৰি দিছিল। হয় হয় বুলি মূৰ দুপিয়ালে। খালি তেখেতে টেবলেট ৰ ষ্ট্ৰীপ টো ৰ সলনি কাটি কুটি এটা এটা কৰি দিয়ে নামটো ধৰিব নোৱাৰাকৈ। সেয়া তাৰ কিতিপ।
      চিকিৎসা সম্পৰ্কীয় কথা বাদ দি তেখেতে আন আন প্ৰসঙ্গৰ লগতে কলে - " আমাৰ হাতীৰ মহল আছিল জনেণে? কোচ গাঁৱৰ এইখন তেতিয়া জংঘলেৰে ভৰা। সেই ফালে সৌটো ৰাস্তা অৰিয়েন্ত ফ্লাৱাৰ কলেজ লৈকে হাবি গেজেপনি। তাৰ পৰা অলপ দূৰৈত অৱস্থিত কুঁৱৰীৰ আমাৰ হাতীৰ মহল। "হয় হয় মই উত্তৰ দিলোঁ। আমাৰ hokajan গাঁৱৰ আমাৰ মামা হবিবল্লা শেখ ( বপুকন মোমাই), ভণ্ডা মহাজন ( আব্দুৰ ৰহমান ), ঘাহী মুচলমান গাঁৱৰ শতাই বুঢ়া , আফাজ আলি, নালিয়া মহাজন , পথেককুৰী গাঁৱৰ সৰুকন শইকীয়া( কুতা বুঢ়া ) আদি সকলোৰে হাতীৰ মহল আছিল বুলি আমি জানো। " আপোনালোকৰ সেইখিনি মানুহৰ মহল সম্পৰ্কীয় চিনাকী এটা আমাৰ আছিল। আপুনিয়ে কলে হবিবুল্লা নে বাপুকণ বুলি তেখেতৰ লগত আমাৰ একেবাৰে ভাত ঘৰৰ সম্পৰ্ক আছিল।
      হয় হয়। তেখেত আমাৰ মোমাই আছিল। মোমাইৰ সাতটা হাতী আছিল। এজনী কুনকী অৰ্থাৎ চিকাৰী হাতী আছিল। নাম আছিল ' বগীতৰা '। তিনিটা দটাল আৰু তিনিজনী মখণা। কুনকি হাতী জনী মৰি যোৱাৰ পিছত মামাৰ দিন বেয়ালৈ আহিল। তাৰ কেইমাহ মান পিছতে ডতাল হাতী এটাও মৰিল । বহু দিন ধৰি হাতী ধৰিব পৰা নাই। আমাৰ ককাদেউতাই মামাক কলে - " বাপুকণ। কথা এটা শুন।  তই মহল খেলিবলৈ বাদ দে। এটা হাতী বিক্ৰী কৰি মাটি অলপ কিনি ল। এই কেই বছৰ কি হৈছে দেখিচনে? " মামাই  ফুটনি মৰি কলে - " মই মহল খেলিবলৈ নেৰো দেদাই। মাটি চাতি বেচি মই লেঙতা হৈ গ'লেও মই মহল খেলিমেই। মোক এইবোৰ কথা নকবি ।" হাতী মাটি আৰু নাৰী এই তিনিটাই মানি থকা লৈকে ঠিকেই থাকে। নেমানিলে সৰ্বনাশ। Hobibulla মোমাইৰো অৱস্থা তেনেকুৱা হল । মাটি বাৰী ঘৰ দুৱাৰ বেছি দেউলীয়া হ'ল। ভাগ্যে পুতেক টো ঘৰৰ পৰা পলাই গৈ এটা মটৰ পৰিবহণত ড্ৰাইভাৰ কাম কৰি অলপ মাটি ঘুৰালে।
      আমাৰ মহল সেই অৰিয়েণ্ট ফ্লৱাৰ কলেজৰ সিফালে কুঁৱৰীৰ ওচৰতে। আমি কেতিয়াবা গৰু গাৰীত কেতিয়াবা চাইকেলত ৰছড পাতি বোজাই কৰি কেতিয়াবা দিনত কেতিয়াবা ৰাতি ৰাতি মহল পাওঁগৈ। এবাৰ কি হ'ল। মই ৰাতি মহলৰ তম্বু তে আছোঁ। ৰাতি ভাত পানী খাই সন্মুখতে কাঠৰ ধুনি জ্বলাই জুই পুৱাই শুবলৈ বুলি বিছনা পাৰি বহি আছোঁ। তেনেতে ভিতৰৰ পৰা দেখিলোঁ এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ হাত মেলি জুই পুৱাই আছে।মোৰ ভয় হ'ল। কোন পলকত জঁপিয়াই আমাৰ ওপৰত পৰে বা। মই আমাৰ দেউতাৰ মহলত থকা বন্দুক টো ৰেদি কৰি তাৰ ফালে টোৱাই থৈ দিছোঁ। সি জপিয়ালেই বুকু লক্ষ্য কৰি চত কৰিম। ভাগ্য ভাল অলপ পিছতে গুছি গল। এবাৰ কি হ'ল আমাৰ দেউতাই ডাঙৰ হৰিণ এটা চিকাৰ কৰি তাৰ ৰান টো আমাৰ ঘৰলৈ আনি থৈ দিছে।মই তেতিয়া নতুন বিয়া কৰাই ছো। দেউতাই মাংস খিনি বোৱাৰিয়েকক মাতি ভিতৰৰ বৰ ঘৰলৈ লৈ যাবলৈ কলে। নতুন বোৱাৰী তাতে। থৈ দিলে বাহিৰ ঘৰত আখল ঘৰৰ সলনি। মায়ে বোৱাৰীয়েকক সোধাত কি মাংস বুলি কৈ সেয়া গাহৰি বুলিহে ভাবিছিলো । বাহিৰতে আছে। সেয়া পহু মাংস বুলি চিনিয়েই পোৱা নাছিল। আগেয়ে দেখিলে হে চিনি পাব। দেউতাই গোলাপী পানীৰ লগত এক কিলো মান খাই দিলে নহয়।
      " বহুত পলম হয়। উঠো আৰু। ঠাণ্ডা ও বেছি পৰিছে। " তেখেতে কৈ উঠি যাবলৈ ওলাল।
      হয় দিয়ক। আকৌ আহি থাকিব মাজে মাজে।
      আপুনিও যাব চোন মোৰ ঘৰলৈ । কথা পাতিম।
      এই বুলি কোৱাত মই বিদায় দিলোঁ।........ 


                       ✍️আব্দুৰ ৰহিম 
                            বিশ্বনাথ চাৰিআলি 
                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)