আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰু নাৰী সবলীকৰণৰ স্বল্প আলচ-সুশান্ত দাস

©Admin
0
আন্তঃৰাষ্ট্রীয় নাৰী দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে নাৰীৰ প্রতি সন্মান প্রদর্শনৰ লগতে ‘নাৰী সবলীকৰণ’ৰ উদ্যোগ গ্রহণ কৰা৷ এয়া হৈছে নাৰীক আধ্যাত্মিক, শৈক্ষিক, আর্থিক, ৰাজনৈতিক আৰু সামাজিক দিশত শক্তিশালী কৰাৰ এক পদক্ষেপ৷ এখন সমাজ অথবা দেশে উন্নয়ণমুখী দিশ লাভ কৰাৰ প্রাথমিক চর্ত হৈছে নাৰীৰ শিক্ষা আৰু তেওঁলোকৰ বৈজ্ঞানিক মানসিকতাৰ সঠিক বিকাশ৷ এজন পুুৰুষক শিক্ষিত কৰাৰ অর্থ হ’ল নির্দিষ্ট এজন পুৰুষক শিক্ষিত কৰা৷ কিন্তু যেতিয়া এগৰাকী নাৰীক শিক্ষিত কৰা হয়, তেতিয়া এটা প্রজন্ম অথবা এটা জাতি শিক্ষিত হোৱাৰ ক্ষেত্র তৈয়াৰ হয়৷ ভাৰতীয় সংস্কৃতিত নাৰীৰ সন্মানক যথেষ্ট গুৰুত্ব প্রদান কৰি অহা হৈছে৷ ‘নাৰী’ শব্দটোৰ ব্যাপকতাৰ নির্দিষ্ট কোনো সীমা নাই আৰু থাকিবও নোৱাৰে৷ জীৱনৰ অস্তিত্ব ‘মা’ৰ গর্ভত সঞ্চাৰিত হৈ ভগ্নী-পত্নী-জীৰ মাজেৰে বিস্তাৰিত হোৱাৰ প্রতিটো স্তৰতেই একোগৰাকী ‘নাৰী’য়ে সকলোৰে জীৱনক প্রভাৱিত কৰি আহিছে, কৰি থাকিব৷ উপাসনা অথবা সন্মান যচাৰ মাধ্যমেৰেও নাৰীক যুগ-যুগান্তৰৰ পৰা উচচ আসন প্রদান কৰি অহা হৈছে৷ তথাপি বর্তমান সময়ত নাৰীৰ প্রতি পোষণ কৰা সেই শ্রদ্ধাভাৱ ক্রমান্বয়ে হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰাটো ইতিহাসে প্ৰতীয়মান কৰিছে। কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এটা উল্লেখযোগ্য দিন। সমগ্ৰ পৃথিৱীত যোৱা এক শতিকাৰ ওপৰকাল এই দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হৈ আহিছে। ১৯১০ চনত আৰম্ভ হোৱা আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চৰ তাৎপৰ্য জানিবলৈ আমি উভতি যাব নাগিব নাৰী আন্দোলনৰ এই সুদীৰ্ঘ পৰিক্ৰমালৈ।

        মধ্যযুগত নাৰীক এবিধ পণ্য হিচাপে গণ্য কৰা হৈছিল। মনু সংহিতাতো কোৱা হৈছিল নাৰীৰ বিবাহপূৰ্ব অৱস্থাত পিতৃৰ, বিবাহৰ পাছত স্বামীৰ আৰু বৃদ্ধাৱস্থাত পুত্ৰৰ অধীন। পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা বুলি নাৰীক এটা যৌন সত্তা বুলি স্বীকৃতি দিয়া হৈছিল। শিল্প বিপ্লৱৰ পাছত একাংশ নাৰী উৎপাদনৰ সৈতে সামান্যভাৱে জড়িত হ’লেও নাৰীক পুৰুষৰ সৈতে সমান কামৰ বাবে সমান মজুৰি দিয়া হোৱা নাছিল। শিক্ষ-দীক্ষাৰ অভাৱত নাৰীয়ে বিশেষ কৰ্ম-কুশলতা লাভ কৰিব পৰা নাছিল। ফলত নাৰীয়ে অদক্ষ বনুৱা হিচাপে অসংগঠিত খণ্ডত সাধাৰণ বনুৱা হিচাপে কাম কৰিছিল। ফলত নাৰীক অৰ্থনৈতিকভাৱেও শোষণ কৰা হৈছিল। নাৰীৰ বাবে স্বাধীনতা, সমতা, সমান কামৰ বাবে সমান মজুৰি আৰু ৰাজনৈতিকভাৱে ভোটাধিকাৰৰ দাবীত তাৰ বহু আগৰেপৰাই নাৰীয়ে সংগ্ৰাম কৰি আহিছিল। অৱশ্যে ভাৰতবৰ্ষৰ দৰে দেশত জন্ম লাভ কৰাৰ বাবে আমি ভোটাধিকাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা নাছিল। ভাৰতীয় সংবিধানে বৰ্তমান ১৮ বছৰৰ সকলো পুৰুষ-মহিলাকে ভোটদানৰ অধিকাৰ দিছে। কিন্তু পৃথিৱীৰ আন বহুতো দেশত আমাৰ লগৰ বহুত বাই-ভনীয়ে নিজৰ ভোটাধিকাৰৰ বাবে দীঘলীয়া সংগ্ৰাম কৰাৰ উদাহৰণ আছে। ঠিক তেনেদৰে নাৰীৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি সমাজৰ অন্যান্য বহুতো বিষয়ত নাৰীৰ কোনো স্বাধীনতা নাছিল। ছেগা-চোৰোকাকৈ পৃথিৱীৰ বিভিন্ন দেশত নাৰী আন্দোলন আৰম্ভ হৈছিল ওঠৰ শতিকাতে। ফ্ৰান্সত শ্ৰমজীৱী নাৰীসকলে ওঠৰ শতিকাতে নাৰীৰ বাবে জীৱিকা অৰ্জনৰ সুবিধা আৰু সমঅধিকাৰৰ দাবী তুলিছিল। ১৯০৫ চনৰ পৰা ১৯০৭ চনত ৰাছিয়াৰ স্বেচ্ছাচাৰী জাৰ নিক’লাছৰ নিষ্ঠুৰ শাসনৰ পৰা মুক্তি বিচাৰি নাৰীসকলে বিদ্ৰোহত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ৰাছিয়াত ১৯১৭ চনৰ ৭ মাৰ্চত প্ৰথম বিশ্বযুদ্ধৰ মৃত্যুবৰণ কৰা হাজাৰ হাজাৰ সৈনিকৰ পৰিয়ালৰ মাতৃ, পত্নী, ভগ্নীসকল দলে দলে ওলাই আহি পেট্ৰগ্ৰাদ (বৰ্তমান লেনিনগ্ৰাদত) শোভাযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাছিয়াৰ বস্ত্ৰশিল্পৰ লগত জড়িত মহিলা শ্ৰমিকসকলে নিষেধাজ্ঞা অমান্য কৰি এই প্ৰতিবাদ কাৰ্যসূচীত অংশ লৈছিল। অৱশেষত জাৰৰ পতনৰ চাৰিদিনৰ পাছত নাৰীক ভোটাধিকাৰ দিয়া হৈছিল। এই বিপ্লৱ জুলিয়ান কেলেণ্ডাৰৰ মতে ২৩ ফেব্ৰুৱাৰীত হৈছিল যদিও সেই দিনটো গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ মতে ৮ মাৰ্চ আছিল। আমেৰিকাতো নাৰীশক্তি জাগ্ৰত হৈছিল ১৮৫৭ চনত নিউযৰ্কৰ বস্ত্ৰশিল্পৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বিৰুদ্ধে আৰু দৈনিক ১৬ ঘণ্টাৰ ঠাইত ১০ ঘণ্টা শ্ৰমৰ দাবী জনাই নাৰীশক্তিয়ে বিদ্ৰোহ কৰিছিল। ১৯০৮ চনত ভোটাধিকাৰ আৰু ৮ ঘণ্টা শ্ৰমৰ দাবীয়ে নাৰী শক্তিৰ ন্যায্য দাবীৰ সমৰ্থনত  হাজাৰ হাজাৰ নাৰী ওলাই আহিছিল। এইদৰে পৃথিৱীৰ বহুতো দেশত নাৰীৰ প্ৰাপ্য মৰ্যাদাৰ দাবীত আন্দোলন চলাই থকা হৈছিল। ভাৰতবৰ্ষতো স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ শ-শ নাৰী ওলাই আহিছিল। পোনতে সকলোৱে একেটা তাৰিখতে নাৰী দিৱস পালন কৰা নাছিল। ইউৰোপ, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ বিভিন্ন ঠাইত নাৰীসকল সংগঠিত হৈ মাৰ্চ-এপ্ৰিলৰ কোনোবা এটা তাৰিখত নাৰী দিৱস পালন কৰা হৈছিল। কিন্তু সকলোৰে উদ্দেশ্য আছিল নাৰীৰ ওপৰত চলি অহা বৈষম্য নিৰ্যাতন, শোষণৰ অন্ত পেলাই নাৰীক সন্তান উৎপাদনৰ আহিলা হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে মানৱ সত্তা ৰূপে পূৰ্ণ মানৱৰ স্বীকৃতি দিয়া। ১৯১০ চনত কোপেনহেগেনৰ সন্মিলনত ক্লাৰা জেটকিনে আগবঢ়োৱা প্ৰস্তাৱ বাস্তৱায়িত কৰি অৱশেষত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ চনদত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি নাৰীক মানৱ সত্তা হিচাপে স্বীকৃতি দিয়া হ’ব। নাৰী আন্দোলনৰ এই সুদীৰ্ঘ সংগ্ৰামৰ স্বীকৃতি হিচাপে অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে। কেৱল সেয়ে নহয় ১৯৭৫-১৯৮৫ চনলৈ সমগ্ৰ দশকটো নাৰী দশক হিচাপে ঘোষণা কৰিলে। এই দীঘলীয়া সংগ্ৰামত বিশেষ অৰিহণা যোগোৱা ক্লাৰা জেটকিনৰ দৰে ৰাছিয়াৰ আলেকজেন্দ্ৰা কল’নটাই, নাৰীবাদৰ প্ৰবক্তা মেৰী ওৱেলষ্টোন ক্ৰাফট, লুক্ৰেচিয়া ম’টে, মেচী ষ্ট্ৰীট, জুলিয়েট মিটচেল আদিৰ নামো সমানে উল্লেখযোগ্য। এইসকল নেত্ৰী আৰু হাজাৰ হাজাৰ সংগ্ৰামী নাৰীৰ আত্মবলিদানৰ বিনিময়ত নাৰীৰ বাবে স্বাধীনতা আৰু সমতাৰ প্ৰশ্নটোৰ প্ৰতি বৰ্তমান সমগ্ৰ বিশ্বৰে চকু মুকলি হৈছে।  ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ চনদত সকলোৰে বাবে মানৱ অধিকাৰৰ ঘোষণা (Universal Declaration of Human Rights) কৰাৰ পাছত নাৰীৰ অধিকাৰ মানৱ অধিকাৰৰ অন্তৰ্গত এক মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছে। নাৰীৰ অধিকাৰৰ সুৰক্ষাৰ বাবে অন্যান্য ভালেমান কাৰ্যসূচীও ঘোষণা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাৰীৰ মৰ্যাদা আৰু সুৰক্ষাৰ বাবে বিভিন্ন কাৰ্যসূচী লোৱাৰ উপৰি আমাৰ দেশতো নাৰীৰ সুৰক্ষা, অধিকাৰ আৰু সমতা স্থাপনৰ হকে প্ৰচেষ্টা অব্যাহত আছে। কিন্তু স্বাধীনতাৰ তিনি কুৰি আঠ বছৰৰ পাছতো আমাৰ দেষত প্ৰকৃত অৰ্থত নাৰীয়ে প্ৰাপ্য মৰ্যাদা লাভ কৰিছে বুলি ক’ব নোৱাৰি। প্ৰকৃত অৰ্থত শিক্ষা আৰু সজাগতাৰ অভাৱত এতিয়াও নগৰে-চহৰে, গাঁৱে-ভূঁয়ে নাৰা নিৰ্যাতনৰ অলেখ ঘটনা ঘটি আছে। কন্যা ভ্ৰূণ হত্যা, যৌতুকজনিত হিংসা, নাৰী দেহৰ ব্যৱসায়, নাৰী চালান কৰা দুষ্টচক্ৰৰ সক্ৰিয়তা, বলাৎকাৰৰ দৰে নাৰীৰ শ্লীলতা হানিৰ ঘটনা, ডাইনীৰ সন্দেহত নাৰী হত্যা আৰু অজস্ৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কাৰণে এতিয়াও প্ৰতিদিনে শ-শ নাৰীয়ে মৃ্‌ত্যুক সাৱটি ল’ব লগা হৈছে। ৰাষ্ট্ৰসংঘই নাৰী-বিৰোধী বৈষম্যবোৰ আঁতৰ কৰি নাৰীৰ অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ কিছুমান বিশেষ চুক্তিৰ ধাৰা সন্নিবিষ্ট কৰিছে। নাৰীৰ অধিকাৰসমূহৰ বিকাশ সাধনৰ বাবে ৰাষ্ট্ৰসংঘই কেইবাখনো বিশ্ব সন্মিলন আয়োজন কৰিছিল। ১৯৭৫ চনৰ ১৯ জুনৰ পৰা ২ জুলাইলৈ মেক্সিকোত প্ৰথমখন সন্মিলন, ১৯৮০ চনৰ ২৪-৩০ জুলাইলৈ ডেনমাৰ্কৰ কোপেনহেগেনত দ্বিতীয়খন বিশ্ব নাৰী সন্মিলন, ১৯৮৫ চনৰ ১৫-২৬ জুলাইলৈ কেনিয়াৰ নাইৰোবিত তৃতীয়খন বিশ্ব সন্মিলন আৰু ১৯৯৫ চনৰ ৪-১৫ ছেপ্টেম্বৰত চীনৰ বেইজিঙত চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় নাৰী সন্মিলন অনুষ্ঠিত কৰে। প্ৰতিখন সন্মিলনত নাৰী মৰ্যাদাৰ সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত কৰা ভালেমান কাৰ্যসূচী চিনাক্ত আৰু ৰূপায়িত কৰাত গুৰুত্ব দিছে। চতুৰ্থ সন্মিলনৰ মূল বিষয় উন্নয়ন প্ৰক্ৰিয়াত নাৰীৰ পূৰ্ণ সহযোগিতা, শিক্ষাৰ অধিক সুৰক্ষা আৰু মৰ্যাদাৰ উন্নয়ন লক্ষ্য হিচাপে লোৱা হৈছিল। পাছত প্ৰতি বছৰে নাৰী উন্নয়নৰ বাবে একোটা মূল উদ্দেশ্য থিৰাং কৰা হয়।


           ভাৰতীয় সমাজত দুর্গা, সৰস্বতী, পার্বতী, লক্ষ্মী আদিক পূজা কৰা হয় ঠিকেই, কিন্তু বাস্তৱত তেওঁলোকৰ সত্তাক পূজা কৰাৰ পৰিৱর্তে মানসিক আৰু শাৰীৰিক নির্যাতন চলোৱাহে পৰিলক্ষিত হয়৷ এনে এটা পর্যায় পাইছেগৈ যে সংবাদ মাধ্যমত নাৰী নির্যাতন সম্পর্কীয় বাতৰি এটা প্রকাশ নহ’লে যেন বাতৰি আধৰুৱা হৈ ৰয়! এটা পর্যায়লৈকে শাস্তিমূলক আইনী ব্যৱস্থাই নাৰীক সৱল আৰু সুৰক্ষিত কৰিব পাৰে বুলি অনুমান হয়, কিন্তু প্রণয়ন হোৱা আইনসমূহ বলৱৎ হোৱাৰ সমান্তৰালভাৱে এই আইনসমূহৰ সুবিধা আৰু উপকাৰিতাসমূহক সর্বসাধাৰণৰ কাষলৈ লৈ যাব পাৰিলেহে এনে আইনসমূহৰ সুফল নাৰীয়ে লাভ কৰিবলৈ সক্ষম হ’ব৷ নাৰীৰ ওপৰত হোৱা নির্যাতনৰ বাবে জগৰীয়া কোন? পুৰুষ নে নাৰী? প্রকৃততে নাৰী-পুৰুষৰ সম্পর্কটো পৰস্পৰৰ পৰিপূৰক হয়৷ ইয়াত কোনো সৰু-ডাঙৰ নাই৷ নাৰীৰ স্বাধীনতা, সন্মান আৰু সমতাৰ প্রশ্নও পুৰুষৰ সৃষ্টি নহয়৷ নাৰীৰ অস্তিত্বৰ প্রশ্ন কেৱল জীৱনক বুজি পোৱাৰ লগতহে জড়িত৷ একাংশ নাৰীয়ে নিজেই এক সুখময় আৰু সুনিশ্চিত ভৱিষ্যতৰ তাড়নাত অলক্ষিতে হ’লেও নিজৰ বর্তমান নষ্ট কৰিবলৈ ধৰিছে৷ তেওঁলোকে প্রতিটো স্তৰতেই কেৱল মধ্যমার্গ অৱলম্বন কৰাৰ অভ্যাসত ব্রতী হৈছে৷ ‘নাৰীয়েই নাৰীৰ শত্রু’ বোলা কথাষাৰ একেবাৰেই অর্থহীন৷ একে লিংগৰ মাজত শত্রুতা কেতিয়াও সম্ভৱ নহয়৷ প্রকৃততে শত্রুতা এনে এটা পৰিভাষা যি লিংগ, বর্গ, জাতি, বর্ণ, ভাষা আদিৰ সৈতে কোনো কাৰণতেই জড়িত নহয়৷ ইয়াত ব্যক্তিগৰাকী পুৰুষ নে মহিলা সেইটোও বিষয় নহয়৷ প্রকৃততে এজনৰ হিতৰ বিপৰীতে অহা প্রতিজন ব্যক্তিয়েই সেই ব্যক্তিজনৰ বাবে শত্রু হৈ পৰে৷ দুজন ভাতৃৰ মাজত থকা মাটি-বাৰীৰ বিবাদৰ কাৰণে কেতিয়াও এনেকৈ কোৱা নহয় যে ‘পুৰুষেই পুৰুষৰ শত্রু’৷ প্রকৃত কথাটো হ’ল বিবাদ অথবা কাজিয়া হৈছে কোনো বস্তু, ভাৱনা, সম্বন্ধ আৰু পৰিস্থিতিৰ মাজত ঘটা অনিয়মৰ পৰিণাম, সেয়া লাগে দুজন পুৰুষৰ মাজত হওক অথবা দুগৰাকী মহিলাৰ মাজত৷ এই সমস্যাসমূহ আমাৰ নিজৰ কাৰণেই উদ্ভৱ হোৱা সমস্যা৷ আমিয়েই আমাৰ কন্যা সন্তানক সিঁহতৰ সক্ষমতাক বুজি পোৱাৰ সুযোগ নিদিওঁ যাৰ পৰিণতিতেই আমাৰ সমাজত নাৰীসকল সদায়েই অৱলা, দুর্বল আৰু পিছ পৰি ৰ’ব লগা হয়৷ নাৰীৰ সবলীকৰণ বিষয়টো সম্প্ৰতি বহুলভাৱে চৰ্চিত এক বিষয়ৰূপে পৰিগণিত হৈছে।

নাৰী সবলীকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা এখন আঁচনি হ’ল স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ আঁচনি। ১৯৯৯ চনত আৰম্ভ কৰা এই আঁচনিয়ে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত কেনেদৰে সহায় কৰিছে তাৰে এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ নাৰীৰ স্বৰোজগাৰৰ বাট মুকলি কৰা এই আঁচনিৰ অন্যতম উদ্দেশ্য। মহাৰাষ্ট্ৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ সচিব চন্দ্ৰা আয়েংগাৰ নামৰ মহিলাগৰাকীয়ে আন পাঁচগৰাকী প্ৰশাসনিক বিষয়া (কেউগৰাকী মহিলা)ৰ সহযোগত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৃহৎ সংখ্যক আত্মসহায়ক গোট গঠন কৰি মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিছে। পাপৰ, বৰ, দুগ্ধজাত সামগ্ৰী, হস্তশিল্পৰ সামগ্ৰী, হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি অৰ্থনৈতিক দিশত আত্মসহায়ক গোটৰ মহিলাসকল লাভৱান হৈছে আৰু অৰ্থনৈতিক স্বাৱলম্বিতাই তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিছে। আত্মনিৰ্ভৰশীল হৈ পৰিয়াল তথা সমাজত এক সন্মানীয় জীৱন-যাপন কৰিবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণৰ এয়া এক উদাহৰণ। ৱিজি নিবাসন নামৰ মহিলাগৰাকীয়ে একক প্ৰচেষ্টাৰে ‘অদিতি’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটা প্ৰতিষ্ঠা কৰি বিহাৰ আৰু ঝাৰখণ্ডৰ গ্ৰামাঞ্চলৰ অৱদমিত নাৰী সমাজৰ উন্নতি কল্পে কাম কৰিছে। ২০০৫ চনলৈকে তেওঁ ৫৬৮ টা আত্মসহায়ক গোট স্থাপন কৰিছিল আৰু এই আত্মসহায়ক গোটে ৩৪,০০০ মহিলাক কৰ্মসংস্থাপন দিছিল। এই আত্মসহায়ক গোটসমূহে কৃষি, খাদ্য সামগ্ৰী প্ৰস্তুত কৰা আৰু স্থানীয় সামগ্ৰী আদি উৎপাদনত মনোনিৱেশ কৰি আহিছে। ‘অদিতি’ৰ আত্মসহায়ক গোটৰ সহযোগত কিশোৰী কন্যাক এম্ব্ৰইদাৰী, স্ক্ৰীন প্ৰিণ্টিং, ঊল গোঁঠা আদিৰ প্ৰশিক্ষণ দিয়া হয় আৰু তেওঁলোকে প্ৰস্তুত কৰা বস্তু বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰি অৰ্থ উপাৰ্জনৰ পথো প্ৰশস্ত কৰা হৈছে। মহিলা সবলীকৰণৰ দিশত ‘অদিতি’ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টা প্ৰশংসনীয়। আমাৰ অসমতো স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ আঁচনিৰ অন্তৰ্গত গাঁৱে-ভূঞে বহুতো আত্মসহায়ক গোট স্থাপন হৈছে। এইসমূহৰ সদস্যসকলে পিঠা-পনা, জাম-জেলি, হস্তশিল্পজাত সামগ্ৰী, হাতে বোৱা বস্ত্ৰ আদি প্ৰস্তুত কৰি উপাৰ্জনৰ পথ উলিয়াই লৈছে। সামান্য মূলধন বিনিয়োগ কৰি তেওঁলোকে উপাৰ্জনৰ এই সুযোগ লাভ কৰি উপকৃত হৈছে। শিক্ষাই নাৰীক সবলীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰে। গতিকে, শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব। নাৰীসকলে তেওঁলোকৰ জীৱনক প্ৰভাৱান্বিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰা, এইসমূহক নিয়ন্ত্ৰণ কৰা অথবা এইসমূহত প্ৰভূত্ব বিস্তাৰ কৰিব পৰা ক্ষমতা অৰ্জন কৰাটো নাৰীৰ সবলীকৰণে নিশ্চিত কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাই মনলৈ আত্মবিশ্বাসৰ ভাৱ অনাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সৈতে অথবা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস যোগায়। সামাজিক, ৰাজনৈতিক আদি ক্ষেত্ৰতো নাৰী সবলীকৰণে বৈষম্যৰ আৱৰ্তত থাকি, নিৰ্যাতন ভোগা নাৰী সমাজক এক সুখময় জীৱন-যাপন কৰাত অৰিহণা যোগায়। পৰিয়ালৰ ভিতৰতে নাৰীগৰাকী অনেক সময়ত পুৰুষৰ সমমৰ্যাদাৰ পৰা বঞ্চিত হয় আৰু সমঅধিকাৰ প্ৰাপ্যতো বাধা প্ৰদান কৰা হয়। স্বামীৰ মৃত্যুৰ পাছত অনেক সময়ত নাৰীগৰাকীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰো উদাহৰণ দেখা যায়। আনহাতে, নাৰীগৰাকী যদি অশিক্ষিত বা অৰ্ধশিক্ষিত হয় আৰু নিজৰ কোনো সংস্থাপন নাথাকে তেনেক্ষেত্ৰত তেওঁ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ মানসিকভাৱে বিপৰ্যস্ত হৈ পৰে। এনেধৰণৰ নিৰ্যাতন অনেক সময়ত সমাজৰ চকুত নপৰাকৈয়ে সংঘটিত হৈ থাকে। ভাৰতবৰ্ষৰ কেতবোৰ অঞ্চলত এনে প্ৰথাও প্ৰচলিত হৈ আছে য’ত ঘৰৰ মাটি-সম্পত্তি ভাগ-বাটোৱাৰা নহ’বলৈ বিধৱা নাৰীগৰাকীক পৰিয়ালৰ অবিবাহিত পুৰুষজন (স্বামীৰ ভাতৃ)ৰ সৈতে কোনো আনুষ্ঠানিকতাও নকৰি যুগ্মজীৱন পালিবলৈ বাধ্য কৰোৱা হয়। আকৌ কিছুমান পৰিয়ালত মৃত স্বামীৰ চৰকাৰী সম্পত্তি পোৱা পত্নীগৰাকীক পৰিয়ালৰ ভিতৰতে পুনৰ্বিবাহ কৰিবলৈ বাধ্য কৰে। এইবোৰ নাৰী নিৰ্যাতনৰে একো একোটা উদাহৰণ নহয় জানো? কেতিয়াবা আকৌ পুত্ৰকে সমস্ত সম্পত্তিৰ অধিকাৰ কৰাৰ ফলত আৰ্থিকভাৱে পৰনিৰ্ভৰশীল নাৰীগৰাকী পুত্ৰৰ ওপৰতে আৰ্থিকভাৱে নিৰ্ভৰশীল হ’বলগীয়া হয়। যাৰ ফলত বৃদ্ধ অৱস্থাত অনেকে দুৰ্ভোগ ভোগ কৰিবলগীয়া হয়। সাধাৰণতে আৰ্থিকভাৱে পৰনিৰ্ভৰশীল নাৰীগৰাকীকে যৌতুকৰ বাবে অত্যাচাৰ কৰা পৰিলক্ষিত হয়। যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ১৯৮৩ চনত ভাৰতবৰ্ষত ৪২৭ টা বোৱাৰী জ্বলাই দিয়াৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ১৯৯৮ চনত এনে ঘটনা ৬,৯১৭ টালৈ বৃদ্ধি পাইছিল। ২০০৫ চনৰ পৰা ২০১০ চনৰ ভিতৰত অসমত যৌতুকৰ বাবে ৬০০ ৰো অধিক নাৰীয়ে প্ৰাণ হেৰুৱাইছিল বুলি সমীক্ষাত প্ৰকাশ। ২০০১ চনৰ লোকপিয়ল অনুসৰি আমাৰ দেশৰ মুঠ জনসংখ্যাৰ ৪৮% মহিলা। তৎসত্ত্বেও তেওঁলোকে পৰিয়াল, সমাজ, ৰাজনৈতিক ক্ষেত্ৰ, কৰ্মস্থান আদিত বৈষম্যৰ বলি হৈ আহিছে। অনেক সময়ত তেওঁলোকৰ মতামতক পৰিয়ালৰ ভিতৰতে গ্ৰাহ্য কৰা নহয়। কন্যা সন্তানৰ ভ্ৰূণ হত্যা কৰাটোত মাতৃগৰাকীৰ আপত্তি অনেক সময়ত নৰজে। সেই সিদ্ধান্তও পৰিয়ালৰ আনসকলেহে লয়। সবলীকৰণে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক এই সকলো দিশ সামৰি লয় বাবে নাৰী সমাজৰ ওপৰত হোৱা বিভিন্ন নিৰ্যাতন বা বৈষম্যমূলক আচৰণ আঁতৰ কৰাত ই সহায়ক হয় বুলি নিঃসন্দেহে ক’ব পৰা যায়। শিক্ষাৰ প্রচাৰ আৰু প্রসাৰৰ লগে লগে নাৰীৰ জড় মানসিকতাৰ মাজত সাংঘাতিক পৰিৱর্তন আহিছে৷ সময় আৰু স্থান অনুসৰি মান্যতাৰ দিশত নাৰীয়ে উচচ স্থান লাভ কৰিছে যদিও প্রকৃত সন্মান লাভৰ বেলিকা নাৰীয়ে নিজেই নিজক দমন কৰি আহিছে৷ বহু নাৰী সাত্ত্বিক ৰুচি, কলাত্মকতা আৰু উদাৰীকৰণৰ যুক্তিৰে উটি-ভাহি গৈছে৷ আচলতে কোমল বয়সৰ পৰায়ে কন্যা সন্তানক পাৰিবাৰিক সংস্কাৰৰ শিক্ষা দিয়া, নাৰীৰ কর্তব্য তথা অধিকাৰৰ কথাৰ আভাস দিয়াৰ লগতে চৰিত্র আৰু ব্যক্তিত্বক এনেদৰে গঢ় দিয়াৰ চেষ্টা কৰা যাতে সিহঁতে পৰিয়াল আৰু সমাজৰ প্রতি থাকিবলগীয়া দায়িত্ববোধক সহজেই অনুধাৱন কৰিব পাৰে৷ আজি নাৰীয়ে শীর্ষ পদ অধিকাৰ কৰা সত্ত্বেও নাৰী নিজৰ প্রতিবদ্ধতা তথা ঘৰুৱা হিংসাৰ মাজত সোমাই পৰি নির্যাতিত হৈছে৷ নাৰীয়ে সমঅধিকাৰ লাভ কৰিবলৈ হ’লে নাৰীসকলেই এই ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিব লাগিব৷

       কেৱল পালন কৰিব লাগে কাৰণেই নাৰী দিৱস পালন কৰাৰ কোনো অর্থ নাই৷ সঁচা অর্থত নাৰী দিৱস তেতিয়াহে সফল হ’ব যেতিয়া প্রতিগৰাকী নাৰীয়ে তেওঁলোকৰ অধিকাৰ সকলো ক্ষেত্রতে লাভ কৰিবলৈ সক্ষম হ’ব যি সন্মান প্রতিগৰাকী নাৰীৰ প্রাপ্য৷ কোৱা হয় প্রতিজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে৷ কিন্তু যদি তেনে এগৰাকী নাৰীৰ হাত কম্পিত হয়, সম-অধিকাৰৰ বাবে সংগ্রামী এখন হাত হয়, সেই কণ্ঠ যদি ৰুদ্ধ হয়, তেন্তে এজন পুৰুষ সফল হোৱাৰ থল ক’ত? নাৰী-পুৰুষ নির্বিশেষে সকলোৰে মানসিকতাত নাৰী সম্পর্কে সুপ্ত হৈ থকা ৰক্ষণশীল মানসিকতাৰ অৱসান নঘটালৈকে কোনো নাৰীয়েই তেওঁলোকৰ প্রকৃত মর্যাদা লাভ কৰিবলৈ সক্ষম নহ’ব৷ দুই -এটা ক্ষেত্রত সফলতা লাভ কৰা মুষ্টিমেয় নাৰীৰ উদাহৰণ দি আমি নাৰী সবলীকৰণৰ ব্যাখা আগবঢ়াওঁ৷ কিন্তু ভালদৰে মন কৰিলে দেখা যায় যে প্রতিটো সময়তেই অসাধাৰণ প্রতিভাসম্পন্ন নাৰী আমাৰ সমাজত আছিল, আছে আৰু থাকিব৷ সীতাৰ পৰা দ্রৌপদী, ৰেজিয়া চুলতানাৰ পৰা ৰাণী দুর্গাৱতী, ৰাণী লক্ষ্মীবাঈৰ পৰা ইন্দিৰা গান্ধী, কিৰণ বেদী, কল্পনা চাওলা, চানিয়া মির্জা, মেৰী কম, সীমা দাস আদি৷ কিন্তু এনে ব্যক্তিত্বৰ উদাহৰণৰ দ্বাৰা সমগ্র নাৰী জাতিৰ সাম্প্রতিক স্থিতিৰ ধাৰণা আগবঢ়োৱাটো কেতিয়াও যুক্তিপূর্ণ হ’ব নোৱাৰে৷ বিশ্বায়নৰ যুগত গৰিষ্ঠসংখ্যক নাৰী আজিও পুৰণিকলীয়া ৰীতি-নীতি তথা ধর্মীয় প্রতিবন্ধকতাৰ মেৰপেঁচত আবদ্ধ৷ কিন্তু পাহৰিলে নহ’ব যে প্রকৃতিয়ে নাৰীক সৌন্দর্যতা প্রদান কৰাৰ সমান্তৰালভাৱে দৃঢ়তাও প্রদান কৰিছে৷ সন্তান জন্ম দিয়াৰ অসাধাৰণ ক্ষমতাৰে নাৰীৰ শক্তি অতুলনীয়, কিন্তু কন্যা-ভ্রূণ হত্যাৰ প্রতি ভ্রূক্ষেপ নকৰা আমাৰ মাজৰেই একাংশই হয়তো পাহৰি যায় যে প্রতিগৰাকী কন্যাৰ আঁৰত একোগৰাকী ‘মা’ লুকাই থাকে৷ পুৰুষেহে বংশ ৰক্ষা কৰাৰ ভ্রান্ত ধাৰণাটোৰ পৰা মুক্ত হোৱা জৰুৰী, কাৰণ সত্য কথাটো হ’ল কেৱল নাৰীয়েহে বংশ ৰক্ষা কৰিব পাৰে যি পুৰুষক জন্ম দিয়ে৷


সমাজত নাৰীৰ স্থিতি যিমান গুৰুত্বপূর্ণ, সন্মানজনক তথা সক্রিয় হ’ব, সিমানেই আমাৰ সমাজ ব্যৱস্থা উন্নত হ’ব৷ অতীতৰ পৰায়ে নাৰীক কৰুণা, ক্ষমতা আৰু প্রেমৰ ধাৰণাৰে গ্রহণ কৰি অহা হৈছে৷ কিন্তু নাৰীৰ বিকাশৰ ক্ষেত্রত আইন আৰু ৰাজনীতিৰ পৰিৱর্তে সামাজিক ব্যৱস্থাসমূহহে প্রধান অন্তৰায় হিচাপে থিয় দিয়ে৷ কেৱল ভাৰতবর্ষতেই নহয়, বৰঞ্চ সমগ্র বিশ্বত হোৱা নাৰী নির্যাতনৰ ঘটনাসমূহ কেৱল সামাজিক স্তৰতেই সীমাবদ্ধ৷ সেয়েহে প্রতিগৰাকী নাৰী আর্থিকভাৱে স্ব-নিভৰর্শীল হোৱা প্রয়োজন৷ কন্যা সন্তানক সৰুৰে পৰা সাধাৰণতে ৰান্ধন-ঘৰৰ শিক্ষা দিয়া হয়, কিন্তু এইটো কেতিয়াও শিকোৱা নহয় যে নিজকে কেনেকৈ আর্থিক স্বাৱলম্বিতাৰে সবল কৰিব পাৰি৷ এইটো ঠিক যে টকাৰে সুখ ক্রয় কৰিব নোৱাৰি, কিন্তু টকাৰ সহায়ত বহু এনে বস্তু তথা স্থিতি নিজৰ আয়ত্তলৈ আনিব পাৰি যাৰ মাধ্যমেৰে সুখ আহৰণ কৰিব পাৰি৷ কিন্তু এইটো জৰুৰী নহয় যে উপার্জন কৰা প্রতিগৰাকী নাৰীয়েই ডাক্তৰ অথবা ইঞ্জিনিয়াৰেই হওক৷ সেই নাৰীয়ে ৰান্ধিব পাৰে, পার্লাৰ চলাব পাৰে, কাপোৰ চিলাব পাৰে, বাহন চলাব পাৰে, কৃষিকর্ম কৰিব পাৰে, সকলো কৰিব পাৰে; কিন্তু সেই গুণ-প্রতিভাৰ বাহ্যিক বিকাশ ঘটিব লাগিব৷ নাৰীৰ সন্মান আৰু স্বাভিমান ৰক্ষাৰ পন্থা বিচাৰি উলিওৱাৰ স্বার্থত কিছু আলোচনা তথা গঠনমূলক পদক্ষেপৰ প্রয়োজন অৱশ্যেই আছে৷ 

গতিকে, নিৰ্মল চিন্তাৰে নাৰী দিৱস উদযাপন কৰক। নাৰীক সন্মান দিয়ক। নাৰী দেশৰ নীকুঞ্জ বনৰ মালিনী। সুৰক্ষা আমাৰ দায়িত্ব। 




◾সুশান্ত দাস, গৌৰীসাগৰ, শিৱসাগৰ।
যোগাযোগ: ৯১২৭২৪৭৫১৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)