থাকো মানৱ সমাজৰ পৰা আঁতৰি,
মৃতদেহৰ গোন্ধৰে ৰঞ্জিত শৰীৰ
জীৱনৰ মায়া মোহ যাওঁ পাহৰি।
লাগে মাথো কিছু টকা,কিছু খাদ্য
যেনেতেনে জীয়াই থাকিব পৰাকৈ,
আমাৰ ৰূপ লাৱণ্যৰ আকৃতি দেখি
সকলো আতৰি যায় বহু দূৰলৈ।
নাই কোনো ভয় নাই কোনো সংশয়
নাই কোনো বিলাসী জীৱন,
অন্যায় অবিচাৰৰ পৰা মুক্ত আমি
নলওঁ আমি অধৰ্মৰ শৰণ।
নালাগে আমাক ৰত্নৰ আভূষণ
নালাগে দৰবাৰ ৰাজসিংহাসন,
নালাগে কাৰো মৰমৰ সম্ভাষণ
নালাগে কাৰো হৃদয় আলিংগন;
মৃতদেহৰ ধোঁৱাৰে শৰীৰ পবিত্ৰ কৰি
মৰিশালী ৰখীয়া হৈ ,
নিজ দায়িত্ব নিষ্ঠাৰে কৰিম পালন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ