আবুৰ-নীল প্ৰজাপতই

©Admin
0
আবুৰৰ দোহাই দি 
আবুৰভেদি জুখি চোৱা কামনাৰ দাবানল,
সময়ৰ দোহাই দি মনৰ কথাকে কোৱা, 
মৰমৰ দেহাটিকে ভেজা দি? 
আজুৰি নলৈ ভিক্ষাৰী হোৱা, 
বাধা দি চাৰিবেৰৰ প্ৰাচীৰ ভাঙা! 
পানী গিলাছ লৈ খোৱা
প্ৰতিযোগী নহৈ সহযাত্ৰী হোৱা, 
আটি আটি নাবান্ধি এবাৰ এৰি দি চোৱা! 
পখিলাৰ সুন্দৰতা ফুলনিত 
ভৰিৰ তলৰ দুবৰিত নহয়, 
ফুলনিত পখিলাটি উৰিব দিয়া! 



✍️নীল প্ৰজাপতি
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)