পঞ্চভূতত ভূপেনদা-বসন্ত ওজা

©Admin
0
২০১১ চনৰ
নবেম্বৰৰ পঞ্চম দিনত
   সুধা অনন্তলৈ গ'ল ,
অসম আৰু অসমীয়াৰ
সুৰ কণ্ঠৰ বীণা
      ভাগিচিগি থানবান হ'ল ।
যদিও আমাৰ সুধাই
বসুধাক মাগি বিদায়
       চিৰদিনলৈ গুচি যায় ।
কলম কণ্ঠ সুৰেৰে
অসম অসমীয়াৰ সত্ত্বা
    অগ্নিশিখাৰ দৰে
        থ'লে উজ্বলায় ।
তিনিদিন তিনিৰাতি
ধৰ্ম্ম কৰ্ম্ম কৰি ক্ষতি
         কাৰো ক'তো
           ভাত পানী নাই ।
দেশ বিদেশৰ জনতাৰো
হৃদয় স্পন্দিত হ'ল
            সুধাই কিয় 
             মাগিলে বিদায় ?
কোটি কোটি জনতাই
গুণত মগন হৈ
     কৰিলে অন্তিম শ্ৰদ্ধা দান ,
সুধা তুমি গুচি গ'লাগৈ
সুৰৰ অমৃত ধৰাত থৈ
      গগন পৱনৰো তুমি
        ৰাখিছিলা মান ।
ড° অমৰজ্যোতি
চৌধুৰী ডাঙৰীয়াৰ
     কলমত শব্দ নিগৰি গ'ল ,
ভূপেনদা নামৰ সেই
স্মৃতিৰ কবিতা শাৰী
      এটা গান শেষ হ'ল ।
বিশ্বৰত্নৰ চিতাৰ কাষত
প্ৰজাৰ পদধূলাৰ ভৰত
    ধ্যান মগ্নৰো ভাগিল ধ্যান ,
গীতামৃতৰ কলচি
জনমানসত ওপঙি ৰ'ল
     সুধাৰ নশ্বৰ দেহ
      সিমানতে হ'ল শেষ
      পঞ্চভূতত নিমিষতে
         হৈ গ'ল ম্লান ।

 ⛔বসন্ত ওজা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)