বাৰ্তা-প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী

©Admin
0
প্ৰাপ্তিৰ শেষত
সদায়ে আত্মসন্তুষ্টি থাকে বুলি
ভুল কৰা এজনে বাৰে বাৰে
মোক সেই দৰ্শন বুজাই আছিল,
মই কৈছিলো
প্ৰাপ্তিৰ শেষত কেতিয়াবা থাকে 
বিষাদ ৷
প্ৰাপ্তিয়ে সলাই দিয়ে
লক্ষ্যস্থানৰ ঠিকনা,
সলাই দিয়ে যুঁজি থকাৰ বাসনা,
শেষ কৰি দিয়ে
মানুহ চিনি পোৱাৰ কৰ্মশালা ।
মাজে মাজে এনে লাগে
সহজ প্ৰাপ্তিৰ অন্য নাম
বস্তুবাদৰ সন্মুখত আত্মসমৰ্পন ।

প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী
নলবাৰী ৯৮৬৪১৪৯৬৬৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)