নতুনৰ বহাগ-ৰঞ্জন প্ৰতীম নেওগ

©Admin
0
সৰে সৰে কিয় এই ফাগুনী পলাশ,
জ্বলে জ্বলে আকুলতাৰ প্ৰণয় বিলাস ।
উন্মত্ত ,উন্মাদনাৰে সমাহিত এপলক 
জীৱনে কোবাই যায় মোক ;
সেউজ সেউজী পুৱাৰ সুবাসে 
বিকশাই তোলে প্ৰতিপল জীয়াই জীয়াই ;
উশাহৰ শিহৰণ তুলি নৱ যাতনা
মুক্তি পিয়াসী ,প্ৰত্যাশাৰ কাশী
চৰণ চুই চুই আৰাধনা ।
শোণিতৰ আবিৰ বৈভৱে তোলে 
মাথোঁ ত্যাগৰ অমানিশা ।
কত জ্বলে ,জ্বলি উঠা সেই মৰণত
অশৰীৰি আবেগৰ ৰাগী,নাই পাৰাপাৰ !
নতুনৰ বহাগে আনে দিঠকৰ জোৱাৰ ।

✍️ ৰঞ্জন প্ৰতীম নেওগ
মৰঙি ,গোলাঘাট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)