জোন হ'বা তুমি তৰা হ'ম মই-মানস জান শইকীয়া

©Admin
0
নিৰিবিলি জোনাকৰ সোনালী পোহৰত
জিলিকি ৰোৱা  তোমাৰ দুটি নয়ন,
চাই চাই মোৰ মনে কয় মাথো;
তোমাৰ মোৰ প্ৰেমৰ আকাশৰ কথা 
তুমি জোন হৈ ৰ'বা 
মই তৰা হৈ জিলিকি ৰ'ম
আমাৰ মৰমৰ স্মৃতিৰ ৰুমালত। 
জোনৰ দৰে তোমাৰ মুখখনি চাই 
মই প্ৰেমৰ কিতাপ লিখো;
মিঠা মিঠা অনুভূতিবোৰ লিখি লিখি
হয় এখন প্ৰেমৰ বিশাল অভিধান। 
অভিধানৰ প্ৰতি শব্দতে 
দেখা পাওঁ তোমাৰ হাঁহিটি,
প্ৰতিটো পৃষ্ঠাত বিচাৰি পাওঁ
প্ৰেম ফুলনীৰ গোলাপ কলিটি।

 ✍️মানস জান শইকীয়া
            ৰঙামাটি চেউনী গাওঁ ,বাদুলিপাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)