নিঃসংগতা -পিংকি শৰ্মা

©Admin
0
মই বহি আছোঁ এতিয়া
অকলে অকলে
নীৰৱে নীৰৱে।
নিঃসংগতাৰে পাৰ কৰিছোঁ প্ৰতিটো সময় ‍!
 এখিলা বগা কাগজ
যিদৰে উকা হৈ ৰয় শব্দৰ অবিহনে
ঠিক সেইদৰে নিঃসংগ হৈ ৰৈছো
প্ৰতিটো সময় মই
তোৰ অবিহনে........
মনটোক কিদৰে বুজাও ক
তই যে মোৰক পাহৰি যোৱাৰ কথা .....
হয়তো মোৰেই ভূল প্ৰমাণ দিব নোৱাৰিলোঁ
কিমান ভালপাওঁ তোক।
তই যাৰ লগতেই নাথাক কিয়
তই ভাল নাপালেও
  তই মোৰ নহলেও 
মই সেই তেতিয়াও তোকেই আৰু এতিয়াও
তোকেই ভালপাওঁ।।

✍️পিংকি শৰ্মা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)