ঐক্য-সংহতিৰ ধ্বজাবাহক অসমীয়াৰ বাপতিসাহোন: ৰঙালী বিহুৰ সম্পৰ্কে দীপ্ত আলচ -সুশান্ত দাস

©Admin
0
অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্পন্দনেৰে প্ৰবাহিত হৈ থকা এক সাংস্কৃতিক ধাৰা। বিহু কেৱল মাত্ৰ অসমীয়াৰ জাতীয় উৎসৱেই নহয়,বিহু অসমৰ লোক-সংস্কৃতিৰ এক অন্যতম নিদৰ্শন। বিহুতেই অসমীয়া সমাজ জীৱনৰ সকলো দিশ সোমাই আছে। কৌটিকালৰে পৰাই বিহু অসমত উদযাপিত হৈ আহিছে আৰু অসমীয়া জাতিৰ শেষ বিন্দুলৈকেও বিহু উদযাপিত হৈ যাব। বিহুৰ লগত জড়িত ৰীতি-নীতিবোৰে অসমীয়া গ্ৰাম্য জীৱনৰ লগতে কৃষিৰ লগত জড়িত লোকাচাৰৰ সকলো দিশ প্ৰতিফলিত কৰে। বিহুত উৎপত্তি সন্দৰ্ভত বিভিন্ন পণ্ডিত তথা গৱেষকে ভিন ভিন মত প্ৰকাশ কৰিছে। ইয়াৰোপৰি, বিহু শব্দটোৰ উৎপত্তি সন্দৰ্ভতো নানা মতভেদ থকা লক্ষ্য কৰা যায়। তাৰে ভিতৰত সংস্কৃত “বিষুৱণ” শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে বোলা মতটো সর্বগ্রাহ্য বুলি ক’ব পাৰি।
      অসমীয়াৰ বাপতিসাহোন এই উৎসৱটি তাহানিৰে পৰাই অসমীয়া জাতিৰ হাড়ে হাড়ে, সিৰাই সিৰাই শিপাই আছে৷ কুলিৰ মাতত বসন্ত আহে৷ সেউজীয়া কোমল কুঁহিপাতে বহাগৰ আগজাননী দিয়ে৷ কপৌফুল থোকে পখিলা উৰাদি উৰা নাচনীৰ খোঁপাত জুতিবলৈ হিয়ালি জিয়ালিকৈ সাজু হয়৷ সকলোৰে মনত ৰঙালীৰ উলাহে নধৰা হয়৷ অসমীয়াৰ আদৰৰ, অসমীয়া জাতিৰ চিনাকি তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহুটিয়েই হ’ল প্ৰতিজন অসমীয়াৰেই প্ৰাণস্বৰূপ৷ ৰঙালী বিহুটি যেন আমাৰ বৰ আপোন, বৰ মৰমৰ৷ অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। বছৰৰ আৰম্ভণিতে আহে আমাৰ বাপতি সাহোন ৰঙালী বিহুটি। গছ-গছনিত কুঁহিপাতে হালি-জালি নচাৰ বতৰত, কুলি-কেতেকী চৰায়ে বনৰ মাজে মাজে সুললিত গীত আৰম্ভ কৰাৰ শুভ ক্ষণত, মানুহৰ মন-প্ৰাণো উত্ৰাৱল হৈ উঠে বসন্তৰ পৰশত। মানুহৰ হিয়াই হিয়াই সঞ্জীৱিত হয় নতুন আশা আৰু নতুন কল্পনা। এই কল্পনা নতুনক আদৰি লোৱাৰ, আমাৰ ধৰণীক শস্যে-মৎস্যে অনুপম কৰি গঢ়ি তোলাৰ । যিহেতু আমাৰ প্ৰতিটো বিহুতেই জড়িত হৈ আছে কৃষক ৰাইজৰ আশাভৰা সপোন। কৃষিকে গইনা লৈ ৰাজ্যখনত উদযাপিত হয় বছৰত তিনিটি বিহু। আহিন-কাতি মাহৰ কঙালী দিনবোৰত কৃষক ৰাইজে পথাৰৰ লখিমী আদৰাৰ শুভ মুহুৰ্তত উদযাপন কৰে কাতি বিহু। নতুন ধানেৰে ভঁৰাল ভৰাই খাদ্য-শস্য উভৈনদী কৰাৰ সময়তে উদযাপন কৰা হয় ভোগালী বিহু। সেইদৰে নতুন সাজেৰে ধৰণী জাতিষ্কাৰ হোৱা বসন্ত কালত উলহ-মালহেৰে উদযাপন কৰা হয় ৰঙালী বিহুটি। 

       ৰঙালী বিহুটি উদযাপন কৰা হয় নতুন বছৰৰ আৰম্ভণিতে। ৰঙালী বিহুৰ আগমনৰ বাতৰি পাই কৃষকৰ হৃদয়ে হৃদয়ে বিকশিত হয় অদম্য উৎসাহ আৰু নতুন মনোবলৰ প্ৰতিচ্ছবি। বিহু মাৰিবলৈ কঁকালত টঙালী বিহু ওলোৱাৰ দৰেই নতুন বছৰটোত বিভিন্ন খেতিৰ জৰিয়তে ধৰণীক সেউজীয়া কৰাৰ প্ৰতিশ্ৰুতি লৈ কৃষক ৰাইজ সদলবলে ওলাই আহিবলৈ প্ৰয়াস কৰে খেতিপথাৰলৈ। ঐক্যবদ্ধভাৱে জাক পাতি বিহু মৰাৰ দৰে দলবদ্ধভাৱে খেতিৰ কৰিবলৈয়ো দৃঢ় সংকল্প গ্ৰহণ কৰে বছৰৰ আৰম্ভণিতে। ৰঙালী বিহুৰ অনাবিল আনন্দ আৰু পাৰস্পৰিক মিলা-প্ৰীতিৰ মাজেদি গোটেই বছৰ জুৰি খেতি কৰাৰ মানসেৰে প্ৰতিশ্ৰুতি ল’লেহে ৰঙালী বিহুটি উদযাপন কৰাৰ সাৰ্থকতা অক্ষুণ্ণ থাকিব- এই কথা প্ৰতিজন কৃষক তথা উদীয়মান যুৱক-যুৱতীসকলে উপলব্ধি কৰে। যিহেতু, বৰ্তমান যিটো হাৰত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি এতিয়া খাদ্য-শস্যৰ উৎপাদন দুগুণে বৃদ্ধি কৰাৰ সময় সমাগত। 

      বিহুৰ প্ৰতিটো ৰীতিতেই চহা জীৱনৰ অন্তঃস্ৰোত লুকাই আছে৷ আদিৰে পৰা মুখ্যতঃ কৃষিজীৱী লোকৰ বাসস্থানৰূপে পৰিগণিত হৈ অহা অসম নামৰ এই ভূমিখণ্ডত কৃষিকাৰ্য্যৰ বাবে উত্তম জলবায়ু, সাৰুৱা মাটি ইত্যাদি নানা ধনাত্মক প্ৰাকৃতিক আধানৰ সমাহাৰে এক অনন্য মৰ্য্যদা দিছে৷ 
ৰঙালী বিহু বা ব’হাগ বিহু অসমীয়াৰ হিয়াৰ আমঠু। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা ব’হাগ বিহু আৰম্ভ হয় আৰু ব’হাগ মাহৰ ষষ্ঠদিনা শেষ হয়। সাতদিন ধৰি পালন কৰা এই বিহুৰ প্ৰত্যেক দিনৰে একোটাকৈ পৃথক নাম আৰু পৰম্পৰা আছে। সেই সাতবিহু ক্ৰমানুসাৰে –
১) চ’ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু,
২) ব’হাগৰ প্ৰথম দিনা মানুহ বিহু,
৩) ব’হাগৰ দ্বিতীয় দিনা গোঁসাই বিহু বা সাত বিহু
৪) ব’হাগৰ তৃতীয় দিনা চেনেহী বিহু,
৫) ব’হাগৰ চতুৰ্থ দিনা মাইকী বিহু বা জেং বিহু
৬) ব’হাগৰ পঞ্চম দিনা ৰঙালী বিহু আৰু
৭) ব’হাগৰ ষষ্ঠ দিনা এৰা বিহু বা চেৰা বিহু।
কিন্তু এই মূল সাতবিহুৰ বিভিন্ন জনগোষ্ঠীভেদে ভিন ভিন নাম আছে। জাতি-জনগোষ্ঠী ভেদে ভিন ভিন নাম হলেও সমগ্ৰ অসমীয়া জাতিয়ে ব’হাগ বিহু উলহ-মালহেৰে পালন কৰে।


আমাৰ ভালেমান কৃষকৰ বাবে পোহনীয়া জীৱ-জন্তুকেইটা উপাৰ্জনৰ অন্যতম উৎস। সেয়েহে, গো-ধনৰ মঙ্গলাৰ্থে বিহুৰ আৰম্ভণিতে কৃষক ৰাইজে পালন কৰে গৰু বিহু। হালবোৱা গৰু কেইটা আৰু গাখীৰ দিয়া গাইকেইজনীৰ প্ৰমুখ্যে হাঁহ, পাৰ, কুকুৰা আৰু ছাগলীকেইটা কৃষকৰ উপাৰ্জনৰ অন্যতম সম্বল। এই জীৱ-জন্তুবিলাকৰ উন্নতি সাধন কৰিব নোৱাৰিলে আমি প্ৰতি বছৰে পালন কৰা উৎসৱবোৰো মুল্যহীন হৈ পৰে। সেইবাবে গৰু বিহুৰ দিনা দীঘলতী, মাখিয়তি আদিয়ে কোবাই গৰু-গাইৰ মহ, মাখি ওকণি, চিকৰা আদি খেদাৰ নিচিনাকৈ আগন্তুক বছৰটোৰ সিহঁতক পৰজীৱী কীট-পতংগ আৰু বেমাৰ আজৰৰ পৰা ৰক্ষা কৰাৰ উপায় চিন্তা নকৰিলে বিহু পতাৰ সাৰ্থকতা নাথাকে। ব’হাগ বিহু বা ৰঙালী বিহুৰ প্ৰথম দিনটোৱেই হ’ল গৰু বিহু। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। সমগ্ৰ অসমৰ লোকসকলে মূলতঃ গ্ৰাম্য সমাজৰ লোকে গৰু বিহু বৰ উলহ-মালহেৰে আৰু আধ্যাত্মিকতাৰে পালন কৰে। গৰু বিহুৰ পোনপটীয়াকৈ কৃষিৰ লগত সম্পৰ্ক আছে। গৰু বিহুৰ দিনা পুৱাই দোকমোকালিতে শোৱাপাটীৰ পৰা উঠি গাঁৱৰ প্ৰত্যেকঘৰ মানুহেই লাও,বেঙেনা,কেৰেলা আদিৰে চাট সাজে। তাৰপাছতেই মাহ-হালধি পতাত পিহি লৈ গৰুৰ গাত ঘঁহি দিয়ে আৰু নিজৰ গোহালিৰ গৰুসমূহ দীঘলতী, মাখিয়তীৰে কোবাই কোবাই লৈ যায় আৰু নৈ,বিল,জান-জুৰিৰ কাষত বা মুকলি পথাৰত সমজুৱাকৈ ৰাইজ গোট খায়। তাৰপাছতেই আৰম্ভ হয় গৰু বিহুৰ প্ৰকৃত ৰং-ৰহইচ। সকলো ৰাইজ একেলগ হৈ গৰু গা ধুৱায় আৰু গৰুৰ গাত চাটৰ লাও,বেঙেনা,তিয়ঁহ, বৰ থেকেৰা আদি চকলা চকলকৈ কাটি গৰুৰ গালৈ নিক্ষেপ কৰোঁতে গায়-

লাও খা , বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু।

ইয়াৰ জৰিয়তে গৰুৰ শ্ৰীবৃদ্ধি আৰু দীৰ্ঘায়ু কামনা কৰা হয়। এই নীতি-নিয়মসমূহৰ পাছতেই সকলো লোকেই ইজনে সিজনলৈ আনন্দত পানী ছটিয়ায় খেলে আৰু নিজৰ নিজৰ গৰু চৰিবলৈ মেলি দিয়ে। তাৰপাছতেই সকলো লোকে নিজৰ চাট এজনে আনজনৰ লগত সলনি কৰে আৰু সকলো ঘৰমুৱা হয়। এই চাট গৃহস্থই সযতনে গোহালিৰ এটা চুকত ওলোমাই থয়। ঘৰত সকলোৱে মাহ-হালধিৰে গা-পা ধুই আজৰি হৈ কণী যুজঁ খেলে,যাৰ অবিহনে ব’হাগ বিহু অসম্পূৰ্ণ। সন্ধিয়া গৰু ঘৰলৈ উভতি অহা সময়ত জপনামুখত আৰু গৰুৰ গোহালিৰ মুখত বিহলঙনী, টিকনি বৰুৱা,তুঁহ,খেৰ আদিৰে জুই জ্বলাই জাগ দিয়া হয়। এই জাগৰ ধোঁৱা বিচনীৰে বিচি গৰুক দিয়া হয়। গৰুবিহুৰ দিনা গৰুক নতুন পঘা পিন্ধোৱা হয়। এই পঘাক “তৰাপঘা” বুলি কোৱা হয়। গৰু বিহুৰ দিনাই নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰৰ চুকত লগোৱা হয়। এই মন্ত্ৰটো হৈছে –
“দেৱ দেৱ মহাদেৱ,নীলগ্ৰীৱ জঁটাধৰ।
বাত বৃষ্টি হৰং দেৱ,মহাদেৱ নমস্ততে। । “
ঘৰখন যাতে বৰদৈচিলা বা আন যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পৰে,তাৰ বাবেই গৃহস্থই নাহৰ পাতত এই মন্ত্ৰ লিখি দুৱাৰত লগায়। গৰু বিহুৰ দিনাই অসমীয়া লোকে এশ এবিধ(১০১) শাক বুটলি খোৱাটো এটা নিয়ম। এই দিনটোত আমৰলি টোপো খোৱা হয়। আমৰলি টোপ খালেও এশ এবিধ শাক খোৱাৰ দৰেই হয় বুলি কোৱা হয়। অসমৰ বহু ঠাইত সাত বিহুৰ দিনাহে এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে। বসন্ত কালৰ পিছতে ধৰালৈ আগমন হয় গ্ৰীষ্মকাল। গ্ৰীষ্মকালত বানপানী অহাৰ লগে লগে মানুহৰ জীৱনত নানা ধৰণৰ বেমাৰে আক্ৰমণ কৰে। গ্ৰীষ্মকালত বানপানী অহাৰ লগে লগে মানুহৰ জীৱনত নানা ধৰণৰ বেমাৰে আক্ৰমণ কৰাৰ দৰে জীৱ-জন্তুবোৰকো নানা ধৰণৰ বেমাৰ-আজাৰে আক্ৰমণ কৰা দেখা যায়। তাৰ পৰা পৰিত্ৰাণ পাবলৈ গৰু বিহুৰ দিনা গোহালিৰ কাষত আৰু পদুলিমুখত যাগ দিয়া প্ৰথা চলি অহিছে। গৰু বিহুৰ দিনা যাগ দিয়াৰ দৰেই গোটেই বছৰজুৰি গোহালিৰ কাষত যাগ দি মহ, মাখি, দাঁহ আদি খেদাৰ ব্যৱস্থা কৰিলেহে গৰু বিহুৰ ঐতিহ্য অক্ষুণ্ণ হৈ থাকিব। আমাৰ ৰাজ্যখনত গৰু-ম’হ প্ৰতিপালন কৰোঁতে দেখা দিয়া প্ৰধান সমস্যাৰ ভিতৰত ঘাঁহৰ সঁচ উদ্ভাৱন কৰা হৈছে আৰু তেনে জাতৰ ঘাঁহৰ খেতি কৰিলে তাৰ পৰা বছৰজুৰি ঘাঁহ উৎপাদন কৰিব পৰা যায়। সেইবাবে গৰু বিহুৰ দিনাই ঘাঁহ খেতি কৰিবৰ বাবে এখন আঁচনি যুগুত কৰা বৰ দৰকাৰ। যিহেতু, গৰু বিহুৰ দিনা কৃষক ৰাইজে গো- ধনৰ হিতাৰ্থে চিন্তা কৰাৰ লগতে বাৰীত থকা অন্যান্য গছ-গছনিবোৰৰ কথাও চিন্তা কৰা হয়। সেইদিনা পাণ আৰু কলগছৰ গুৰিত নতুনকৈ মাটি চপাই দিয়া পৰম্পৰা আছে।

       গৰু বিহুৰ পিছ দিনাৰে পৰা আৰম্ভ হয় মানুহৰ বিহু। ব’হাগ মাহৰ প্ৰথমটো দিনেই মানুহ বিহু হিচাপে পালন কৰা হয়। এই দিনটোৱেই অসমীয়া নৱবৰ্ষৰ পহিলা দিন। মানুহ বিহুৰ দিনা ৰাতিপুৱাই সকলোৱে গা-পা ধুই আজৰি হয় আৰু নতুন কানি-কাপোৰ পিন্ধে। কণিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা জনায় আৰু জ্যেষ্ঠসকলে কনিষ্ঠসকলক আশীৰ্বাদ দিয়ে। অসমীয়া শিপিনীয়ে কত দিনৰে পৰা কষ্ট কৰি তৈয়াৰ কৰা ফুলাম বিহুৱান এই দিনটোতেই প্রিয়জনক তথা জ্যেষ্ঠ আৰু কনিষ্ঠসকলক প্ৰদান কৰে। মানুহ বিহুৰ দিনাই ৰাতিপুৱা নিমপাত চোবাই খোৱাৰ এটা প্ৰথা আছে যাতে গোটেই বছৰটোৰ বাবে ৰোগমুক্ত হৈ থাকে। এই দিনটোতেই ৰাইজ নামঘৰলৈ গৈ চাকি-বন্তি জ্বলায় আৰু নতুন বছৰটো শুভ হোৱাৰ কামনা কৰে। এইদিনাই পৰিয়ালৰ সকলো একেলগ হৈ জা-জলপান,পিঠা-পনা খায়।

এনেদৰেই ব’হাগ বিহুৰ সাতদিনৰ প্ৰতিটো দিনেই অসমীয়া ৰাইজে উলহ-মালহেৰে পালন কৰে। নামানুসৰি ব’হাগ বিহু সাতদিনীয়া যদিও সম্পূৰ্ণ ব’হাগ মাহটোয়েই অসমীয়া ৰাইজ বিহুত মচগুল হৈ থাকে। অসমীয়া লোকসকল খাদ্যৰসিক বুলি এটা সুনাম আছে। অসমীয়াৰ এই খাদ্যৰসিক সুনামৰ প্ৰতিফলন ঘটিছে অসমীয়াৰ প্ৰাণৰ ব’হাগৰ বিহুত। ব’হাগৰ বিহুত অসমীয়া গৃহিনীয়ে নানা তৰহৰ পিঠা পুৰে। চ’তৰ প্ৰায় দ্বিতীয়টো পষেকৰ পৰা অসমীয়া গৃহিনীসকল ধান শুকুওৱা, ধান বনা, ধান জৰা, ধান ভজা, পিঠা খুন্দা, পিঠা পুৰা আদি কাৰ্য্যত ব্যস্ত হৈ পৰে। আৰু এইবোৰ কাৰ্য্যই অসমীয়া সংস্কৃতি তথা পৰম্পৰাই সমৃদ্ধ কৰি আহিছে। বিহুত অসমীয়া গৃহিনীয়ে পুৰা দুবিধমান পিঠা হৈছে – তিল পিঠা,নাৰিকলৰ পিঠা,ঘিলা পিঠা,চুঙা পিঠা,সুতুলি পিঠা,তেল পিঠা,টেকেলি পিঠা,খোলা চপৰীয়া পিঠা ইত্যাদি। ইয়াৰ উপৰিও বিভিন্ন লাড়ু যেনে নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আদি বনোৱা হয়। ব’হাগ বিহুত গৃহিনীসকলে বিভিন্ন জলপান প্ৰস্তুত কৰে। যেনে – চিৰা, মুড়ি, কোমল চাউল,হুৰুম,সান্দহ আদি। 
       বিহু হ’ল চহা জীৱনৰসৈতে সম্পৰ্ক থকা এটি উৎসৱ৷ সাধাৰণভাৱে চালেই দেখা যায় যে বিহুৰ লোকাচাৰ সমূহ প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ থোৰতে কব পাৰি যে এই বিহুৱেই হ’ল অসমীয়া চহা সমাজ জীৱনৰ একজীৱন্ত দলিল৷ দেখা যায় যে বিহুৰ বাদ্যসমূহতো ধাতুৰ ব্যৱহাৰ একেবাৰে কম৷ আম, চাম বা কঠাল গছৰ পৰা ঢোলৰ খোলাটো তৈয়াৰ কৰি জন্তুৰ ছালেৰে দুইমুৰ ঢাকি বিহুত বজোৱা ঢোল তৈয়াৰ কৰা হয়৷ খাগৰি বা নলেৰে পেঁপাসাজি তাত গেৰা (গেঞাঁ) মহৰ শিং খটুৱাই বিহুৰ আন এক অন্যতম বাদ্য মহৰ শিঙৰপেঁপা তৈয়াৰ কৰা হয়। বাঁহগছৰ পৰা বাঁহী,টকা,গগনা ইত্যাদি বাদ্য তৈয়াৰকৰা হয়৷ কুমাৰ মাটিৰে তৈয়াৰ কৰা এটি সৰল বাদ্য হ’ল সুতুলি৷ বিহুনৃত্যত ব্যৱহাৰ হোৱা খুটিতাল যোৰহে ধাতুৰে নিৰ্মিত৷ আনহাতে অসমীয়া শিপিনীয়ে বোৱা বস্ত্ৰ সম্ভাৰো জগত বিখ্যাত৷ অসমীয়াই চোমনিত মুগাপলু পুহি, লেটা চপাই সোণালী মুগা সুতা কাটি বোৱা মুগাসুতা, ঘৰতে এৰী পলুৰ পৰা এৰী সুতা, কপাহৰ জোলা নিজে কাটি সুতা পকাই নিজে তাঁতত বৈ উলিওৱা চুৰিয়া, চাপকন, এঙা চোলা, ৰিহা, মেখেলা, চাদৰ পিন্ধি জাকত জিলিকা হৈ এই উছৱৰ বতৰত বিহু নাচি আনন্দ কৰিছিল৷ বিহুৰ প্ৰতিটো ৰীতিতেই চহা জীৱনৰ অন্ত:স্ৰোত লুকাই আছে৷ আদিৰে পৰা মুখ্যতঃ কৃষিজীৱী লোকৰ বাসস্থানৰূপে পৰিগণিত হৈ অহা অসম নামৰ এই ভূমিখণ্ডত কৃষিকাৰ্য্যৰ বাবে উত্তম জলবায়ু, সাৰুৱা মাটি ইত্যাদি নানা ধনাত্মক প্ৰাকৃতিক আধানৰ সমাহাৰে এক অনন্য মৰ্য্যদা দিছে৷ ফলস্বৰূপে বিভিন্ন লোকাচাৰত কৃষিকাৰ্য্যত ব্যৱহাৰ হোৱা জীৱ-জন্তুৱেও বিহুত মানুহৰ সমানেই গুৰুত্ব পায়৷ ৰঙালী বিহুত মানুহে পুৰণি বস্ত্ৰ সলাই নতুন বস্ত্ৰ লয়৷ নিজে তাঁতশালত বোৱা গামোছা,চেলেং, চাদৰ উপহাৰ দি ডাঙৰক সেৱা, সৰুক মৰম প্ৰীতি যাচে৷ বিহুৰ আৰম্ভণিৰ কোনো নিৰ্ভৰযোগ্য ইতিহাস পাবলৈ নাই৷ হয়টো সেইবাবেই বিহু হ’ল অসমীয়াৰ মনৰ কোঁহে কোঁহে সোমাই থকা এটি সত্বাৰ নাম৷ বহু শতিকা আগতেএদিন নিভৃতত কোনোবা ডেকাই মনৰ উলাহত এফাঁকি গীত জুৰিছিল৷ মিলনৰ বাবেউন্মুখ কোনোবা ডেকা-গাভৰুৱে মন খুলি কথা কব নোৱাৰি গীতৰ মাজেৰেই প্ৰকাশকৰিছিল মনৰ কথা৷ তৰাভৰা কোনোবা এটা ৰাতি, পাহোৱাল ডেকা এপাল আৰু যৌৱনমতী যুৱতী এজাকে নাচি-বাগি, গীত গাই আনন্দ কৰিছিল৷ নাচ গানৰ ৰঙেৰে জীপাল হৈ পৰা সেই ক্ষণটিতে বহুতে জীৱনৰ সুখ-দুখৰ লগৰী বিচাৰি লৈছিল৷ প্ৰকৃতিৰ নিয়মমানি নাচ গানেৰে মতলীয়া হৈ সকলোৱে আনন্দ প্ৰকাশ কৰিছিল৷ সংস্কৃতিৰ এইপ্ৰবহমান ধাৰাটো হয়টো সন্তপৰ্ণে অথচ নিয়াৰিকৈ এনেদৰেই আগবাঢ়িছিল৷ বহু যুগৰ আগৰ সেই আদিম সমাজখনৰ বাবে সেই কালচোৱা আছিল হয়তো সমাজৰ বাবে প্ৰকৃতিৰ চিৰপ্ৰৱাহিনী সৃষ্টিৰ একমধুৰ ক্ষণ৷ সমাজৰ সকলোৱে নতুন জীৱনক আদৰাৰ বাবে সাজু হ’বৰ হোৱা এটি মধুৰক্ষণ। এই ভূখণ্ডত বসবাস কৰা এমুঠি লোকৰ দৈনন্দিন জীৱন-প্ৰবাহত ব্যাকৰণহীন, অবাধ্য, নিৰ্ভেজাল, অদম্য, শৃংখলাবিহীন, আদিমৰূপত লাহে লাহে সংস্কৃতিৰ বীজ এটি শিপাইছিল ৷ এই ভূ-খণ্ড আদি অৱস্থাত নৃতাত্বিক ভাৱে অষ্ট্ৰিক আৰু মংগোলীয় মূলৰ মানুহৰ বাসভূমি আছিল৷ অষ্ট্ৰিকআৰু মংগোলীয় গোষ্ঠীৰ নৃতাত্ত্বিক বিশ্লেষণ কৰিলে দেখা যায় যে এই দুই নৃতাত্ত্বিক গোষ্ঠীৰ প্ৰধান কৰ্ম আছিল কৃষি৷ প্ৰকৃতিৰ ৰেহৰূপ চায়েই এই ভূ-খণ্ডৰ অধিবাসীসকলে কৃষিকৰ্মৰ বাবে সাজু হবলৈ শিকিলে৷ শীতকাল শেষ হৈ বসন্তৰ আগমনে বাৰিষাৰ আগলি বতৰা কঢ়িয়াই আনে৷ চৰাই-চিৰিকটিৰ পৰা গছৰ কুঁহিপাতলৈ সকলোৱে আগজাননী দিয়ে যে খেতিৰ বাবে সাজু হ’বৰ হ’ল৷ চহা জীৱনৰ একাকী, অনবদ্য অংগস্বৰূপ জীৱ-জন্তুবোৰক সাজু কৰিবৰ হ’ল৷ খেতিৰ বাবে সঁজুলিবোৰ যোগাৰ কৰিবৰ হ’ল৷ সেয়ে খেতিৰ বতৰত হ’বলগীয়া অপৰিসীম দৈহিক আৰুমানসিক কষ্টৰ আগেয়ে নাচ-গানেৰে মনৰ আন্ধাৰবোৰ দূৰ কৰি মনবোৰ জীপাল কৰিবলৈ সকলোৱে চেষ্টা কৰিবলৈ ধৰিলে৷ সংগীত আৰু নৃত্য, এই দুই কলাই মানুহক মানসিকভাৱে সু-স্বাস্থ্যৱান কৰি তোলাত যুগ যুগ ধৰি সহায় কৰি আহিছে৷ কাজেই এই সময়চোৱাত সমাজ জীৱনৰ সকলো স্তৰতেই সংগীত আৰু নৃত্যৰ পৰশ পৰি সমাজখনৰ সকলোৱেই মনৰ এলান্ধু আঁতৰাই ৰঙে-ৰসে জাতিষ্কাৰ হ’ল৷ এই সময়তে সকলোৱে এক মিলনাত্মক পৰিণতিৰ বাবে সাজু হয়৷ মনে মিলা ডেকা-গাভৰুৱে নিভৃতে কথা পাতে৷কোনোবাই সেই আদিম সমাজখনৰ ৰীতি-নীতিৰ মাজতে গীত জুৰে, বিবিধ বাদ্য বজাই প্ৰকৃতিৰ সতে একাত্ম হব খোজে৷ সেই কালৰ বেছিভাগ গীত, নৃত্যই আদি ৰসাত্মকআছিল৷ স্বনামধন্য লেখক লীলা গগৈয়ে ‘বিহু-এটি সমীক্ষা’ত লিখিছিল – “ তাহানিৰ আদিম মানুহৰ ধাৰণা, নাচোনৰ গিৰিপনিত পৃথিৱী শস্যসম্ভৱা হয়, গীতৰমৃদু মধুৰ মূৰ্চ্ছনাত লখিমী গৰ্ভসম্ভৱা হয়৷ সেয়ে ধাননিৰ কাষে কাষে যৌৱনে গৰকা ডেকা-গাভৰুৱে গীত গাই, বাদ্য বজাই, নাচি নাচি লখিমীৰ উৎপাদিকা শক্তিবঢ়াবলৈ আয়োজন কৰে৷” হয়তো সেয়াই আছিল বিহুৰ উৎপত্তি৷ বিহু অসমৰ লোক-সংস্কৃতিৰ পৰিচায়ক। বিহু নাচ আৰু বিহু নাম বিহুৰ অপৰিহাৰ্য অংগ। সেয়ে বিহুনাচ অসমৰ লোকনাচ আৰু বিহুনাম অসমৰ লোকনাম। বিহুনৃত্যৰ উৎপত্তিত অসমৰ চহা জীৱনৰ বহুতো অৱদান আছে। বিহুনাচত যিবোৰ মুদ্ৰা প্ৰদৰ্শিত হয় সেই মুদ্ৰাবোৰ অসমৰ কৃষিজীৱী সমাজৰ লগত জড়িত মুদ্ৰা বুলি কোৱা হয়। অসমত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰাই বিহুয়ে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰি আহিছে যদিও ঊনবিংশ শতিকাৰ অভিজাত শ্ৰেণীৰ অসমীয়া সকলে বিহু নাচক যৌনগন্ধী নৃত্য তথা অশ্লীল নৃত্য বুলি অভিহিত কৰিছিল। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে এচাম অসমহিতৈষী ব্যক্তিৰ তৎপৰতাত বিহুনাচৰ বিৰুদ্ধে উত্থাপিত মনে সজা অভিযোগ নস্যাৎ হৈছিল আৰু ইয়াৰ যোগেদিয়েই প্ৰমাণ হৈছিল যে প্ৰকৃত অসমীয়া থাকে মানে কোনেও কেতিয়াও বিহুৰ অন্ত পেলাব নোৱাৰে। বিহুগীতসমূহত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা ডেকা গাভৰুৰ প্ৰণয়কে ধৰি পৌৰাণিক অসমৰ সামাজিক, আৰ্থিক তথা ধৰ্মীয় বিষয়ৰ লগত সম্পৰ্কিত। বিহুগীতে অসমত সাৰ্বজনীনতা লাভ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিহুগীতৰ প্ৰচলন আছে আৰু এই বিহুগীতবোৰৰ তাৎপৰ্য আছে। বিহুনামত নানা ফল,ফুল,গছ,লতা আদিৰো বৰ্ণনা সন্নিৱিষ্ট হৈ থাকে। বিহুগীতৰ তাৎপৰ্য তথা বৈশিষ্ট্য সম্পৰ্কে গণশিল্পী হেমাংগ বিশ্বাসে কোৱা এষাৰ কথাৰ পৰাই অনুমান কৰি ল’ব পাৰি। তেওঁ কৈছিল, “যি নাই অসমত,সি নাই বিহুগীতত। যি নাই বিহুগীতত,সি নাই অসমত। অসম আৰু অসমীয়াৰ জনমানসৰ নির্ভুল দাপোণ এই বিহু। “ ব’হাগ বিহুয়ে অসমীয়াৰ মাজলৈ প্ৰেম তথা আনন্দৰ বাৰ্তা কঢ়িয়াই আনে। ব’হাগ বিহুয়ে অসমক এক নতুন ৰূপ প্ৰদান কৰে। ব’হাগ বিহুৰ সময়তে প্ৰকৃতিয়েও নিজৰ ৰূপ সলনি কৰে। অসমীয়াই বিহু উদযাপন কৰি আহিছে আৰু কৰি গৈ থাকিব লগতে পালন কৰি গৈ থাকিব বিহুৰ লগত বিজড়িত কৃষ্টি-সংস্কৃতিবোৰ। বিহুয়ে অসমক বিশ্বৰ ভিতৰতে এটা চিনাকি প্ৰদান কৰিছে। ব’হাগ বিহুৰ মাদকতাই সুকীয়া। বিহুয়ে অসমীয়াৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে। সঁচাই ব’হাগ অসমীয়াৰ বাবে কোনো দিন,ঋতু,মাহ বা বছৰ নহয়;ব’হাগ অসমীয়াৰ আৱেগ,ব’হাগ অসমীয়া জাতীয় জীৱনৰ এক পীঠস্থান,ব’হাগ অসমীয়া জাতিৰ পৰিচয়।



      সময় বাগৰিল৷ এই ভূখণ্ডৰ অধিবাসী সকলৰ গাতো লাহে লাহে সভ্যতাৰ ৰেঙণি লাগিল৷ সময়ৰ সোঁতত বিহু লাহে লাহে অসমীয়া সমাজ জীৱনৰ ভিতৰুৱা হল৷ আদিম সভ্যতাৰ আদি ৰসাত্মক গান-নাচবোৰ লাহে লাহে ইংগিতবাচক হ’ল৷ বিহুক সমাজৰ সকলোৱে নিজৰ বুলি আদৰি লবলৈ ল’লে৷ অসমৰ ইতিহাসৰ এক উজ্জল সময়ৰূপে পৰিগণিত হোৱা আহোমসকলৰ ৰাজত্বৰ কালচোৱাতেই বিহুৱে এক সুন্দৰ সামাজিক আৰু ৰজাঘৰীয়া স্বীকৃতি লাভ কৰে৷ বুৰঞ্জীমতে ১৬৯৮-৯৯ চনত আহোমস্বৰ্গদেও ৰুদ্ৰ সিংহই দিখৌৰ পাৰত নতুনকৈ এখন নগৰ নিৰ্মাণ কৰি ৰংপুৰ নামদিয়ে৷ এই নৱৰ্নিমিত নগৰখনলৈ স্বৰ্গদেও ৰুদ্ৰসিংহই গড়গাওঁৰ পৰা ৰাজধানী স্থানান্তৰ কৰি আনি ৰাজকাৰ্য্য চলাবলৈ লয়৷ এই ৰংপুৰ নগৰীতে স্বৰ্গদেৱে ৰজা আৰু প্ৰজাৰ মনোৰঞ্জনৰ বাবে নিৰ্দিষ্ট কৰা এটি ‘ৰংচোৱা ঘৰ’ বা ‘ৰংঘৰ’ পাতে৷ প্ৰথমতে কাঠ-বাঁহেৰে নিৰ্মান কৰা এই ‘ৰংচোৱা ঘৰ’টি পাচলৈ স্বৰ্গদেওপ্ৰমত্ত সিংহই ইটাৰে পকীকৈ নিৰ্মান কৰে৷ একালৰ ৰূপে, ৰঙে, ৰসে ভৰপুৰ ৰংপুৰ নগৰীৰ এই ৰংঘৰটিয়েই হ’ল অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক বুৰঞ্জীৰ এটি উল্লেখযোগ্য কীৰ্ত্তিস্তম্ভ৷ এইখিনি সময়ৰ আহোম শাসনৰ অন্যতম বৈশিষ্ট আছিলযে সকলো জাতি, ধৰ্ম, গোষ্ঠীৰ নিজা কৃষ্টি-সংস্কৃতিক সন্মান প্ৰদৰ্শন কৰা৷ সেয়ে ৰংঘৰৰ বাকৰি কোনো বিশেষ ধৰ্ম বা জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষিত নহৈ সকলোৰে নিজা কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ বাবে এক উমৈহতীয়া মঞ্চৰূপে পৰিগনিত হৈ পৰিছিল৷ এই ৰংঘৰৰ বাকৰিতে বিভিন্ন খেল-ধেমালীৰ লগতে বিভিন্ননৃত্য-গীতো পৰিবেশন কৰা হৈছিল৷ ৰংঘৰৰ বাকৰিত আমোদ-প্ৰমোদৰ বাবে প্ৰদৰ্শিত হোৱা খেল-ধেমালী, নৃত্য-গীতসমূহ ৰজাঘৰীয়া, ডা-ডাঙৰীয়া আৰু প্ৰজাসকলে একেলগে উপভোগ কৰিবলৈ পৰা কথাটোৱেই হয়টো বৃহত্তৰ অসমীয়া সমাজ এখন গঢ়াত বহুলাংশে সহায় কৰিছিল৷ আনকালে চহা ডেকা-গাভৰুৱে গছৰ তলত নচা বিহুনাচ স্বৰ্গদেউ ৰূদ্ৰসিংহৰ আমোলতেই মাৰ্জিতভাৱে ৰংঘৰৰ বাকৰিত প্ৰদৰ্শিত হৈছিল৷ আজিৰ বিহুৰ এই ৰূপৰ কঠীয়া সেই আমোলতে ৰোৱা হৈছিল৷ এইজনা স্বৰ্গদেউৰ দিনতেই ৰাজকাৰেঙলৈ ৰাইজক হুঁচৰি গাবলৈ নিমন্ত্ৰণ কৰি হুঁচৰি দলৰআগত আঠু লৈ আশীৰ্বাদ লোৱাৰ পৰম্পৰা প্ৰতিষ্ঠা হৈছিল৷ লাহে লাহে ডা-ডাঙৰীয়া, মুখিয়াল তথা সকলোৰে ঘৰৰ চোতালত ৰাইজৰ হুঁচৰিৰ দলৰ পৰা গৃহস্থই আশীৰ্বাদ লোৱাৰ পৰম্পৰাটি ঠন ধৰি উঠিল৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাইজেবিহুৰ দিনা সকলোৰে ঘৰৰ পদূলি গচকি আশীৰ্বাদ দিয়া কথাটোত এই মুলুকৰ সাতামপুৰুষীয়া সংস্কৃতিৰ ডোলডাল যেন আৰু সুদৃঢ় হৈ পৰিল৷ ইয়াৰ পৰাই অসমীয়ামানুহে বিশ্বৰ সমুখত চিনাকি দিব পৰা এটি সাংস্কৃতিক যাত্ৰাৰ আৰম্ভ হ’ল৷এটা কথা অনস্বীকাৰ্য যে এই ঘটনাটিয়ে বিহুক এক অনন্য মৰ্য্যদা দিলে৷
বিহু হৈ পৰিল ৰাজকীয় স্বীকৃতি পোৱা এটি অনুষ্ঠান যিটো প্ৰজাৰ পৰা ডাঙৰীয়ালৈ সকলোৱে একেলগে মিলি একেদৰে উদযাপন কৰিবলৈ পাৰে৷ এইখিনি সময়তে বিহু-উৎসৱে সকলোকে এক স্বকীয়তা প্ৰদান কৰিলে৷ বিহু কোনো জাতি বা ধৰ্মবিশেষৰ হৈ নাথাকিল৷ বিহুক সমাজৰ সকলো শ্ৰেণীয়ে সমানে আদৰি ল’বলৈ ল’লে৷ লাহে লাহে কালৰ সোঁতত আহোমৰ ৰাজত্বৰ সেই সোণসেৰীয়া দিনবোৰ জহি খহি গ’ল৷ইয়াণ্ডাবু সন্ধিৰ অচিলা লৈ অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ গ’ল৷ বৃটিছসাম্ৰাজ্যৰ আগ্ৰাসনৰ লগে লগে অসমীয়া সমাজজীৱনত নতুনকৈ চাহাবী আদৱ-কায়দাশিকা কিছু অসমীয়া ডা-ডাঙৰীয়াই বৃটিছ বিষয়াৰ ওচৰত আৰ্জি পেচ কৰিলে যে বিহুক নিষিদ্ধ ঘোষণা কৰিব লাগে৷ তেখেতসকলৰ মতে ‘বিহু হ’ল ইতৰ প্ৰাণীৰ নাচ-গান’৷ সেই সময়ত, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে কেইজনমান মুষ্টিমেয় হিতৈষী অসমীয়াৰ উদ্যোগত লোৱা সামুহিক প্ৰচেষ্টাৰ বাবেই সেইবাৰলৈ বিহুটি এলাগী হোৱাৰ পৰা ৰক্ষা পৰিল৷ লাহে লাহে অসমতো পশ্চিমীয়া ধৰণে মঞ্চ ব্যৱহাৰ কৰি বিভিন্ন সাংস্কৃতিক কাৰ্য্যক্ৰমপ্ৰদৰ্শন আৰম্ভ হ’ল৷ ঠিক এনে এক সময়তে মহেশ্বৰ নেওগৰ দৰে কেইজনমান বিশ্ব-বিশ্ৰুত অসমীয়াই ১৯৪১ চনত শিৱসাগৰত বিহুক মঞ্চলৈ আদৰি আনে৷ গছতলৰপৰা ৰংঘৰৰ বাকৰি, ৰাজহাউলী, প্ৰজাৰ চোতাল গৰকা বিহুটি মঞ্চমুখী হোৱাৰ বাটসূচনা হ’ল৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাই ১৯৫১ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত মঞ্চ বিহুৰ শুভাৰম্ভ কৰে৷ সেই যে বিহু মঞ্চত উঠিল, আৰু পাচলৈ চাব লগা হোৱা নাই তেতিয়াৰ পৰা৷ প্ৰকৃতিৰ মাজত স্বতঃস্ফুৰ্তভাৱে নচা বিহু নাচত ব্যাকৰণৰ চাপ পৰিল৷ সকলোবোৰ ব্যাকৰণমতে চলা হ’ল।ৰঙালী বিহুৰমঞ্চত বিহুৰ উপৰিও নানা সাংস্কৃতিক উপাদানে বিহুক সমৃদ্ধ কৰিলে৷ ঝুমুৰ, ৰাভা নৃত্য, বাগুৰুম্বা, খেৰাই, দেওধনী আদি নানা নৃত্য মঞ্চলৈ আহিল৷ অসমৰবিখ্যাত গায়ক গায়িকাসকলেও বিহুৰ মঞ্চখনক নিজৰ গীতসমূহ দৰ্শক তথা শ্ৰোতাৰওচৰলৈ নিবলৈ বিহুৰ মঞ্চখনো ব্যৱহাৰ কৰিছিল৷ এই ক্ষেত্ৰত প্ৰথমেই নাম ল’বলাগিব সকলো অসমবাসীৰে হিয়াৰ আমঠু স্বৰূপ ড: ভূপেন হাজৰিকাৰ৷ বিহুৰমঞ্চখন অতি সফলভাৱে ব্যৱহাৰ কৰি তেখেতে বিহুক এক অনন্য মৰ্য্যদা দিছিল৷ বিহুৰ মঞ্চৰ আন বৰেণ্য জনপ্ৰিয় লোকশিল্পী কেইগৰাকীমানৰ নাম এইখিনিতে উল্লেখ কৰিছো – ঢোলৰ যাদুকৰ মঘাই ওজা, জয়ন্ত হাজৰিকা, খগেন মহন্ত-অৰ্চনামহন্ত যুটী, দ্বীপেন বৰুৱা, সন্ধ্যা মেনন, ৰিদিপ দত্ত, জিতেন ডেকা, চাৰুগোহাঁই, মহানন্দ মজিন্দাৰ বৰুৱা, জে পি দাস, অৰুণ দাস, মনীষা হাজৰিকা, সমৰহাজৰিকা ইত্যাদি৷ এইসকলৰ কেইজনমানে এতিয়াও বিহুৰ মঞ্চ শুৱনি কৰি আছে৷ এইসকলৰ বাহিৰেও আন বহুজনে নিজা নিজা প্ৰতিভাৰে বিহুক সমাদৃত কৰি থৈ গৈছে৷তাৰ ভিতৰত উল্লেখযোগ্য হ’ল পুৰুষোত্তম দাস, যিজন মহান অসমীয়াই “শ্ৰীময়ীঅসমীৰ শীতল বুকুত…” নামৰ বিহুৰ সংগীত ৰচনা কৰি বিহুক এক স্বকীয়তা প্ৰদানকৰি গৈছে৷ ‘ভায়ামামা’ৰ দৰে বহু শিল্পীয়ে কৌতুক অভিনয়েৰে বিহু মঞ্চখনক এক অনন্য মাত্ৰা দিছিল ৰাজনৈতিক, সামাজিক ক্ষেত্ৰখনৰ লক্ষ্যনীয় কথাবোৰ কৌতুকৰ মাধ্যমেৰে মনোগ্ৰাহীকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ‘ভায়ামামা’ আছিল আগৰণুৱা। এই ৰঙালীৰ বতৰতে নতুন প্ৰজন্মৰ বহু জনপ্ৰিয়শিল্পীয়ে বিহুৰ মঞ্চ শুৱনি কৰি দৰ্শকৰ মনোৰঞ্জন কৰি আশীষ বোটলে৷ বৰ্তমান বিহুমঞ্চত বহু ইলেক্ট্ৰনিকবাদ্যযন্ত্ৰ, পোহৰ প্ৰক্ষেপণ যন্ত্ৰ, উচ্চ মানদণ্ডৰ শব্দ-যন্ত্ৰ, বিভিন্ন অত্যাধুনিক যন্ত্ৰ–পাতিৰো সমাহাৰ ঘটিছে৷ বিহু মঞ্চত এনেবোৰ প্ৰযুক্তি ব্যৱহাৰ কৰি জুবিনগাৰ্গ, অংগৰাগ মহন্ত, জিতুল সোণোৱালৰ দৰে জনপ্ৰিয় শিল্পীয়ে বিহুৰ মঞ্চক এক অনন্য স্বকীয়তা প্ৰদান কৰিছে৷ 


সিদিনাৰ পৰাই সকলোৱে বিহু সামৰি নিজৰ প্ৰধান কৰ্মসমূহত মন দিছিল৷ ‘বিহু উৰুৱা’ৰ পাছত সকলো কৃষিজীৱী লোকে অনাগত বাৰিষাৰ বাবে পথাৰ সাজু কৰা কামত ব্যস্ত হৈ পৰিছিল৷ পিছে আজিকালি আহাৰ-শাওন মাহলৈ বিহু পাতি, সাংস্কৃতিক সন্ধিয়াৰ নামত কৰা অতপালিবোৰে বিহুৰ মৰ্য্যদা যথেষ্ট হানি কৰা যেন অনু্ভৱ হয়৷ নানাজাতি, জনজাতি, ভাষা, ধৰ্মৰ সংমিশ্ৰণেৰে ব্যাপ্ত বিশাল অসমীয়া সমাজক একতাৰ ডোলেৰে অতীজৰে পৰা বৰ্তমান পৰ্য্যন্ত বান্ধি ৰখাৰ ক্ষেত্ৰত বিহুৰ অৱদান সাগৰ সদৃশ৷ বৰ্তমান বিহু অকল অসমতে আবদ্ধ হৈ থকা নাই৷ দেশে-বিদেশে জীৱন আৰু কৰ্মৰ সন্ধানত ব্ৰতী হৈ থকা প্ৰৱাসী অসমীয়া সকলকো এই বিহুৱেই এক কৰি ৰাখিছে৷ প্ৰযুক্তিৰ সদব্যৱহাৰ কৰি ইন্টাৰনেটৰ যোগেৰে অসমৰ বিহুতলীত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ অনুষ্ঠান বিশ্বৰ চুকে-কোণে সিচঁৰতি হৈ থকা অসমীয়া লোকসকলে উপভোগ কৰে আৰু এই উছবৰ বতৰত অসমৰ বাতাবৰণৰ লগত একাত্ম হয়৷ আদিম অবস্থাৰ পৰা বৰ্তমানলৈ নানা ৰূপান্তৰিত অৱস্থাৰ মাজেৰে বিহুৰ উৎসাহ উদ্দীপনাৰ লানি নিচিগা ফল্গুধাৰা বৈ গৈছে৷ বিহুৰ এই বোৱঁতী ধাৰা অনন্তকাললৈ যাতে অক্ষত থাকে। বিহু হওঁক আমাৰ জীৱন্ত পৰিচয় ; এক উচ্ছ্বাসৰ সমল। 







Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)