চি এন বি কলেজৰ তুমি সংযুক্তা শইকীয়া-মানস জান শইকীয়া

©Admin
0
মুখত এমুঠি হাঁহি লৈ লাহে লাহে আহি থকা
লাহি পাহি দেহাৰে জিলিকি পৰা;
গোলাপ ফুলা দুখন গালেৰে
সৰগৰ অপেশ্বৰী যেন , 
চি এন বি কলেজৰ তুমি সংযুক্তা শইকীয়া। 
নাজানো তোমাৰ ঘৰ ক'ত
নাজানো তুমি থাকা ক'ত;
কিন্তু মাথো এটাই জানো 
তুমি আছা মোৰ অন্তৰত দেৱী ৰূপে, 
তেতিয়া দেখাৰ পৰা আজিও। 
পুৱাৰ ৰ'দালিৰ দৰে জিলিকি পৰা 
তোমাৰ মুখখন চাই মই প্ৰেমত পৰো;
তোমাৰ দুটি নয়ণৰ ভাষাৰে লিখো
মৰম ভৰা কবিতাৰ সংকলন। 
কেতিয়াবা মন যায় ঈশ্বৰক সুধিব
তুমি আছানে মোৰ কপালত, 
ভগবানে যদি কয় নাই মোৰ কপালত
তথাপি থাকিবা মোৰ সদায় অন্তৰত। 
আহিবাচোন এদিন নিজান নদীৰ পাৰলৈ
মনৰ কথা পাতিম হিয়া উজাৰি,
তোমাৰ নামেৰে জীৱন সংযুক্ত কৰি
গাঠিম আমাৰ মিলনৰ এনাজৰি। 
জোনাক বিহীন আকাশত তুমি
জোন হৈ পোহৰাবা মোৰ প্ৰেমৰ চোতাল, 
তোমাৰ নামতে মই প্ৰেমৰ কবিতা ৰচিম
এটাই মাত্ৰ শিৰোনামা;
চি এন বি কলেজৰ তুমি সংযুক্তা শইকীয়া। 



                     মানস জান শইকীয়া
 ৰঙামাটি চেউনী গাওঁ, বাদুলিপাৰ, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)