তুমি নথকা বাবে -ফাৰুক হুছেইন

©Admin
0
হয়তো তুমি নথকা বাবেই
    নিৰ্জনতাৰ মৌণ পৰিৱেশ
         কোলাহল নিৰৰ্থক 
মোৰ বাবে,
জীৱন ৰামধেনু শেতা পৰিলে 
     দিশহাৰা নাবিক আজি মই
           তুমি নথকা বাবে ।

বসন্তৰ আগমনৰ পৰিবৰ্তন
      গছ লতাৰ কোমল কুঁহিপাত
           নানা বিধ ফুলৰ সৌৰভ
কুলি কেতেকীৰ শুৱলা গীত,
      কিয়নো সেয়া
 বিৰক্তিকৰ লাগে
              অস! তুমি নথকা বাবে।

শৰতৰ পুৱাৰ নিয়ৰৰ টোপাল
     জিলিকি উঠা ঘাঁহনি ডৰা
          দিগন্তৰ আকাশৰ কুঁৱলী
শীতৰ পুৱাৰ জুইৰ তাপে,
       কিয়নো মোক আমনি কৰে ?
             হয়তো তুমি নথকা বাবে ।

আঘোণৰ সোণোৱালী ধাননীডৰা
    সেউজ-পথাৰৰ মনোৰম শোভা
             টুনি চৰাইৰ কিচিৰ-মিচিৰ মাতে
যদিও পথাৰ প্ৰাণৱন্ত কৰে,
     মোৰ মনৰ যন্ত্ৰণা প্ৰকট হয়
             প্ৰিয়া তুমি নথকা বাবে।
         
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)