ভুল সিদ্ধান্ত -অজয় ডেকা

©Admin
0
আমি যে অলপতে সিদ্ধান্ত কৰিলোঁ
কথাবোৰ কিন্তু ভবা দৰে সহজ নহয়

গৈ থাকোঁতে গৈ থাকোঁতে 
ভাগৰ লাগিব পাৰে
ওখ-চাপৰ মাটিত উজুতি খাই 
ভৰিৰ নখ ভাঙিব পাৰে 
এটা তিনিআলি পাওঁতে
খোজ দীঘল চুটি হৈ পথ যদি দুটি হয়
আৰু হঠাৎ এঠাইত বহি থাকোঁতে
পাগলাদি‌য়া ঘূৰণী বতাহে 
নৈখনৰ ইপাৰে সিপাৰে যদি আমাক
থৈ যায়

এই দুৰ্ঘটনাত যদি‌ অলপতে লোৱা সিদ্ধান্ত 
নিহত হয়
তাতকৈ ভাল 
তুমি উজনিত মই নামনিত‌।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)