আঘোণ অহাৰ বাটেৰে -আলতাব হুছেইন

©Admin
0
আঘোণৰ কুঁৱলীৰ প্ৰচ্ছাদ ফালি 
আঘোণ অহা বাটেৰে 
আহিছিলা তুমি  ।
মই ভালপোৱা সোণালী পথাৰত
 ৰৌদ্ৰোদীপ্ত সোণগুটিবোৰ চপোৱাই 
সপোণৰ ঘৰখন ওপচাই তুলিবলৈ .... !

টোপা টোপে কুঁৱলী নিগৰা পথাৰত
দেখা পালো তোমাক ধোঁৱা-ধূসৰিত কৈ 
সিক্ত ওঁঠৰে শেৱালী হাঁহি মাৰি 
মুঠি মুঠি কৈ চপোৱা সোণগুটি ।

তোমাৰ অজ্ঞাতে পৰিছোঁ প্ৰেমত 
লটি-ঘটি খাইছো প্ৰেম সাগৰত 
তুমি যদি আহি দিয়া সঁহাৰি 
সাতুৰি - নাদুৰি সাগৰ পাৰ হৈ 
 প্ৰেম সাগৰৰ সিপাৰৰ 
বালিচৰত গৈ 
সঁজাই তুলিম প্ৰেমৰ তাজমহল ।

আঘোণৰ মৌ মিঠা ৰ'দত 
কুঁৱলীৰে সিক্ত কৰা
 তোমাৰ কোমলিয়া ওঁঠযুৰৰ হাঁহি
উজ্বলি থাকে মোৰ চকুৰ ৰেটিনাত  
তোমাৰ হাতৰ পৰশ লাগি 
কোনোবাৰ ভঁৰাল ভৰি পৰে 
সোণগুটিৰ সোণালী বীজৰে ......!

আঘোণ যোৱাৰ বাটেৰে 
কুঁৱলীৰ প্ৰচ্ছাদ ফালি 
 মোৰ ৰঙীন সপোনবোৰক 
জীৱন্ত টেটু চেপি 
কিয় গুচি গ'লা নিসমেৰে
 নিজ বাটৰ লক্ষ্যব্যাপি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)