অহৰহ যুজঁ ,
বিধ্বংসী ধুমুহাৰ তাণ্ডৱত ,
জীয়াই থকাৰ দুৰ্বাৰ চেষ্টা।
অৱচেতন মনোজগতত
হেজাৰ হেজাৰ প্ৰশ্ন লৈ
ধূলিয়ৰি বাটেৰে উজাই গৈছোঁ ,
ঢিমিক ঢামাক আশাৰ বন্তি গছি।
বাৰে বাৰে নুমাই যাব খোজে জীৱন জ্যোতি,
দায়িত্ব আৰু কৰ্তব্যৰ তাগিদাত,
হয়তু,সহস্ৰ জনৰ প্ৰাৰ্থনাত
জ্যোতিস্মান জীৱন ৰেখা।
নৱ প্ৰভাতৰ আত্মিক ৰাগিণীত ,
আকৌ নতুন
জীৱন নাটৰ আখৰা,
আগবাঢ়ি যোৱাৰ নৱ প্ৰচেষ্টা,
বিচাৰিছোঁ সপ্তসুৰৰ মধুৰ তান।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ