বাৰে বাৰে সান্তনা দিছিল,
মই বিশ্বাস কৰিছিলো কেতিয়াবা;
ভাবিছিলো হেৰাই যোৱা মণিটি
পোৱা যায় জানো দুনায় ?
হ'বও পাৰে! দেউতাতো নহয় মিছলীয়া।
মণিটি বিচাৰি হাবাথুৰি খাই
অন্ধকাৰত নিমজ্জিত হৈ
নীৰৱ ৰাজকোঁৱৰ মই, ৰাজকাৰেঙৰ মণিকূটত
নতুন ৰাণীৰ আগমণত
ৰাজ্য আনন্দত হৈ-চৈ।
দেউতাই বুজাইছিল
সেয়াই হেৰুৱা মণিটি,
চিকমিকনিও অধিক এতিয়া বুজিছো হাড়ে-শিৰে
মণি কেৱল দেউতাৰ বাবেহে ;
মোৰ বাবেতো মাহীমাক!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ