হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণত এটি যুগৰ অৱসান- নৱজিৎ নাথ

©Admin
0
হে মহিৰূহ, হে মহান পুৰুষ, 
তোমাক কৰিছো শত কোটি প্ৰণাম। 
অসমীয়া সাহিত্যৰ জগতত যুগদ্ৰষ্টা
সংবাদ মাধ্যমৰ স্বনামধন্য ব্যাক্তিৰ 
মহাপ্ৰয়াণত অসমে হেৰুৱাই পেলালে
 এজন বিশেষ অভিভাৱক।। 
 
সাহিত্য জগতৰ উজ্বল নক্ষত্ৰ স্বৰূপ ।
হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণৰ 
সাহিত্য ৰাজিত এনে কোনো দিশ নাই 
য'ত তেওঁৰ অৱদান নাই।।  
সকলোতে তেওঁ বিচক্ষণ 
এক বিশাল পৰিচয় বহন কৰিছে।। 

হোমেন বৰগোহাঞি দেৱ আছিল 
বহুমুখী প্ৰতিভাসম্পন্ন আৰু 
ধৈৰ্য্যশীল দক্ষতাৰ প্ৰকৃত মানুহ গঢ়া, 
মুক্ত চিন্তাৰ তৰংগ বিলোৱা 
এজন বিশেষ মহানায়ক ।। 

হোমেন বৰগোহাঞি দেৱ আছিল 
সংবাদ জগতৰ এজন মহিৰূহ । 
সামাজিক ভুমিকাৰে সংবাদ জগতক 
বলিষ্ঠ ভুমিকা পালন কৰা।। 
হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণত 
কালজয়ী ঐতিহ্যত পৰিণত হ'ল
 তেখেতৰ অমৰ সাহিত্যৰাজি।। 
সোঁৱৰণীৰ দস্তাবেজ লিখি লিখি 
অলেখ পোহৰ বিলাই থৈ গ'ল,
 অজস্ৰ জনৰ হৃদয়ৰ মণিকোঠা । 

অসমীয়া সাহিত্য জগতৰ ভঁৰাল
 চহকী কৰি থৈ যোৱা সেই 
 নিৰ্ভীক ,স্পষ্টবাদি কবি
 হোমেন বৰগোহাঞিৰ কবিতাৰ 
 মুল বিষয়বস্তু "অভিনৱত্ত্ব " ।
 তেওঁৰ প্ৰতিটো বিষয় আছিল 
 সাৱলীল আৰু অভিনৱ।। 
 আধুনিকতাৰ পৰশ সনা
 তেখেতৰ কলমৰে নিগৰিচিল 
  নৱ নৱ সাহিত্যৰ সোৱাদ ।।
  
হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণত 
অসমীয়া সাহিত্যৰাজিৰ 
শূন্য স্থান কেতিয়াও নহয় পূৰণ , 
অসমীয়া জাতিৰ সৰ্বশ্ৰেষ্ঠ অভিভাৱক 
হিচাপে যি পথ দেখুৱালে , 
সদায় নতুন প্ৰজন্মৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰৱ
আৰু বৰগোহাঁইদেৱৰ অৱদান সকলোৱে শ্ৰদ্ধাৰে ৰাখিব।।
 
জাতি ,বৰ্ণ ,ধৰ্ম ,ভাষাৰ ভিন্ন
সম্প্ৰদায়ৰ মাজত বিভেদ নৰখা,
বাহিৰত কঠোৰ যেন দেখা , 
ভিতৰত কোমল অন্তৰৰ মানুহজন আৰু নাই । 
এই কথাষাৰে বহু হাজাৰ হাজাৰ অনুৰাগীৰ বুকুখন 
উদং কৰি গ'ল গৈ কোনোবা এখন অচিনাকি অজান দেশ লৈ বুলি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)