তুমি আহিবানে -সংযুক্তা বৰা

©Admin
0
আজৰি পৰত হাতত তুলিকা তুলি 
ভাবিলো তোমালৈ লিখিম এখনি চিঠি;
কিন্তু কিয় জানো বাৰে বাৰে 
মনটো উঠে সেমেকি।
তুমি; তুমি নুবুজিবা কিয় উঠে সেমেকি?
হয়তো তুমি আজি থকা হ'লে
ক'লো হেঁতেন সকলো বিৱৰি।
পকা ধাননি যি দৰে চকুৰ পলকতেই 
উদং পথাৰ হ'ল
তুমি নোহোৱাৰ বাবে মোৰ মনটো ক্ষন্তেকতে
জয় পৰি গ'ল
শেষত এইটোৱেই মোৰ আশা
তুমি আহিবা, মাথো আহিবা মোৰ বাবে।
সচাঁই আহিবানে?

✍️সংযুক্তা বৰা
      গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)