দুপৰীয়া সময়ত আকাশখন কলিয়া ডাৱৰে আৱৰি ধৰিলে।কিছুসময় পিছতে বহুত ডাঙৰকৈ শিল বৰষুণ দিলে। হোষ্টেলৰ আটাইবোৰ ছোৱালীয়ে নিজৰ নিজৰ ৰূমৰ দুৱাৰ খিৰিকী বন্ধ কৰি ভিতৰত সোমাল।যেতিয়া বৰষুণ এৰিল তেতিয়া গোটেই ছোৱালীবোৰে চিঞৰি চিঞৰি বৰষ বুটলিবলৈ দৌৰিলে।তাঁহাতৰ লগতে শ্ৰুতিও বৰষ বুটলিবলৈ গ'ল। বৰষুণ তাইৰ প্ৰিয়।সেয়ে বৰষুণ দিলে তাই বৰ অভিমান কৰে।
তাইক বৰষ বুটলিবলৈ অহা দেখি জুৰিয়ে গালি দিয়াৰ দৰেই ক'লে।
::::::- শ্ৰুতি তইনো কিয় ওলাই আহিলি? যা যা ৰূমতে থাকগৈ।
::::::- মোৰো বৰষ বুটলিবলৈ মন গৈছে।বৰষুণত তিতিবলৈও বহুত মন গৈছিল।
::::::- তোৰ গাটো ভাল নাই। নালাগে দে।আমি এনেই হে বুটলিবলৈ আহিছোঁ। ভালকৈ খোজ কাঢ়িবই পৰা নাই।কিয় ওলাই আহিছ।বল ভিতৰলৈ বল....! অলপ জিৰণি লবি। ঠাণ্ডাখনত বাহিৰত থাকিব নালাগে.... মইও যাম বল।
::::::- ৰ না অলপ থাকিম। এনেকৈ অলপ ইয়াতে থাকিবলৈ দে।ভিতৰলৈ যাবলৈ মন নাই।
::::::- শ্ৰুতি তই দৰৱ খালি নে?
:::::- পাহৰিলো।
::::::- এতিয়াই খাবি বল সোনকালে।
জুৰি তাইৰ ৰূমত একেলগে থাকে। কলেজত নাম ভৰ্তি কৰাৰ পৰাই যিদিনাৰ পৰা একেলগে থাকিবলৈ লৈছিল সেইদিনাৰ পৰাই শ্ৰুতিয়ে তাইক সকলো কথাই কৈছিল। শ্ৰুতিৰ মুখখন দেখিলেই জুলিয়ে সকলো গম পাইছিল।পৰাপক্ষত তাইক হহুৱাই থাকিবলৈ চেষ্টা কৰিছিল।দুয়োজনী অন্তৰংগ বান্ধৱী হৈ পৰিল। শ্ৰুতি সৰুৰে পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে।তাইৰ মাক দেউতাক চাকৰিয়াল।দুয়ো নিজৰ কামত ব্যস্ত হৈ থাকে।তাইক সৰুৰে পৰাই হোষ্টেলত দিছে।তাই পঢ়াতো ভাল। সকলোৱে মৰম কৰে তাইক। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে তাই নিজকে অকলশৰীয়া অনুভৱ কৰিবলৈ ল'লে। ক'ৰবাত যেন তাই মৰমৰ অভাৱ অনুভৱ কৰিলে।
শ্ৰুতি আৰু জুৰিয়ে একেলগে ৰাতি পঢ়ি আছিল। শ্ৰুতিৰ দেউতাকে ফোন কৰা দেখি তাইৰ মুখত এটি হাঁহি বিৰিঙি উঠিল।ইমানদিনৰ মূৰত তাইলৈ ফোন কৰিছে।
:::::- জীয়া পঢ়া শুনা কেনে চলিছে। পৰীক্ষা ভাল হলনে।( দেউতাকে তাইক জীয়া বুলি মাতে)
:::::- উম ভাল হ'ল দেউতা।
:::::- গা বেয়া নি তোমাৰ জীয়া।
:::::- উম দেউতা গাটো সেইদিনা বহুত বেয়া লাগিছিল।
:::::- আমাক কোৱা নাই যে তুমি।
::::::- তোমালোকক কিনো কম দেউতা। ক'লে জানো মোৰ ওচৰলৈ আহিবা। মোক জুৰিহতে মেডিকেল লৈ গ'ল।দৰৱ খাই আছোঁ ভাল হৈ যাব। মোৰ কথা চিন্তা নকৰিবা।
::::::- পইচা আছেনে তোমাৰ ওচৰত। মই এতিয়া ভৰাই দিছোঁ ৰবা।
::::::- মোক পইচা নালাগে দেউতা।মৰম লাগে।
কথাখিনি কৈ তাই ফোনটো কাটি দিলে।জুৰিক সাৱটি তাই বহুত কান্দিলে। এনেকৈয়ে তাই পাৰ কৰিলে হোষ্টেলৰ দিনবোৰ।তাইৰ ইচ্ছা গলেও বৰষুণজাকৰ সৈতে কথা নাপাতে।মন গ'লেও তাই খিৰিকী খুলি আকাশৰ জোন তৰাক নাচায়।তাই আজিকালি নিঃস্তব্ধ হৈ থাকিয়ে ভাল পায়। দুদিনমান পিছত কলেজৰ পৰা আহি হোষ্টেলৰ ৰুমত তাই সোমাইছিলহি।তাইৰ গাটো বহুত বেয়া হ'ল।জুৰিহতে তাইক আকৌ মেডিকেললৈ লৈ গ'ল।তাইৰ ঘৰলৈ ফোন কৰিলে।তাই ফোনটো ৰিচিভ কৰাৰ লগে লগে ক'লে।
::::::- তোমালোকে মোক চাবলৈ নাহা। মই নোহোৱা হ'লে আকাশৰ কোনটো অভিমানী তৰা চাবা।
তাইৰ থোকাথুকি মাতটো শুনি সকলোৱে উচুপি উঠিল।মাক দেউতাক তাইৰ ওচৰলৈ অহাৰ আগতেই তাই মৃত্যুক আকোঁৱালি ল'লে। তাইৰ হাতত মুঠি মাৰি থকা কাগজ এটুকুৰা জুৰিয়ে দেখা পাই মেলি চালে।তাই হয়তো মেডিকেল অহাৰ আগ মূহুৰ্তত লিখিছিল।তাই কেইটামান শব্দ পঢ়ি আৰু পঢ়িব নোৱাৰিলে।তাত লিখা আছিল -
" মই যদি গুচি যাঁও
ঘূৰি নহাৰ বাটেৰে
মোক বিচাৰি জানো
উচুপি উঠিবা কেতিয়াবা।
মইযে অভিমানী হৃদয়ৰ
আলসুৱা জীয়া জনী
সেয়া জানো মোৰ মৃত্যুৰ পিছতো
মনত ৰাখিবা ।"
কিছুসময় পিছত শ্ৰুতিৰ মাক দেউতাক আহিল। তাই লিখি থৈ যোৱা কাগজৰ আধালিখা কথাখিনি জুৰিয়ে তেওঁলোকক দি শ্ৰুতিক সাৱটি কান্দি উঠিল।
◾দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ