স্বপ্নতীৰ্থ মিলন ভূমি -অনন্ত কুমাৰ ভূঞা

©Admin
0
স্বপ্নতীৰ্থৰ মিলন ভূমিত
প্ৰতিপালিত ৰণুৱা সৈনিক আমি
উপাসনাৰ পবিত্ৰ বেদিত 
মানৱতাৰ চিত্ৰ খোদিত 
ইয়াত যুদ্ধ নহয় ক্ষুব্ধ নহয় হিয়া
আক্ৰোশৰ বলিদান নাই
হেলাৰঙে পাৰ হয় সময়
বিস্ময় প্ৰকৃতি বিস্মৃতিৰে আৱৰা আকৃতি
স্থিতপ্ৰজ্ঞ ৰূপৰ সমাহাৰ
সুহৃদ বন্ধু আছে
আঁ‌কোৱালি ল'বলৈ যাতে বিপদ নাহে
সম্পদৰ তালিকাৰ
লালসা নোপজে ইয়াত 
আশাৰ কঠীয়াতলি শস্য সপোনৰ স্থলী
ভোকাতুৰ বুলিবলৈ কোনো নাই
অপমান অপবাদ বিমৰ্ষ হৰ্ষ বিষাদ
দূৰলৈ গুচি গ'ল বিচাৰি পাবলৈ নাই
বিভূতি বৈভৱৰ হিচাব নাই
গৰ্ব অহংকাৰে ভূমুকি নামাৰে
সতীৰ্থ ইয়াতে আছে সতীত্ব বজায় ৰাখে
স্বাভিমান লৈ জীয়াই থাকে
এইয়াই স্বপ্নতীৰ্থ মিলন ভূমি ।

✍️অনন্ত কুমাৰ ভূঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)