২৫ ডিচেম্বৰ ৰংমনৰ বিয়া-গৌতম অংকুৰ গগৈ

©Admin
0
(এক কাল্পনিক ,চমু অনুভৱৰ একলম)
ৰংমন খোলা মনৰ ল'ৰা । সৰু সৰু কথাতে দুখ পায়,সৰু সৰু কথাতেই সুখ পায়।যাৰ লগত বন্ধুত্ব বা সম্পৰ্ক গঢ়ে ৰংমনে আন্তৰিকতাৰে গঢ়ে। পিছে ৰংমনৰ খ‌ঙটো কম নহয়,হঠাতে উঠে হঠাতে কমে।খং কমাৰ লগে লগে নিজে কৰা খঙৰ ভমকত কোৱা কথাক লৈ মনত কষ্ট পায় আৰু নিজৰ ভুল বুলি বুজি পালে অকণমানো ক্ষমা খুজিবলৈ ৰংমনে কুণ্ঠাবোধ নকৰে। ইয়াৰ উপৰিও ৰংমনে যিকোনো লোককে কম সময়তে বিশ্বাস কৰি লয়।যিমান পাৰে আনক সহায় কৰি ভাল পায়।আত্মীয়,বন্ধু সকলোৰে সুখ দেখিলে বহুত সুখ অনুভৱ কৰে ৰংমনে।এয়াই ৰংমন। ৰংমনে বহু কামত ঠগো খাইছে।তথাপিও ৰংমনৰ সেই একেই মন,একেই চিন্তাৰেই জীৱন আগবাঢ়ি গৈ আছে। সেই ৰংমনৰ জীৱনত বহু সুখ,দুখৰ ঘটনা ঘটিছে।ৰংমন যিহেতো সমাজৰ প্ৰতি দায়বদ্ধ,গতিকে সমাজৰ বহু কাম কৰোতে সতীৰ্থৰ পৰাই বহু কষ্ট পাইছে।নিজৰ কৰ্মক্ষেত্ৰত অধিক উদ্যমেৰে নতুন নতুন দিশ শিকি ভালপোৱা ৰংমনে পিছে কেকুৰা চেপাৰ চিকাৰৰ বলি হৈছে বহুবাৰ । সেই কথাও পৰৱৰ্তী সময়ত খোলাকৈ লিখিম। তথাপিও কিন্তু ৰংমনে বৰ্তমানলৈকে হাৰ মানি নাই দিয়া আৰু চাগে নিদিয়ে।যি কি নহওক ৰংমনৰ জীৱনৰ আন এক সুখৰ অধ্যায় আপোনালোকৰ আগত আলোকপাত কৰিব বিচাৰো।ৰংমন সহজ সৰল লগতে বেছ ৰোমাণ্টিক মনৰ।শ্ৰেণী অষ্টমতে প্ৰেমত পৰিছিল ৰংমন।তাকো নিজতকৈ ওপৰৰ শ্ৰেণীৰ।ঘৰৰ পিছফালৰ ৰঙা বগৰী চিঙি নি মৰমত দিছিল সেই ওপৰ শ্ৰেণীৰ প্ৰেয়সীক।সেই বগৰী দি কিমান যে ৰংমনে সুখ অনুভৱ কৰিছিল সেয়া মই লিখি তেওঁৰ মনৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰো।এনেদৰে ৰংমনৰ আৰম্ভ প্ৰেম নামৰ শব্দটো। কিন্তু এই প্ৰেমৰ অনুভৱ নোকোৱাকৈ ৰৈ গ'ল ৰংমনৰ।ইয়াৰ পাছতো ৰংমনৰ প্ৰেম হৈছে,এগৰাকী দিপলিপ ধুনীয়া ছোৱালীৰ লগত।তেতিয়া যিহেতু মোবাইল নাছিল,চিঠিৰ আদান-প্ৰদান চলিছিল।ৰংমনৰ নিজা গাঁৱৰে এগৰাকী ছোৱালীয়ে কঢ়িয়াই লৈ আনিছিল ৰংমনৰ চিঠি।পোনপটীয়াকৈ চিঠি ৰংমনক যিহেতু দিব নোৱাৰে ,গতিকে গাঁৱৰ ছোৱালীজনীয়ে নিজৰ পদূলিত থকা তামোল গছৰ নঙলা খুটাটোৰ খোলোঙতে ৰাখি দিছিল।সন্ধিয়া হোৱাৰ সময়তে হেঁপাহেৰে বাট চাই থকা চিঠিখন খোলোঙৰ পৰা লৈ কিতাপ পঢ়াৰ মাজতে কতবাৰ পঢ়িছিল।যেন পঢ়ি হেঁপাহ নপলায়।এনেদৰে আগবাঢ়িল ৰংমনৰ যৌৱনকাল।এই প্ৰেমো এসময়ত বেলি মাৰ যোৱাৰ দৰে মাৰ খাই গ'ল।সেই ধুনীয়া ছোৱালীজনীক পৰিয়ালে বিয়া দিলে।এতিয়া তাই সুখী।ৰংমনো অৱেশ্য তাইৰ সুখত সুখী।কাৰণ ৰংমনে বিশ্বাস কৰে প্ৰেম মানেই বিবাহ নহয়,ত্যগো থাকিব লাগিব।ৰংমনৰ কলেজীয়া জীৱন শেষ হোৱাৰ পাছতেই আহিল বিয়াৰ প্ৰসংগ।ৰংমনেও পুনৰ প্ৰেমত পৰিল এগৰাকী কলেজীয়া ছাত্ৰীৰ লগত‌।প্ৰেম আগবাঢ়িল, প্ৰেমৰ গাড়ীৰ চকা মাজতে থমকিছিলো। কিন্তু শেষত ৰংমনে লগৰীয়া লগত গৈ এই প্ৰেমিক গৰাকীকে কলেজৰ হোষ্টেলৰ পৰাই পলোৱাই বিয়া পাটিলে।আনি থকাৰ পথত ৰংমনে দেখিলে গজৰাজ।ৰংমনৰ মনটো ভাল লাগি গ'ল।কিয়নো বয়োজ্যেষ্ঠ কয় যাত্ৰাৰ সময়ত গজৰাজ দেখিলে ভাল বোলে। সেই বাবেই ৰংমনেও এনে শুভ ক্ষণত গজৰাজ প্ৰত্যক্ষ কৰি সুখ অনুভৱ কৰিলে,সংসাৰ সুখি হোৱাৰ আশাৰে।এনেদৰে আগবাঢ়িল ৰংমনৰ সাংসাৰিক যাত্ৰা।ৰংমনে প্ৰেয়সীক বিয়া কৰোৱাৰ পাছতো কলেজত পঢ়োৱালে তিনিটা বছৰ।বহু কষ্টৰ মাজতো সপোন বাস্তৱ কৰিবলৈ ৰংমনে নিজৰ কষ্ট নেওচি মৰমৰ পত্নীক পঢ়াই উচ্চ শিক্ষিত কৰিলে।সময় বাগৰিল,ৰংমনৰ সংসাৰলৈ নতুন আলহী আহিল। আনন্দৰে ঘৰখন জীপাল হৈ পৰিল।তেনে সময়তে ৰংমনৰ পত্নীয়েও পালে শিক্ষয়িত্ৰীৰ চাকৰি।যাৰ বাবে ৰংমনে বিন্দাছ ৰাইজৰ লগত থাকি কাম কৰি যোৱাৰ পালে সুবিধা।এনেদৰে সুখেৰে দিন বাগৰিল।কিন্ত হঠাৎ ৰংমনৰ জীৱনলৈ আহিল কাল অমানিশা।মৰমৰ পত্নীয়ে নিজৰ সুখৰ বাবে, অধিক সপোন দেখি একমাত্ৰ সন্তানটোক লৈ গুছি গ'ল নিজৰ কৰ্মস্থলীলৈ।জীৱনটো গঢ়ি দিয়া উৰিবলৈ শিকোৱা ,উচ্চ চিন্তাৰ সপোন দেখুওৱা মানুহটোক ,হাজাৰটা অভিযোগ দি এৰি গ'লগৈ‌।অৱশ্যে ৰংমনেও নিজকে একেবাৰে শুদ্ধ বুলি প্ৰতিষ্ঠা কৰিব নিবিচাৰে।কিয়নো মানুহ মাত্ৰেই ভুল-শুদ্ধ থাকিবই।মাথো ভুলৰ পৰা শুদ্ধ হোৱাটো বিচাৰে ৰংমনে।ৰংমনে বৰ কষ্ট পালে।খঙত নকৰিব লগা কামো কৰিব নোৱাৰে।সমাজৰ গধুৰ দায়িত্ব ৰংমনৰ ওপৰত।বুকুত বহুত বেদনা লৈ মৰমৰ মানহজনীক নিজ ঘৰলৈ আনিবলৈ কি যে নকৰিলে ৰংমনে।মানসিক চাপত বেজ,বেজালীৰো কাষ চাপিছিল ৰংমনে, মাথো মানুহজনী, ল'ৰাটো কাষলৈ অহাৰ বাবে। নহ'ল,একো লাভ নহ'ল।সেই দুখতে ৰংমনৰ বহু নহ'ব লগীয়া বেমাৰে আগুৰি ধৰিল।বুকুত অযুত বেদনা লৈ ৰংমনে কৰি গৈছে নিজৰ কৰণীয় কামবোৰ।সপোনবোৰ ভাঙি চুৰমাৰ হোৱাৰ পাছত সৰু কথাতে দুখ পোৱা ৰংমনৰ কি অৱস্থা হৈছে আপোনালোকে নিশ্চয় বুজিছে।ৰংমনৰ জীৱন যাত্ৰাৰ এনে ঘটনাৰ কথাবোৰে মোকো কন্দুৱাই গৈছে লিখি যাওঁতে।বহু ঘটনা লিখাই নাই।সময় পালে নিশ্চয় লিখিম ,ৰংমনৰ ল'ৰালি,পৰিয়ালৰ বাবে কৰা ত্যাগ,নিজে দুখত থাকিও আনৰ সুখত সুখী হোৱা......।যি কি নহওঁক, ৰংমন এতিয়াও আশাত বন্দী সেই সুখৰ দিন আহিব ওভতি। যি কি নহওক, ৰংমনৰ মনৰ কথা, বিয়াৰ কথা চমু অৱলোকন কৰিলো,কিন্তু ৰংমনৰ বিয়া কেতিয়া হ'ল আপোনালোকক জনোৱা নহলেই নহয়।তেতিয়াহ'লে ৰব,জনাই দিছো ৰংমনৰ বিয়া "২৫ ডিচেম্বৰ", খ্ৰীষ্ট মাষ্টৰ দিনটোত।এতিয়া সামৰিছো দেই ৰংমনে মোক ফোন কৰি আছে আজি তাৰ বোলে বিশেষ দিন।

(খ্ৰীষ্ট মাষ্টৰ দিনটোত কাল্পনিক অনুভৱৰ একলম,কাৰো জীৱনক লৈ লিখা নাই এই কলম)

             
✍️গৌতম অংকুৰ গগৈ,সাপেখাটী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)