প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত অভিভাৱক সকল কিমান সফল ?-সংযুক্তা দত্ত

©Admin
0
বৰ্তমান যুগ প্ৰযুক্তিবিদ্যা তথা প্ৰতিযোগিতাৰ যুগ। চাৰিওফালে কেৱল প্ৰতিযোগিতা। সেয়া পঢ়াতেই হওঁক , গানতেই হওঁক, লিখাতেই হওঁক , বা আন যিকোনো দিশতেই হওঁক। শিশুসকলক সৰুৱে পৰাই অভিভাৱক সকলে প্ৰতিযোগিতাৰ ক্ষেত্ৰখনলৈ ঠেলি দিয়ে। কিন্তু কিমান দূৰ সফল হয় ? মনত জেদ ভাৱ থাকিলেহে আচলতে প্ৰতিযোগিতাৰ সৃষ্টি হয়। আৰু কিবা এটাৰ শিকাৰ যদি হেঁপাহ থাকে তেতিয়া কিন্তু প্ৰতিযোগিতাৰ সৃষ্টি নহয়। প্ৰতিযোগিতা নাথাকিলে যেন একো সম্ভৱেই নহয়। প্ৰতিযোগিতাৰ ইতিবাচক আৰু নেতিবাচক দিশ আছে। প্ৰতিযোগিতা কৰিব পাৰিলে শিশু সফল আৰু প্ৰতিযোগিতা কৰিব নোৱাৰিলে শিশু বিফল বুলি ধৰা হয়। যিটো অভিভাৱক তথা সমাজৰ ভূল ধাৰণা। প্ৰতিযোগিতা কৰিব পৰাটো শিশু এটা কাৰণে ভাল কথা। কিন্তু প্ৰতিযোগিতাই কেৱল নিজৰ স্বাৰ্থপূৰণৰ দিশটোহে সূচায়। প্ৰতিযোগিতাই নিজকহে আগবঢ়াই নিয়ে। কিন্তু শিকাৰ প্ৰতি থকা আগ্ৰহে কেৱল নিজক নহয় আন দহ জনকো আগবঢ়াই নিয়ে। অভিভাৱক সকলে কেৱল প্ৰতিযোগিতাৰ ক্ষেত্ৰতহে আগবঢ়াটো বিচাৰে। শিশুটোৱে কি কৰি ভাল পায় বা কি কৰি বেয়া পায় সেইটো বিচাৰ নকৰে। কেৱল এটাই কথা মোৰ ছোৱালীজনী অমুকতকৈ বেছি ভাল । সেয়া ভালৰ লগত প্ৰতিযোগিতা কৰিলে আৰু তুলনাও কৰিলে। শইকীয়া ল'ৰাই বৰুৱা ল'ৰাতকৈ কম নম্বৰ পালে। সেয়া নম্বৰৰ লগত প্ৰতিযোগিতা কৰিলে। আচলতে ইয়াৰ পৰা কাৰ কি লাভ হয়। সন্তানৰ নে অভিভাৱকৰ? প্ৰতিযোগিতা কৰি জানো লাভ আছে। এনেকুৱা এটা সময় আহে য'ত সকলোবোৰ সমান হৈ পৰে। অপ্ৰিয় হ'লেও সত্য প্ৰতিযোগিতাই মানুহক সফল কৰিব নোৱাৰে। মনত অদ্যম সাহস আৰু শিকাৰ প্ৰতি থকা আগ্ৰহে হে মানুহক সফল কৰি তুলিব পাৰে। গতিকে এই ক্ষেত্ৰত দেখা যায় যে অভিভাৱক সকল প্ৰতিযোগিতাৰ ক্ষেত্ৰত যিমান সফল হ'ব লাগিছিল সিমান সফল হ'ব পৰা নাই। 

               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)