বড়ো জাতিৰ পিতৃ 'বডোফা' উপেন্দ্ৰ নাথ ব্ৰহ্ম -চিন্ময় ডেকা

©Admin
0
বড়ো জনগোষ্ঠীৰ পিতৃ স্বৰূপ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম হৈছিল ১৯৫৭ চনৰ ৩১,মাৰ্চ তাৰিখে কোকৰাঝাৰ জিলাৰ দতমাৰ ওচৰৰ বৰাগাড়ী গাঁৱত। তেখেত ছাত্ৰ জীৱনৰ পৰা ছাত্ৰ ৰাজনীতিৰ সৈতে ওত:প্রোতভাবে জড়িত হৈ ১৯৭৮ চনত গোৱালপাৰা জিলাৰ বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব মূৰ পাতি লৈ বড়ো জনগোষ্ঠীৰ হকে সবল নেতৃত্ব প্রদান কৰিছিল। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে মংলা ৰাম ব্ৰহ্ম আৰু লেফাচি ব্ৰহ্ম। ঘৰত মৰমতে তেওঁক 'থপেন' বুলি মাতিছিল। ৰাজ্যত (বি-টি-এ-ডি) বড়ো জাতিক  প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অবিৰত সংগ্ৰাম আৰু ত্যাগ কৰিছিল উপেন্দ্ৰ নাথ ব্ৰহ্মই। এই জনগোষ্ঠীটোৰ ৰাজনৈতিক, সামাজিক উন্নতিৰ হকে তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবেই সহ:শ্ৰদ্ধাৰে বড়ো সকলে তেওঁক 'বডোফা' বুলি অভিহিত কৰিছিল। যাৰ অৰ্থ হ'ল-বড়ো সকলৰ পিতৃ। ১৯৯০ চনৰ ১ মে'ত (৩৪) বছৰ বয়সত উপেন্দ্ৰ নাথ ব্ৰহ্ম দেৱৰ মৃত্যু হৈছিল। তাৰ পৰৱৰ্তী সময়ৰ ১৯৯০ চনৰ ৮ মে' তাৰিখে তেখেতক আনুষ্ঠানিকভাৱে "বডোফা"ৰ সন্মানেৰে জনমানসত বিভূষিত কৰিছিল। তেখেতে বড়ো জাতিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে অন্যায় আৰু অধিকাৰৰ ন্যায্য প্ৰাপ্তিৰ হকে ঐক্যবদ্ধ আন্দোলনত নেতৃত্ব প্রদান কৰিছিল। তেওঁ আছিল অসমৰ ভূমিপুত্ৰ বড়ো সকলৰ অধিকাৰ সংগ্ৰামৰ নতুন মাত্ৰা দিয়া এক সৱল নেতৃত্ব। যাক বঢ়াই নক'লেও হ'ব! সকলোৱে পৰ্যায়মানে জ্ঞাত। শেহতীয়াভাৱে উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৩১,মাৰ্চ তেখেতৰ জন্ম দিনটোত বড়ো জনগোষ্ঠীৰ পিতৃ স্বৰূপে 'বডোফা'ৰ প্ৰতি সন্মান জনাই 'ছাত্ৰ দিৱস' ৰূপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। উল্লেখনীয় যে, সদৌ 'বড়ো ছাত্ৰ সন্থাই' ৰাজ্য চৰকাৰৰ ঘোষণাৰ পূৰ্বেই, তেখেতৰ জন্মদিনতো ছাত্ৰ-ছাত্ৰী দিন হিচাপে বিগত সময়ছোৱাৰ পৰাই উদযাপন কৰি আহিছে। 

✍️চিন্ময় ডেকা, জলাহ টংলা ওদালগুৰি
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)