কেতিয়াও নিনাদিত নোহোৱা বহুমুখী প্ৰতিভাৰ সত্তা সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত -তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
"চিৰ চেনেহী মোৰ ভাষা জননী
(আই) ধন্যে পুণ্যে হৃদপাৱনী"
            ভাষা জননীৰ সুমধুৰ গীতটি ৰচনা কৰা সেইজন ব্যক্তি আছিল সাহিত্যচাৰ্য মিত্ৰদেৱ মহন্ত। তেখেতৰ নামটো মনলৈ আহিলেই চকুত ভাহি উঠে শুভ্ৰ ধুতি পাঞ্জাৱী পৰিধান কৰি মূৰত বগা পাগুৰি মৰা সৰু হাঁহি ভৰা মুখ। সেইখন মুখত বিৰিঙি আছিল এটা শান্ত, সৌম্য, গুৰু-গম্ভীৰ হাঁহি আৰু এজন ধৰ্মগুৰু সত্ৰাধিকাৰৰ ছবি। বহুমুখী প্ৰতিভাৰ অধিকাৰী সাহিত্যাচাৰ্য অধিকাৰ পুৰুষজনৰ গৌৰৱ গাঁথা অসমত বন্দিত। ভাষা জননীৰ প্ৰাণ প্ৰতিষ্ঠাতা 'অসম সাহিত্য সভা'ৰ আৰম্ভণিৰ গীতটো তেখেতে ৰচনা কৰা। অসমীয়াৰ হৃদয়ত তেখেত কেতিয়াও নিনাদিত নোহোৱা এটি নক্ষত্র হৈ আছে। 
             এই বৰেণ্য সাহিত্যিকজনক আমাৰ দেখাৰ সৌভাগ্য হোৱা নাই যদিও তেখেতৰ সৃষ্টিৰাজিৰ মৌ পান কৰিবলৈ পাইছোঁ। এইজনা মহান মনীষীয়ে অসমীয়া ভাষা সাহিত্যৰ গৌৰৱ বন্দনা কৰি কৈ গৈছে - "অসমীয়া আমাৰ মাতৃভাষা। …. সাহিত্যৰ নামত গৌৰৱ কঢ়িয়াবলৈ যি জাতিৰ সমল আছে, সেই জাতিৰ ভাগ্যৰবি কেতিয়াও মাৰ নাযায়।" আৰু কৈছিল - "নিজৰ ভাষাত উপযুক্ত শব্দ থাকোঁতে পৰৰ ভাষা ব্যৱহাৰ কৰাটো অমংগলীয়াই নহয়, সৰ্বনশীয়া ৰীতিও।" 
              অসমীয়া ভাষা আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰত তেতিয়াই তেখেতে দি যোৱা সকীয়নি আজিৰ দিনত 'খাইপিনে,যাইপিনে' ধৰণৰ শব্দ ব্যৱহাৰ কৰাৰ সময়ত অতি প্ৰাসংগিক হৈ পৰিছে। 
          সৰু হৈ থাকোঁতে কবিৰ নাম নজনাকৈ ডাঙৰৰপৰা শুনি শুনি মুখস্থ কৰিছিলোঁ -
" হলৌ উঠিল টকৌ গছত
   লগাই খদৌ মদৌ
জৌ জৌ কৈ সৰিল নিয়ৰ
    হ'ল জলৌ জপৌ।" সেইদৰে
"লাও পুলি লৰাই ৰুলোঁ, পাৰ চৰাই উৰি গ'ল, নাৰ বাত পাভ মাছ, বগাকৈ বগলী বহলাই বহিছে " আদি অনেক শিশু কবিতা। যিবোৰ আওৰাই থাকিলে শিশুৰ মুখৰ মাত স্পষ্ট হয়। সেইবাবে তেখেতে এই কবিতাবিলাকৰ নাম দিছিল 'জিভা কেঁকুৰি'। 
      যেতিয়া স্কুলত পঢ়িছিলো তেতিয়া মুখস্থ কৰিছিলোঁ অমিয়া মাধুৰী এটি 'কুলি' নামৰ কবিতা। এতিয়াও বসন্ত কালত কুলিৰ মাত শুনিলে মিত্ৰদেৱ মহন্তৰ সেই 'কুলি' কবিতাটোলৈ মনত পৰে। 
"অ' কুলি! অ' কুলি! কুউ-কুউ-কুউ বুলি 
আকৌ এবাৰ মাত
কুলি! আকৌ এবাৰ মাত,"
         অন্য পাহৰিলেও আগৰ অসমৰ ছাত্ৰ-ছাত্ৰীয়ে এইকেইটা কবিতা পাহৰিব নোৱাৰে। অসমীয়াৰ মাত থকালৈকে মিত্ৰদেৱ মহন্তৰ জিভা কেঁকুৰি শিশু কবিতা আৰু " চিৰ চেনেহী মোৰ ভাষা জননী" গীত জীয়াই থাকিব। 
          তেখেতৰ ৰচনাশৈলীত সৰল আৰু নিভাঁজ অসমীয়া কথিত ভাষাৰ প্ৰকাশ ঘটিছে। তেখেত এগৰাকী আদৰ্শ শিক্ষক, লেখক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, অভিনেতা, বাদ্য বিশাৰদ, মহাপুৰুষ শংকৰদেৱৰ প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতিৰ সাধক সত্ৰাধিকাৰ। পিতৃ-মাতৃৰ বৈষ্ণৱাদৰ্শই শৈশৱৰেপৰা তেখেতক প্ৰভাৱান্বিত কৰিছিল। সত্ৰীয়া পৰিৱেশত ৰীতি-নীতিৰ মাজেৰে জীৱন অতিবাহিত কৰা মিত্ৰদেৱ মহন্তদেৱে নাম প্ৰসংগ, নৃত্য, গীত, বাদ্য, অভিনয় আদি সত্ৰৰ ধৰ্মীয় সাংস্কৃতিক কামসমূহ সৰুৰেপৰা কৰি আহিছিল। সেই সূত্ৰে তেখেতৰ সাহিত্য ৰাজিৰ মাজত ইয়াৰ প্ৰভাৱ দেখা পোৱা যায়। 
           অসমীয়া ভাষাৰ কথিত ৰূপটো "ভা-কুট-কুট" গ্ৰন্থখনত অধিক ৰূপত ব্যৱহিত হৈছে। হাস্য ৰসেৰে ভৰা গ্ৰন্থখনত তেখেতৰ কৌতুক ধৰ্মী চৰিত্ৰটোৰ প্ৰকাশ ঘটিছে। তেখেত যে এজন ৰসিক লোক আছিল তেখেতৰ ৰচনাৰাজিৰ মাজত পোৱা যায়। তেখেতৰ কেইবাখনো নাটকত ধেমেলীয়া চৰিত্ৰৰ সমাবেশ ঘটিছে। তেখেতে কথা কওঁতে বৰ ৰসিকতাৰে ফকৰা-যোজনা মাৰি কথা কৈছিল বুলি শুনা যায়। 
            ১৮৯৪ খ্ৰীষ্টাব্দৰ ১৩ জুন তাৰিখে যোৰহাটৰ শ্ৰীশ্ৰী লেটুগ্ৰাম সত্ৰৰ নিৰঞ্জনদেৱ মহন্ত আৰু বগীতৰা দেৱীৰ মাজলৈ আহিছিল মিত্ৰদেৱ মহন্ত। স্কুলীয়া শিক্ষা সৰ্বাইবন্ধা হেজাৰী প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হয়। ইয়াৰ পাছত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰপৰা মেট্ৰিক পাছ কৰি কটন কলেজত পঢ়িবলৈ লয়। ঘৰুৱা অসুবিধাৰ বাবে বি.এ. সম্পূৰ্ণ নকৰাকৈয়ে ঘৰলৈ উভতি যায়। তেখেতে পঢ়া যোৰহাট চৰকাৰী উচ্চ বিদ্যালয়তে শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। পাছত ঢাকা বিশ্ববিদ্যালয়ত এৰ.টি. প্ৰশিক্ষণ লৈ যোৰহাট নৰ্মাল স্কুলৰ সহকাৰী অধীক্ষক পদলৈ উন্নীত হয়। এই পদত দহ বছৰ কাম কৰি গোলাঘাট বেজবৰুৱা চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষক পদত কৰ্মৰত হৈ দুবছৰমান থকাৰ পাছত গোলাঘাটৰ গুৰু ট্ৰেইনিং স্কুলৰ অধীক্ষক হয় আৰু তাৰপৰাই ১৯৫০ চনত চৰকাৰী কৰ্মৰপৰা অৱসৰ গ্ৰহণ কৰে। সেইবছৰেই সত্ৰাধিকাৰৰ নিৰ্মালি লৈ সত্ৰৰ গুৰু দায়িত্ব পালন কৰে। নাট-গীত ৰচনা কৰি অভিনয় কৰাই, নাম-প্ৰসঙ্গ কৰা, সত্ৰৰ সকলো পৰম্পৰা ৰক্ষা কৰাৰ উপৰিও ৰেকৰ্ডত গীত বাণীবদ্ধ কৰাইছিল। সত্ৰৰ নীতি নিয়ম পালন কৰি থকা এজন আধুনিক মনৰ গৰাকী হিচাপে আমি তেখেতৰ পৰিচয় লেখনীবোৰৰ মাজেৰে জানিব পাৰোঁ। 
"তাঁতশালৰ মাকোৰ দৰে 'সম্ভৱ-অসম্ভৱৰ' ভিতৰতে ইফাল-সিফাল কৰি থকাটো বীৰৰ কৰ্ম নহয়, তেজস্বীৰো লক্ষণ নহয়, অমৰ্ক। যদি মানুহ হ'ব খুজিছ - অসম্ভৱক পিঠিফালে থৈ সম্ভৱৰ সন্মুখ হ।" (বলিছলন)
" - অমতা কি হেঁ ?
– তাকো  নেজানে। বুইছা মানুহ তিনিবিধ। মতা, অমতা, আৰু কেঁচুমটা।
—-- বুইছা মতা মতাই, অমতা হ'ল মাইকী মানুহ আৰু কেঁচুমটা হ'ল পুৰুষৰ ভিতৰত সাহ-পিত নাইকিয়াবোৰ।" 
       এনেকৈ নাটৰ মাজত হাস্যৰসৰ সৃষ্টি কৰিছিল। কেইবাখনো নাটক বৈষ্ণৱ ধৰ্ম গ্ৰন্থৰ পৌৰাণিক কাহিনী লৈ লিখা আৰু প্ৰতিখনতে দৰ্শকে আনন্দ লাভ কৰিব পৰাকৈ কথিত ভাষাৰে হাস্য-ব্যঙ্গ সৃষ্টি কৰিছে। যদিও পৌৰাণিক নাটকত হাস্য-ব্যঙ্গ তেলপানীৰ দৰে তথাপি সেইসময়ৰ গাঁৱৰ দৰ্শকে আনন্দৰে উপভোগ কৰি নাটসমূহ সমাদৰ কৰি লৈছিল। ১৯৬১ চনত তেখেতে অভিনয়ৰ বাবে ভাৰতৰ "সংগীত নাটক অকাডেমী বঁটা" লাভ কৰিছিল। এই বঁটা ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদ দেৱে প্ৰদান কৰিছিল। 
         আমাৰ সমাজত অঞ্চল ভেদে ৰীতি- নীতি বেলেগ বেলেগ। এনেকৈ বিভিন্ন অঞ্চলৰ মানুহ বিয়া বাৰু, মৃতকৰ সকাম, অশৌচ বিধি আদিত ভাগ লৈ বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিয়া দেখা যায়। কোনো এটা অঞ্চলৰ লিখিত নীতি-নিয়ম নায়। এইবোৰ কাৰণতেই বছৰ বছৰ মিলাপ্ৰীতিৰে বাস কৰি অহা সমাজ এখনত ভেদ ভাবৰ জন্ম হৈ খেল, একে বংশ পৰিয়াল আৰু গঞাৰ মাজত বাক-বিতণ্ডা, ঈৰ্ষা-অসুয়াৰ আৰম্ভ হয়। সেইবাবে প্ৰতিটো বংশৰ একোখন লিখিত নিয়ম বিধি থাকিব লাগে। মিত্ৰদেৱ মহন্তই সেই সময়ৰ সমাজ ব্যৱস্থালৈ চাই কিছুমান নীতি-নিয়ম যিবোৰ তেখেতসকলে বিধান কৰে "সৰ্বজনীন অশৌচ-বিধি"ত লিপিবদ্ধ কৰি গৈছে। কাৰণ শ্ৰুতি-স্মৃতি, বেদ-পুৰাণ কোনোখনৰে মত একে নহয়। এনেবোৰ কথাৰ আঁত বিচাৰি আমাৰ সমাজত যি খেল-মেল হৈ বিভেদ সৃষ্টি হয় সেইবোৰ নোহোৱা কৰিবলৈ প্ৰতিটো বংশৰে নিজাকৈ নীতি-বিধি লিখিত ৰূপত লিখিবলৈ বিভিন্ন সমাজকৰ্মীসকলে গুৰুত্ব দিব লাগে। যাতে এনেবোৰ কাৰণত সমাজলৈ বিভেদ নাহে আৰু নৱপ্ৰজন্মই ৰীতি-নীতিসমূহ পঢ়ি শিকি ল'ব পাৰে। তেতিয়াহে সমাজৰ ভিতৰভাগ সুস্থ সবল হ'ব বুলি মোৰ বিশ্বাস। নহ'লে প্ৰতিটো অনুষ্ঠানৰ সময়ত গৃহস্থিঘৰ বিপাঙত পৰে। মানুহ গোট খালেই ইটোৱে এটা, সিটোৱে এটা নিয়ম উলিয়াই থাকে। যিখিনি লোক-বিশ্বাস, লোক-সংস্কাৰ সমাজত চলি আছে তাত মানুহৰ ছয় ৰিপুৱে নিয়ন্ত্ৰণ কৰিব খোজে। ইয়াতেই মানুহৰ দোষ আৰু অপৰাধ হয়। এই কথাবিলাক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই তেতিয়াই বুজি পাইছিল আৰু বেজবৰুৱাদেৱৰ ৰীতিৰেই হাস্য-ব্যঙ্গ ৰচনাৰ মাধ্যমেৰে সমাজৰ এই কথাবিলাক লিখিছিল। যি নীতিয়ে মানুহক বিপৰ্য্যস্ত কৰে তেনে নীতি শিথিল কৰা ধৰ্মীয় মতৰ ব্যৱস্থা থাকিব লাগিব। নহ'লে ধৰ্মই ধৰি থকা সংজ্ঞা অসাৰ প্ৰতিপন্ন হ'ব। সেইফালৰপৰা তেখেত সত্ৰৰ নীতি নিয়মত থাকিও এগৰাকী সংস্কাৰী মনৰ গৰাকী আছিল বুলি ক'ব পাৰোঁ। 
           এইজনা সত্ৰাধিকাৰ সাহিত্য সংস্কৃতিৰ সাধক, শিল্পী সৃষ্টিশীল লেখকে ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈ অধিবেশনত সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰে। তেখেতে অসমীয়া সাহিত্যৰ গীত, কবিতা, শিশু সাহিত্য, গল্প, ধেমেলীয়া নাটক আৰু পৌৰাণিক কাহিনীৰ নাটক ৰচনা কৰিছিল। তেখেতৰ গীত, কবিতা, নাটক আদিত তেখেতৰ হাঁহি মুখখনৰ দৰেই একোটি ৰস সৃষ্টি আৰু আধ্যাত্মিক ভাব প্ৰকাশ কৰি গৈছে। অসমীয়া সাহিত্যলৈ তেখেতৰ অতুলনীয় বৰঙনিৰ বাবেই অসম সাহিত্য সভাই তেখেতক ১৯৮২ চনত "সাহিত্যাচাৰ্য" উপাধি প্ৰদান কৰে। এইজনা নমস্য সাহিত্যিকে ১৯৮৩ চনৰ ২৬ মাৰ্চৰ আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰে। 
                
 
        ✍️তিলোত্তমা মহন্ত গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)