লাজ কেতিয়া
ক'ত কেনেকৈ লাগে জানেনে বাৰু?
এই লাজ শব্দ দুটাৰ
অৰ্থ কি হয় বাৰু
কোনে জানে!
মই সকলোকে শুধিছোঁ
আপোনালোকৰ লাজ লাগে নে?
আপোনালোকৰ লাজ আছে নে?
মোৰ কিন্তু লাজ লাগে
আপোনালোকৰ লাগে নে
নালাগে মই নাজানোঁ!
মোৰ লাজ কেতিয়া লাগে
জানে নে?
হয়তো নাজানে জানিবনো
কেনেকৈ মইতো মোৰ
লাজৰ কথা কাহানিও
কোৱা নাই আপোনসৱক।
তেন্তে শুনক আজি
মোৰ লাজৰ কাহিনী
মোৰ লাজ লাগে
হয় আপুনি ঠিক শুনিছে
মোৰ লাজ লাগে যেতিয়া
এজন যুৱক বা পুৰুষে নিচাৰ
ৰাগীত মাতাল হৈ মাতৃ-পিতৃ, পত্নীৰ ওপৰত দোভাগ ৰাতি চলায় অকথ্য নিৰ্যাতন।
মোৰ লাজ লাগে তেতিয়া
যেতিয়াই বিদগ্ধ পণ্ডিত হৈও
মূৰ্খৰ দৰে কৰে ব্যৱস্থাৰ।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া খোৱা - কামোৰা
দবৰা-দবৰিৰে চলে একোখন
উচ্চ শিক্ষাৰে শিক্ষিত বুলি
বুকু ফিন্দাই কৈ থকা সমাজ ।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া চলাহী কথাৰে নিজস্ব
স্বাৰ্থ পূৰণৰ বাবে মানৱীয়
মমতাকো নিজ ভৰিৰে মোহাৰি থয়।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া শাসকে শোষকৰ ৰূপে
সোহি সোহি খায় সৰ্বজনৰ তেজ
লাগিলে সি দুখীয়াই নহওঁক কিয়
মাথোঁ ৰাজগাডীৰখন থাকিব লাগে জিলিকি।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া বন্ধুত্বৰ ভাও যুৰী
বিপদত দিয়ে গা এৰা।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া নিজৰ দোষবোৰ
ঢাকি আনৰ দোষ খুচৰি
বাঃ বাঃ লৈ ফুৰে সকলোৰে পৰা।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া চকু মুদা কুলি হৈ
চাই থাকে দেশ, সমাজ,ৰাজ্যত
কলংকৰ ৰঘুমলাই চানি ধৰা।
আৰু লাজ লাগে মোৰ
মাত মাতিলেই টেটু চেপা দি
জেলত ভৰোৱাৰ ভয়ত
বোৱাৰ হৈ কৰা নাটকখনৰ আখৰা।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া ক্ষুধাৰ তাৰণাত
চটফটাই ফুৰা লোকসকলক
দেখিও আভিজাত্য সকলে কৰা
ভেঙুচালি।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া দুমুখীয়া চৰিত্ৰৰে
বিজ্ঞ জনে উচ্চ ভাষণ দি
নিজকে সজাই ধোঁৱা তুলসীৰ পাত।
মোৰ লাজ লাগে তেতিয়া
যেতিয়া এটা প্ৰজন্ম শুদ্ধ পথৰে
নিয়াৰ সলনি তাক গছত উঠাই
পিছত আগুৱাই যাব ধৰোঁতেই
গুৰিতে ঘপিয়াই কাটি যাত্ৰা
ৰুদ্ধ কৰা দৃশ্য দেখি।
এইবোৰ লাজ সকলোৰে
লাগে নে বাৰু?
যদি লাগে সঁচাকৈয়ে
তেনে হ'লে কিয় বাৰু এই
বিকৃত মুখাবোৰ খুলি পিন্ধি
নোলোৱা একো একোখন মমতাময়ী
তেজৰে ধোৱা মুখা য'ত থাকিব মাথোঁ
এধানি মৰম ,ভাতৃত্ববোধ,দেশপ্ৰেমৰ নিৰ্মল
উদিত সুৰুজৰ দৰে জকমকীয়া আভা
যি সদায় উজ্বলি থাকিব প্ৰতিজন
মানৱৰ হৃদয়ৰ মণিকোঠাত।
✍️দুলাল বৰা
বিশ্বনাথ চাৰিআলি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ