বিহুৰ বতৰা-লহৰজ্যোতি মৰাণ

©Admin
0
আনিছে ব'হাগে
বিহুৰে বতৰা, 
প্ৰেমৰ সুৰৰ 
ৰাগিণী মাতত!

তুমি নাচনী 
সাজো হৈয়ে থাকিবা, 
যাম এইবাৰ
বিহুৰ বতৰত! 

দিবাহি নাচনী
পিঠা-পনাৰে , 
খাম মই নাচনী
অতি হেঁপাহৰে! 

ঢোলটি কান্ধত আঁৰি
 গীত জুৰিম নাচনী, 
আহিবা হাতে মেলি মেলি
নাচিবা ককাল ভাঙি ভাঙি! 

খোপাত গুজি দিম
কপৌ লাহি-পাহী, 
দূগুণে বাঢ়িব 
আমাৰ প্ৰেম-প্ৰীতি। 

✍️লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)